Rupaliparda.com
দীক্ষু শৰ্মা আৰু ৰাকেশ ৰিয়ানৰ বন্ধুত্বঃ 1

দীক্ষু শৰ্মা আৰু ৰাকেশ ৰিয়ানৰ বন্ধুত্বঃ

অসমীয়া সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কন্ঠশিল্পী সমূহৰ মাজত আমি প্ৰায়ে গভীৰ বন্ধুত্বৰ এনাজৰী ডাল দেখিবলৈ পাওঁ। সেয়া লগা হ’লে কোনো এটা গীতক লৈও হ’ব পাৰে অথবা একেলগে কোনো এটা বিশেষ প্ৰকল্পত জড়িত হোৱা কথাটোক লৈও হ’ব পাৰে; মুঠতে সংগীতৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশত একাংশৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ, ৰাকেশ ৰিয়াব আৰু দীক্ষু শৰ্মাৰ এখন ফটোত সঁহাৰি জনাইছে সংগীতপ্ৰেমী জনসাধাৰণে। ৰাকেশে ৰিয়ানেও ফটোখন শ্বেয়াৰ কৰি কয় যে, “দীক্ষু দা, বৰ ভাল পাওঁ মানুহজনক। মোৰ সাংগীতিক জীৱনৰ প্ৰথমৰ পৰাই লগ পাইছোঁ। তেওঁলৈ মৰম আৰু শ্ৰদ্ধা তেতিয়াৰ পৰাই। ভগৱানে তেওঁক কুশলে ৰাখক।” ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তিৰে জনসাধাৰণৰ কাষতেই যেন থাকিবলৈ চেষ্টা কৰে কন্ঠশিল্পী দীক্ষু শৰ্মাই।অনুৰাগী সমূহক যেন আমোদ প্ৰদানৰ বাবে আহৰি নোহোৱাকৈ নিজ কাম অব্যাহত ৰাখিছে কন্ঠশিল্পী গৰাকীয়ে; মাত্ৰ কিছুদিনৰ বিৰতিৰ মূৰে মূৰে তেওঁ একোটাকৈ গীত অনুৰাগীৰ মাজত মুকলি কৰি প্ৰশংসা বুটলিবলৈ চেষ্টা কৰে।


আনহাতে,মুক্তিৰ পিছতেই ইউটিউবত ট্ৰেণ্ডিঙত আছিল ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা”। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত চলিছিল ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ ডেইজী দাস আৰু তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত আন এটি গীত “কওঁনে বাৰু মই” য়েও লাভ কৰিছে সফলতা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform