অসমীয়া সংগীত ক্ষেত্ৰখন এনেইটো চহকী বুলি কোৱা নহয়; ইয়াৰ আঁৰতো আচলতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনে ঠন ধৰি উঠিছে; য’ত পূৰণি দিনৰ সংগীতশিল্পী সমূহকে আৰম্ভ কৰি নৱপ্ৰজন্মইও নিজ চেষ্টা অব্যাহত ৰাখিছে। একোজন দক্ষ সংগীতশিল্পী আৰু নৱপ্ৰজন্মৰ মাজত একাংশ এনেও উঠি অহা প্ৰজন্ম আছে যিয়ে সৰুতেই সংগীত ক্ষেত্ৰখনক লৈ নিজৰ চৰ্চা আৰু আখৰা অব্যাহত ৰাখিছে। এনে বহু কণমানি প্ৰতিভাশালী ল’ৰা-ছোৱালীৰ গীত আমি শুনিছো; এইসমূহে শ্ৰোতা-দৰ্শকক আচলতে আপ্লুত নকৰাকৈও থকা নাই।ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষ সাক্ষাৎকাৰতো আমি আজি কথা পাতিম এনে এগৰাকী কণমানি কন্ঠশিল্পীৰ সৈতে; যিয়ে গীতেৰে চচিয়েল মিডিয়াত খলকনি লগোৱাৰ পিছতেই নিজ কন্ঠৰে এটি সুন্দৰ গীত মুকলি কৰি দিয়াৰ বাবেও সাজু হৈছে। এই কণমানি কন্ঠশিল্পী গৰাকীৰ নাম হৈছে অদ্বিতি তাচা; ৮ বছৰ বয়সতে সংগীতক লৈ থকা অদ্বিতিৰ মৰমে কণমানি গৰাকীক জনসাধাৰণৰ ওচৰত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। আহিবলগীয়া সময়ত “জিক-মিক” শীৰ্ষক এটি গীতৰ জৰিয়তে বহুল সংখ্যাত শ্ৰোতা-দৰ্শকে শুনিবলৈ পাব কণমানি গৰাকীক। আমি আজি কি কথা পাতিম এইগৰাকী কণমানিৰ সৈতে; চাওঁচোন আহকঃ

প্ৰশ্নঃ ইমান কম বয়সতে এটা সুন্দৰ গীত মুক্তি; গীত শিকিবলৈ আৰম্ভ কেতিয়াৰ পৰা কৰিছিলা?
অদ্বিতি তাচাঃ মই ৪ বছৰ বয়সৰ পৰাই আচলতে গীত শিকিবলৈ চেষ্টা কৰিছিলো। সৰুতে আমাৰ ঘৰতে থকা কৰবী চহৰীয়া বাইদেউয়ে কিছুমান গীত গাই মোক নিচুঁকাবলৈ অথবা টোপনি নিয়াবলৈ চেষ্টা কৰিছিল; তেতিয়াৰ পৰাই আচলতে মই তেওঁৰ পৰা গীত সমূহ শিকি গাবলৈ চেষ্টা কৰিছিলো। তেনেকৈয়ে মই কিছুমান গীত শিকিলো আৰু পিছলৈ ৬ বছৰ বয়সত আনুষ্ঠানিকভাৱে মই স্বৰূপা নাথ বাইদেউৰ তাত শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰিছিলো। বিগত বৰ্ষত ভাতখাণ্ডেৰ পৰা অনুষ্ঠিত প্ৰথমা পৰীক্ষাত মই উত্তীৰ্ণ হওঁ। আনহাতে, মই ভাস্বতী ভাৰতী বাইদেউৰ ওচৰতো সংগীতৰ শিক্ষা লওঁ যদিও ক’ৰোণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউনে” এই শিক্ষাত মোক কিছু অসুবিধা দিলে। আৰু, তেনেকৈয়ে বৰ্তমানলৈ মই মোৰ সংগীতৰ শিক্ষা অব্যাহত ৰাখিছো। বৰ্তমান প্ৰশান্ত ৰাজখোৱা ছাৰে মোক সংগীতৰ শিক্ষা প্ৰদান কৰি আছে।

প্ৰশ্নঃ তোমাৰ “জিক মিক” গীতটোৰ বিষয়ে অকণমান জনোৱা চোন। তুমি কেনেদৰে আৰম্ভ কৰিছিলা? গীতটিক লৈ তুমি কি ভাবা?
অদ্বিতি তাচাঃ “জিক-মিক” গীতটিৰ কথা ক’বলৈ গ’লে ক’ব লাগিব যে, মোৰ দেউতা অনন্ত তাচা আৰু তেওঁৰ সহপাঠী শ্ৰী আবিৰ চৌধুৰীৰ এইটো এটা বৰ আৱেগিক প্ৰকল্প। গীতটিৰ কথা মোৰ দেউতাৰ আৰু গীতটিক নিজ সুৰেৰে সুন্দৰকৈ সজাইছে আবিৰ চৌধুৰী খুৰাই; তেওঁ এগৰাকী সুদক্ষ কন্ঠশিল্পী লগতে সুৰকাৰ। এই গীতটিক তেওঁলোকে মোক মনত লৈয়ে প্ৰস্তুত কৰি উলিয়াইছে; যাতে গীতটি মই আমাৰ ৰাইজৰ ওচৰত সুন্দৰকৈ উপস্থাপন কৰিব পাৰো। আনহাতে, গীতটিক প্ৰাণ দিলে পল্লৱ তালুকদাৰ খুৰাই; তেওঁ গীতটিৰ সংগীত ৰচনা কৰাৰ লগতে ট্ৰেকটো প্ৰস্তুত কৰি উলিয়াইছিল। লক্ষীনন্দন খুৰাই খুব সুন্দৰ বাঁহী বজাইছে ইয়াত; গীতটি নাজানো মই কিমান ভালকৈ আপোনালোকৰ মাজলৈ নিব পাৰিম কিন্তু এয়া মোৰ প্ৰথম চেষ্টাহে মাত্ৰ। মই আগলৈও আৰু বেছি শিকি যাম আৰু আপোনালোকক নতুন নতুন গীতৰ উপহাৰ দি যাম। “জিক- মিক” গীতটিত হয়টো কিছুমান ঠাইত মোৰ কিছু ভুল হৈছে, কিন্তু এই ভুলবোৰক ক্ষমা কৰি যাতে আপোনালোকে মোৰ গীতটো আদৰি লয় মই তাৰেই আশা ৰাখিছো। মোৰ জীৱনৰ এইটো প্ৰথম গীত, যাৰ মিউজিক ভিডিঅ’ তৈয়াৰ কৰি উলিওৱা হৈছে। মোৰ এই সপোনৰ গীতটিত প্ৰাঞ্জল গৈয়াৰী খুৰাই সুন্দৰকৈ ভিডিঅ’ পৰিচালনা কৰিছে। দৃশ্যগ্ৰহণ কৰিছে তিৰাপ সীমান্ত মেধি খুৰাই; গতিকে মই আশাবাদী যাতে মোৰ এই গীতটিক আকোঁৱালি লয় মোক আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগায় সকলোৱে।

প্ৰশ্নঃ আহিবলগীয়া সময়ৰ প্ৰকল্প বোৰৰ কথা জনোৱা চোন।
অদ্বিতি তাচাঃ আহিবলগীয়া সময়ত মানে মোৰ কন্ঠৰে “মৰমৰ মইনা” শীৰ্ষক এটি নতুন গীতত মই কন্ঠদান কৰিছো। “ৰুদ্ৰম প্ৰডাকচন” ৰ বেনাৰত মনু গগৈ খুৰাই গীতটিৰ প্ৰযোজনা কৰিছে আৰু উৎপল ৰাজ খুৰাই গীতটিত কথা দিয়াৰ উপৰিও মোৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে। “লক-ডাউন” ৰ সময়ত মই কেইবাটাও পেজত ফেচবুক লাইভ কৰিছিলো; আৰু “কাঞ্চন” নামে পেজ এটাত মই কৰা লাইভৰ পৰাই আচলতে তেওঁলোকে মোক এই গীতটিত কন্ঠদান কৰাৰ সুবিধা প্ৰদান কৰিছিল। এইটো এটা বিহুসুৰীয়া গীত, লগতে মই মেলডি’ গীত গাবলৈ ভাল পাওঁ। আগলৈ যেতিয়া শিকি গৈ থাকিম তেতিয়া মই ক্লাচিকেল গীত সমূহ গাবলৈও চেষ্টা কৰিম।

প্ৰশ্নঃ অসমীয়া সংগীত ক্ষেত্ৰৰ কোন গৰাকী গায়ক/গায়িকাৰ সৈতে মোৰ গান গোৱাৰ ইচ্ছা?
অদ্বিতি তাচাঃ অসমীয়া সংগীত ক্ষেত্ৰৰ জুবিন গাৰ্গ ছাৰক ভাল পাওঁ; তেখেতক এবাৰ মই লগ কৰিছো আৰু আমি একেলগে ফটোও উঠিছিলো। এয়া মোৰ সপোন; ইয়াৰ লগতে মই দীপলিনা বাইদেউকো ভাল পাওঁ। তেওঁৰ সৈতেও মোৰ কন্ঠদান কৰাৰ ইচ্ছা আছে।

ৰূপালীপৰ্দাঃ ধন্যবাদ কণমানি অদ্বিতি। তোমাৰ প্ৰত্যেকটো সপোন সফল হোৱাৰ কামনাৰে…
অদ্বিতি তাচাঃ ধন্যবাদ।
Add comment