Rupaliparda.com
মুক্তিৰ পূৰ্বেই বিশ্বজিৎ বৰাৰ সফল "বেলকনিত ভগৱান" 1

মুক্তিৰ পূৰ্বেই বিশ্বজিৎ বৰাৰ সফল “বেলকনিত ভগৱান”

এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি; মুক্তিৰ পূৰ্বেই ছবিখনৰ সফলতাই উৎসাহিত কৰিছে অসমীয়া দৰ্শকক। সংগোপনে সম্পন্ন কৰা হৈছিল এই ছবিখনৰ দৃশ্যগ্ৰহণ; এই ছবিখন হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অসমৰ জনপ্ৰিয় পৰিচালক বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত “বেলকনিত ভগৱান (God On The Balcony)”। এই ছবিখনে ভাৰতৰ এটা অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচিত্ৰ মহোৎসৱ 25th International Film Festival Of Kerala ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। কেইবাখনো ভাৰতীয়া ছবি ক্ৰমে The Disciple, Milestone/ Meel Patthar, Laila Aur Satt Geet আৰু Where is Pinki? আদিৰ সৈতে বিশ্বজিৎ বৰাৰ উক্ত ছবিখনে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ ২৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনত দেশ-বিদেশৰ ২০০ খনৰো অধিক ছবিৰ প্ৰদৰ্শন হ’ব আৰু তাৰ মাজতেই “বেলকনিত ভগৱান” প্ৰদৰ্শন কৰা হ’ব ৪ বাৰকৈ। কেইবাখনো ছবিৰ প্ৰকল্প হাতত লোৱা বিশ্বজিৎ বৰাৰ এই ছবিখনো হৈছে বহু প্ৰত্যাশিত ছবিৰ মাজৰ এখন। ছবিখনৰ ক্ষেত্ৰত আন এক উল্লেখনীয় কথা এয়াও যে বহু দিনৰ বিৰতিৰ পিছত মাইনা প্ৰডাকচনৰ বেনাৰত উক্ত ছবিখন নিৰ্মাণ কৰা হৈছে। এইখিনিতে আন এক কথা জনাবলৈ পাই সুখী যে, “২৬ তম কলকতা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱৰ ভাৰতীয় চিনেমাৰ শাখাত, ১৯ তম ঢাকা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ ২০২১, আৰু “অল্টাৰ্নেতিভ ফিল্ম ফেষ্টিভেল ২০২০” ত শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ ড্ৰামা ফিল্ম আৰু শ্ৰেষ্ঠ কাহিনী আৰু চিত্ৰনাট্যৰ শাখাত মনোনয়ন আৰু নিৰ্বাচিত হৈ অহা “বেলকনিত ভগৱান” য়ে কঢ়িয়াইছে আশাৰ বতৰা। “জেতুকা পাতৰ দৰে” এখন ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবিৰ প্ৰযোজক নুৰুল চুলতানে প্ৰযোজনা কৰিছে “বেলকনিত ভগৱান।”

মুক্তিৰ পূৰ্বেই বিশ্বজিৎ বৰাৰ সফল "বেলকনিত ভগৱান" 2


এজন দক্ষ প্ৰযোজক ৰূপে চিনাকী লাভ কৰা নুৰুল চুলতানে এই ছবিখনৰ জৰিয়তেও যে দৰ্শকক আমোদ প্ৰদান কৰিব সেয়া নিশ্চিত। আনহাতে, এগৰাকী সফল পৰিচালক ৰূপে পৰিগণিত বিশ্বজিত বৰাৰ প্ৰায় প্ৰতিখন ছবিকেই আকোঁৱালি লৈছে অসমীয়া দৰ্শকে। বাণিজ্যিক ছবিৰ ওপৰত নিৰ্ভৰশীল নহৈ তেওঁ “mass audiece” আৰু “intellectual audience” ৰ দৰে এই দুই শ্ৰেণীক ধৰি ৰখা প্ৰচেষ্টা বিশ্বজিৎ বৰাই কৰা দেখিবলৈ পোৱা যায়। তেওঁৰ পৰিচালনাৰে আহিবলগীয়া ছবিখনৰ শ্বুটিং প্ৰায় ৫০০ জন জনসাধাৰণৰ সমুখত কৰা হৈছিল যদিও তাত কোনো লোকক মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু, হঠাতে এদিন ছবিখনৰ শ্বুটিং সময়ৰ কিছু ফটো বাহিৰ অহাত ছবিখনৰ বিষয়ে জানিবলৈ পাইছিল অসমীয়া দৰ্শকে। ইয়াত মূখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্নাই। লগতে ইয়াত আন দুটা চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰিও শুনিবলৈ পোৱা মতে ৰাজীৱ ক্ৰ, শোণিত বৰা, সাংবাদিক ইভা মহন্তৰ লগতে জেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাইও অভিনয় কৰিছে এই ছবিখনত।

মুক্তিৰ পূৰ্বেই বিশ্বজিৎ বৰাৰ সফল "বেলকনিত ভগৱান" 3


মাজুলী, লক্ষীমপুৰ আদিৰ ভিতৰুৱা ঠাইসমূহৰ কিছু বাতৰি আমি প্ৰায়ে সংবাদ মাধ্যমত দেখিবলৈ পাওঁ; য’ত অসুখীয়া পত্নীক গিৰিয়েকে চাইকেল অথবা ঠেলাত কঢ়িয়াই হাস্পাতাললৈ চিকিৎসাৰ বাবে লৈ যায়। তেনে এক ঘটনাৰ পৰিপ্ৰেক্ষিততে হয়টো নিৰ্মাণ কৰা হৈছে হয়টো এই “বেলকনিত ভগৱান” ছবিখন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform