Rupaliparda.com
নতুন ৱেব চিৰিজ "ফিছা"; সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আহি আছে ন-ৱেব চিৰিজঃ 1

নতুন ৱেব চিৰিজ “ফিছা”; সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আহি আছে ন-ৱেব চিৰিজঃ

ক’ৰোণা মহামাৰীৰ ফলত হোৱা লক-ডাউনে মনোৰঞ্জন প্ৰেমী জনসাধাৰণৰ দৈনন্দিন ক্ৰিয়া-কলাপৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ সৃষ্টি কৰি কিছু অভ্যাসৰ গঢ় দিছিল। ইয়াৰ ভিতৰত এক অভ্যাস স্বৰূপ আছিল ৱেব চিৰিজৰ উপভোগ; ফোনতেই একোখন ৱেব চিৰিজৰ উপভোগ কৰাৰ লগতে এইসমূহৰ প্ৰতি তেওঁলোকৰ এক বিশেষ টান দেখিবলৈ পোৱা গৈছিল। বৰ্তমান ৱেব চিৰিজৰ সময়; আমি আগতেও কেইবাবাৰো কৈছিলো যে একোখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন ৱেব চিৰিজৰ একোটা খণ্ড খণ্ড কাহিনীয়ে সাধাৰণজনক অধিক আকৰ্ষণ কৰা পৰিলক্ষিত হয়। হলীউড অথবা হিন্দী মনোৰঞ্জন জগতৰ সমান্তৰালকৈ বৰ্তমান এই ৱেব চিৰিজৰ ট্ৰেণ্ডটো দেখিবলৈ পোৱা গৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনটো। আমি ইতিমধ্যে কেইবাখনো অসমীয়া ৱেব চিৰিজৰ সোঁৱাদ লৈছো অথবা এই আটাইবোৰৰ কাহিনীয়ে আমাক বহুল হাৰত আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছো। কিছুদিন পূৰ্বে আগন্তুক এখন ৱেব চিৰিজ “ফিছা” ৰ এটি টিজাৰে লাভ কৰিছিল মুক্তি।

নতুন ৱেব চিৰিজ "ফিছা"; সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আহি আছে ন-ৱেব চিৰিজঃ 2


মুক্তিৰ পিছতেই টিজাৰটোৱে লাভ কৰা সমাদৰৰ উপৰিও ৱেব চিৰিজ খনক লৈও অপেক্ষাৰত হৈ পৰিছে অসমীয়া দৰ্শক বৃন্দ। “Reel Drama” নামে এক নতুন প্লেটফৰ্মত মুক্তি লাভ কৰিব উক্ত ৱেব চিৰিজখন। জানিব পৰা মতে, সমাগত মাঘ বিহুৰ পিছতেই “Reel Drama” ক উদ্ধোধন কৰা হ’ব আৰু ইয়াৰ পৰৱৰ্তী সময়ত অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহলৈ “ফিছা” ৱেব চিৰিজখনক সম্প্ৰচাৰ কৰা হ’ব। ৮ টা খণ্ড সমৃদ্ধ এই ৱেব চিৰিজখনৰ প্ৰযোজনাৰ দায়িত্বত আছে পৰিচালক সংকল্পজিৎ হাজৰিকা; শেহতীয়াকৈ অহা তথ্যনুসৰি ৱেব চিৰিজ খন বৰ্তমান ব্যস্ত আছে পোষ্ট-প্ৰডাকচনত। মাৰ্ডাৰ থ্ৰীলাৰ যুক্ত কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত ৱেব চিৰিজখনত অভিনয় কৰিছে অসমীয়া কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। সেইকেইজন হৈছে ক্ৰমে বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰা, ৰাজীৱ গোস্বামী, পৰাগ শৰ্মাকে আদি কৰি বিভিন্ন গৰাকী ন-পূৰণি শিল্পীয়ে।

নতুন ৱেব চিৰিজ "ফিছা"; সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আহি আছে ন-ৱেব চিৰিজঃ 3


উল্লেখ্য যে, “Reel Drama” নামে এই প্লেটফৰ্মটোত কেৱল মাত্ৰ ৱেব চিৰিজেই নহয়; থাকিব আন বহু ভিন্ন প্ৰকল্প। এক কথাত ক’বলৈ গ’লে, ঠন ধৰি উঠা এই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত প্ৰত্যেকদিনাই ন-ন প্ৰকল্পৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে। আগন্তুক এই প্ৰকল্পৰ বাবে ইয়াৰ সৈতে জড়িত আটাইকে জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform