Rupaliparda.com
চচিয়েল মিডিয়াত ট্ৰোল আমিৰ খানঃ 1

চচিয়েল মিডিয়াত ট্ৰোল আমিৰ খানঃ

চচিয়েল মিডিয়াত বহুল ট্ৰোলৰ সন্মুখীন বলীউডৰ মিষ্টাৰ পাৰফেক্টচনিষ্ট অভিনেতা আমিৰ খান। মাস্ক অবিহনে একাংশ সৰু ল’ৰাৰ সৈতে প্লে-গ্ৰাউণ্ডত ক্ৰিকেট খেলা কথাটোক লৈ বৰ্তমান ৰাইজৰ ৰোষত অভিনেতা গৰাকী। ক’ৰোণা ভাইৰাছৰ ফলত দেশত সমগ্ৰ জনসাধাৰণে মুখত মাস্ক লগোৱাৰ লগতে ল’বলগীয়া আন সজাগতা সমূহৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিছে; কিন্তু আমিৰ খানে কৰা ব্যৱহাৰে এতিয়া তেওঁৰ ওপৰত সৃষ্টি কৰিছে প্ৰশ্নৰ। আচলতে, ক’ৰোণা সন্ত্ৰাস মাৰ নগ’লেও বৰ্তমান পৰিস্থিতি কিছু সাধাৰণ হ’বলৈ ধৰিছে; ফলত একাংশ চিলেব্ৰেটী নিজ নিজ প্ৰকল্পসমূহক লৈ আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। এনে সময়তে, মিষ্টাৰ পাৰফেক্টচনিষ্ট খ্যাত আমিৰ খানে আৰাম নগৰৰ একাংশ ল’ৰাৰ সৈতে বিনা মাস্কত ক্ৰিকেট খেলি থকা এটা ভিডিঅ’ ভাইৰেল হয় চচিয়েল মিডিয়াত; আৰু এই কথাটোৱে তেওঁৰ অনুৰাগীৰ হৃদয়তো প্ৰশ্নৰ সৃষ্টি কৰিছে।

চচিয়েল মিডিয়াত ট্ৰোল আমিৰ খানঃ 2


উল্লেখ্য যে, আমিৰ খানৰ পুত্ৰ জুনেইদ আহি আছে বলীউড জগতলৈ। য়শ ৰাজ ফিল্মচৰ বেনাৰত আমিৰ খানৰ পুত্ৰই কৰিব ডেবিউ; ছবিখনক লৈ বৰ বিশেষ তথ্য বাহিৰলৈ অহা নাই যদিও জানিব পৰা মতে, জুনেদৰ এই ছবিখনত তেওঁৰ সৈতে অভিনয় কৰিব দক্ষিণৰ অভিনেত্ৰী তথা “অৰ্জ্জুন ৰেড্ডি” ত অভিনীত অভিনেত্ৰী শালিনী পাণ্ডে। শালিনীয়ে য়শ ৰাজ ফিল্মচৰ বেনাৰত তিনিখন ছবি গ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত তেওঁৰ প্ৰথমখন ছবি হৈছে ৰণৱীৰ সিঙৰ সৈতে “জয়েশভাই জোৰদাৰ”। আমিৰ খানৰ পুত্ৰ অথবা জীয়ৰীক লৈ প্ৰায় সকলোবোৰ দৰ্শক উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায়। জুনেইদৰ আহিবলগীয়া এই ছবিখন এতিয়া কেতিয়ালৈ মুক্তি লাভ কৰিব তাৰ বাবে অপেক্ষাৰত সকলো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.