Rupaliparda.com
ব'ডি ট্ৰান্সফ'ৰমেছন ৰাজকুমাৰ ৰাওঁৰ; সম্পূৰ্ণ ফিট এইজন অভিনেতাঃ 1

ব’ডি ট্ৰান্সফ’ৰমেছন ৰাজকুমাৰ ৰাওঁৰ; সম্পূৰ্ণ ফিট এইজন অভিনেতাঃ

ৰাজকুমাৰ ৰাওঁ বলীউড ক্ষেত্ৰখনৰ এনে এজন অভিনেতা; যিয়ে চৰিত্ৰটো পুংখানুপুংখ ৰূপায়নৰ বাবে কষ্ট কৰা দেখিবলৈ পোৱা যায়; চৰিত্ৰ সমূহৰ ভিতৰলৈ সোমাই তাক বাস্তৱ ৰূপত অনুৰাগীৰ মাজত প্ৰতিফলিত কৰাত ৰাজকুমাৰ ৰাওঁৰ দক্ষতাও অত্যাধিক; সেই অনুপাতে ৰাজকুমাৰ ৰাওঁৰ সম্প্ৰতি সময়ছোৱাত অনুৰাগীৰ সংখ্যাও দীঘলীয়া। শেহতীয়াকৈ অভিনেতা গৰাকীয়ে এখন ফটো চচিয়েল মিডিয়াত আপলোড কৰে য’ত ৰাজকুমাৰৰ দৈহিক পৰিৰ্ৱতন হোৱা দেখিবলৈ পোৱা যায়; অৰ্থাৎ তেওঁ ব’ডিৰ সাংঘাতিক ট্ৰান্সফ’ৰমেছন দেখিবলৈ পাই বৰ্তমান উৎসাহিত হৈ পৰিছে অনুৰাগী। অভিনেতা গৰাকীৰ এই ব’ডি ট্ৰান্সফ’ৰমেছনত তেওঁৰ কষ্ট ফুটি উঠা দেখিবলৈ পোৱা গৈছে। ৰাজকুমাৰ ৰাওঁৰ এনে প্ৰস্তুতি চলিছে তেওঁৰ আহিবলগীয়া ছবি “বধাই দো” ৰ বাবে। উল্লেখ্য যে, উক্ত ছবিখন ২০১৮ চনত মুক্তিপ্ৰাপ্ত “বধাই হো” ৰ চিকুৱেল ছবি; য’ত ৰাজকুমাৰ ৰাওঁৰ সৈতে অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিব ভূমি পেডনেকৰে।

ব'ডি ট্ৰান্সফ'ৰমেছন ৰাজকুমাৰ ৰাওঁৰ; সম্পূৰ্ণ ফিট এইজন অভিনেতাঃ 2


“বধাই হো” ৰ বহুল জনপ্ৰিয়তাৰ পিছত “বধাই দো’ তো ভৰপূৰ মনোৰঞ্জন লাভ কৰিব দৰ্শকে। শেহতীয়াকৈ ডিজিটেল প্লেটফৰ্মত মুক্তি লাভ কৰা দুখনকৈ ছবি ক্ৰমে “লুডু”, “ছলাংগ” ত ৰাজকুমাৰে ৰূপায়ন কৰা দুটা ভিন্ন চৰিত্ৰই তেওঁৰ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি তুলিছিল। অভিনেতাৰ ক্ষেত্ৰত থকা একঘেয়ামী সংজ্ঞা সলনি কৰাত আয়ূসমান খুৰানাৰ দৰেই ৰাজকুমাৰ ৰাওঁৰ অংশগ্ৰহণো মনকৰিবলগীয়া।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.