Rupaliparda.com
২১ জানুৱাৰীত সুশান্ত সিং ৰাজপুতৰ ৩৫ সংখ্যক জন্মদিনঃ 1

২১ জানুৱাৰীত সুশান্ত সিং ৰাজপুতৰ ৩৫ সংখ্যক জন্মদিনঃ

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ চলিত মাহৰ ২১ জানুৱাৰী তাৰিখে ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিব অনুৰাগীয়ে। তেওঁৰ জন্মদিন উপলক্ষে তেওঁৰেই ভগ্নী স্বেতা কৃতি সিঙে এক পোষ্ট শ্বেয়াৰ কৰি জনসাধাৰণক সুশান্ত সিং ৰাজপুতৰ জন্মদিন কেনেদৰে উদযাপন কৰিব পৰা যায় সেইবিষয়ে প্ৰশ্ন কৰে। অৰ্থাৎ সুশান্তৰ ভগ্নীয়ে সুশান্তৰ অনুৰাগীৰ তৰফৰ পৰা কিছুমান মন্তব্য বিচাৰে; আকৌ তেওঁ আন এক টুইট যোগে কয় যে, “সুশান্তৰ জন্মদিনত মই তিনিগৰাকী অসহায় লোকৰ সহায় কৰিম আৰু ১৫ মিনিট গ্লোৱেল মেডিটেশ্বনৰ আয়োজন কৰিব পৰা যাব।” আনহাতে, সুশান্তৰ ভগ্নীয়ে কয় যে, “মই তেওঁৰ জন্মদিনত তেওঁৰ কিছুমান গানত নাচিবলৈ বিচাৰিম; আৰু ইয়াক চচিয়েল মিডিয়াত পোষ্ট কৰি যাম। আহক; সুশান্তৰ জীৱনৰ উৎসৱ আমি একেলগে উদযাপন কৰো।” বিগত বৰ্ষৰ দুঃখবৰৰ মাজৰ এটা হৈছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু।

২১ জানুৱাৰীত সুশান্ত সিং ৰাজপুতৰ ৩৫ সংখ্যক জন্মদিনঃ 2
২১ জানুৱাৰীত সুশান্ত সিং ৰাজপুতৰ ৩৫ সংখ্যক জন্মদিনঃ 3


১৪ জুন ২০২০ ত তেওঁৰেই বাসভৱনত সুশান্তে আত্মহত্যা কৰে। তেওঁৰ মৃত্যুৰ পিছতেই বলীউডত এক সাংঘাতিক খেলি-মেলিৰ সৃষ্টি হয়। ড্ৰাগছৰ প্ৰসংগৰ লগতে নেপোটিজিমৰ দৰে কিছু গুৰুত্বপূৰ্ণ বিষয়ক লৈ চৰ্চা আৰম্ভ হ’বলৈ লৈছিল বলীউডত। সুশান্তৰ মৃত্যুৰ পিছত সমুখলৈ অহা ড্ৰাগছ প্ৰসংগই প্ৰায় কেইবাগৰাকীও তাৰকাক নিজ আগ্ৰাসনত লৈছিল। ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ সৰবৰাহ কেছৰ বাবে এমাহ পৰ্যন্ত ন্যায়িক জিম্মাত থাকে আৰু পিছলৈ তেওঁক বোম্বে হাইকোৰ্টে জামিন প্ৰদান কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.