Rupaliparda.com
এগৰাকী অভিনেতা, নিৰ্দেশক আৰু কন্ঠশিল্পী ৰূপে জনপ্ৰিয় ফাৰহান আখতাৰঃ 1

এগৰাকী অভিনেতা, নিৰ্দেশক আৰু কন্ঠশিল্পী ৰূপে জনপ্ৰিয় ফাৰহান আখতাৰঃ

বলীউডৰ জনপ্ৰিয় অভিনেতাৰ ভিতৰত এগৰাকী হৈছে ফাৰহান আখতাৰ। জনপ্ৰিয় গীতিকাৰ আৰু লিখক জাৱেদ আখতাৰৰ পুত্ৰ ফাৰহান আখতাৰৰ ছবিসমূহৰ উপৰিও তেওঁৰ গীতসমূহেও জনসাধাৰণক আকৰ্ষণ কৰাত সক্ষম হয়। তেওঁ বলীউডত যিমান সময় অতিবাহিত কৰিছে সেই সময়খিনিত তেওঁ এগৰাকী অভিনেতা, নিৰ্দেশক তথা এগৰাকী কন্ঠশিল্পী ৰূপেও সময় অতিবাহিত কৰি জনপ্ৰিয়তাক চুমি আহিছে। ১৯৯১ চনত ফাৰহান আখতাৰে নিজ ১৭ বছৰ বয়সতে এই ইণ্ডাষ্ট্ৰীটোত কাম কৰিবলৈ আৰম্ভ কৰে; তাৰ পিছতেই ২০০১ চনত মুক্তিপ্ৰাপ্ত “দিল চাহতা হে” ত ফাৰহান আখতাৰে নিজ পৰিচালনাৰ দিশটোত ডেবিউ কৰে য’ত তেওঁ ৰাষ্ট্ৰীয় পুৰষ্কাৰ পাবলৈ সক্ষম হয়। ২০০৪ চনৰ “লক্ষ্য” ছবিখনৰ পৰিচালনা কৰি ফাৰহানে ৰাইজৰ পৰা বহুল হাৰত প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

এগৰাকী অভিনেতা, নিৰ্দেশক আৰু কন্ঠশিল্পী ৰূপে জনপ্ৰিয় ফাৰহান আখতাৰঃ 2
এগৰাকী অভিনেতা, নিৰ্দেশক আৰু কন্ঠশিল্পী ৰূপে জনপ্ৰিয় ফাৰহান আখতাৰঃ 3


আনহাতে, ২০০৮ চনত মুক্তিপ্ৰাপ্ত “ৰক অন” ৰ দ্বাৰা অভিনেতা গৰাকীয়ে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰে। উক্ত ছবিখনৰ বাবে অভিনেতাগৰাকীয়ে এৱাৰ্ড পাবলৈও সক্ষম হয়। ফাৰহান আখতাৰৰ অভিনয়ৰ দিশটো কিমান মজবুত আছিল সেয়া তেওঁ অভিনীত ছবি “ভাগ মিল্খা ভাগ” ত কৰা অভিনয়ৰ পৰাই জানিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform