Rupaliparda.com
প্ৰথমখন অসমীয়া 3D পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আহি আছে "সতী সাধনী"- 1

প্ৰথমখন অসমীয়া 3D পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আহি আছে “সতী সাধনী”-

অসমত নিৰ্মাণ হ’বলৈ সাজু হৈছে প্ৰথমখন 3D পূৰ্ণদৈৰ্ঘ্যৰ ছবি “সতী সাধনী”। ইতিমধ্যে ছবিখনক লৈ চৰ্চা আৰম্ভ হৈছে সৰ্বত্ৰে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসমীয়া পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মাণৰ বাবে সাজু হৈছে অসমীয়া ছবি “সতী সাধনী”। গুৱাহাটীৰ বীৰাংগনা সতী সাধনী ভৱনত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আয়োজন কৰা এক সংবাদমেল যোগে এই কথা স্পষ্ট কৰাৰ লগতে জনসাধাৰণক জানিবলৈ দিয়ে ছবিখনৰ বিষয়ে কিছু কথা। চলিত বৰ্ষৰ উল্লেখনীয় প্ৰকল্প সমূহৰ ভিতৰত উক্ত প্ৰকল্পটোৱে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ হৃদয়তো এক উৎসাহৰ সৃষ্টি কৰাত সফল হৈছে। চুতীয়া সকলৰ ৰাজত্ব কালৰ সমূহ ইতিহাস সামৰি মহীয়সী বীৰাংগনা সতী সাধনীৰ জীৱন গাঁথাৰে এখন ব্যয়বহুল অসমীয়া ছবি নিৰ্মাণৰ বাবে সাজু হৈছে বিশ্বজিৎ বৰা। প্ৰায় ৮ ৰ পৰা ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা হ’ব এই ছবিখন। “কন্টেন্ট অৰিয়েন্টেড” মানসিকতাৰে নিজ প্ৰত্যেকখন ছবিৰেই দৰ্শক টানিবলৈ সক্ষম হোৱা পৰিচালক বিশ্বজিৎ বৰাৰ আহিবলগীয়া এই ছবিখনত পাণ্ডুলিপিও লিখিব হলীউড ছবিৰ সৈতে জড়িত শিল্পীয়ে। অসমীয়া আৰু হিন্দী এই দুই ভাষাত নিৰ্মাণ হ’বলগীয়া এই ছবিখন সৰ্বভাৰতীয় পৰ্যায়তো প্ৰতিজন দৰ্শকৰ মাজলৈ লৈ যোৱাৰ আশা প্ৰকাশ কৰে পৰিচালকগৰাকীয়ে।

প্ৰথমখন অসমীয়া 3D পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আহি আছে "সতী সাধনী"- 2


জানিব পৰা মতে, ছবিখনত তিনিটা পৰ্যায়ত যুদ্ধৰ দৃশ্যাংশ থাকিব; গতিকে এনে যুদ্ধসমূহৰ বাবে এক উচ্চ পৰ্যায়ৰ দৃশ্যগ্ৰহণ তথা কাৰিকৰী দিশটোৰ ফালৰ পৰা জনসাধাৰণক এক সুন্দৰ সোঁৱাদ প্ৰদানৰ স্বাৰ্থত এই চিকুৱেল সমূহৰ বাবে হিন্দী তথা ইংৰাজী ছবিজগতৰ প্ৰতিভাসম্পন্ন টেকনিচিয়ান সকলক মতাই অনা হ’ব এই অসমীয়া ছবি খনৰ বাবে। আনহাতে, আন এক উল্লেখনীয় কথা এয়াও যে এই ছবিখনত মূখ্য চৰিত্ৰ অৰ্থাৎ সাধনীৰ চৰিত্ৰ ৰূপায়ন কৰিব দক্ষিণ কোৰিয়াৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে। সদৌ অসম চুতীয়া জাতি সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই জনাই যে এই ব্যয়বহুল ছবি খন নিৰ্মাণ হব সদৌ অসম চুতীয়া ছাত্র সন্থা,সদৌ চুতীয়া জাতি সন্মিলন,অসম,চুতীয়া যুৱ সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন,অসম ৰ যুটীয়া প্রচেষ্টা ত।বীৰাংগনা সাধনী লৈ অসমীয়া আৰু হিন্দীত নিৰ্মাণ হ’বলগীয়া এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যে সফলতাত টোকৰ মাৰিব সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। পৰিচালক বিশ্বজিৎ বৰাই ছবিখন নিৰ্মাণৰ দ্বাৰা জনসাধাৰণক কাহিনীৰ দিশটোৰ পৰা আৰম্ভ কৰি এখন ছবিৰ কাৰিকৰী দিশটোলৈ প্ৰতিটো বিষয়তে এক যথোপযুক্ত সোঁৱাদ দিবলৈ চেষ্টা কৰিব বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে।

প্ৰথমখন অসমীয়া 3D পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আহি আছে "সতী সাধনী"- 3

সম্প্ৰতি সময়ৰ আটাইতকৈ ব্যস্ত পৰিচালকৰ ভিতৰত এজন হৈছে বিশ্বজিৎ বৰা। তেওঁৰ প্ৰকল্প সমূহে বৰ্তমান চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। “লখিমী”, “বেলকনিত ভগৱান” , “বোম্বা ৰাইড” আদি তেওঁৰ দ্বাৰা নিৰ্মিত কেইবাখনো ছবি ইতিমধ্যে মুক্তিৰ দুৱাৰডলিত। উল্লেখযোগ্য যে ‘বেলকণিত ভগৱান’ কথা ছবিৰ আন্তৰ্জাতিক উন্মোচন হব অহা ৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত ‘ ২৬তম কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ’ ৰ যোগেদি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform