Rupaliparda.com
ভাৰতৰ ১ নং অভিনেতা-অভিনেত্ৰীৰ তালিকাত দীপিকা পাডুকন-অমিতাভ বচ্চনঃ 1

ভাৰতৰ ১ নং অভিনেতা-অভিনেত্ৰীৰ তালিকাত দীপিকা পাডুকন-অমিতাভ বচ্চনঃ

ভাৰতৰ ১ নং অভিনেতা-অভিনেত্ৰী কোন? এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ দ্বাৰা এক সমীক্ষা কৰা হৈছিল য’ত শীৰ্ষত নাম আহিছে অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা তথা বিগ বি অমিতাভ বচ্চনৰ। “মুড অৱ ডা নেশ্বন” কাৰ্যসূচীৰে আগবঢ়া এই সমীক্ষাটোত ১২ হাজাৰ ২৩২ গৰাকী জনসাধাৰণৰ সৈতে কথা পতা হৈছিল। ইয়াৰে ৬৭ শতাংশ গাঁৱৰ আৰু ৩৩ শতাংশ চহৰৰ লোক আছিল। আনহাতে ১৯ খন ৰাজ্যৰ ৯৭ সংসদীয় ক্ষেত্ৰ আৰু ১৯৪ বিধানসভা ক্ষেত্ৰৰ দ্বাৰা অংক কৰা হৈছিল। ইয়াৰে অধিকাংশ লোকে নাম ল’লে দীপিকা পাডুকনৰ আৰু তাৰেই তলত নাম থাকিল প্ৰিয়ংকা চোপ্ৰাৰ। দীপিকা তথা প্ৰিয়ংকাৰ তলত নাম আছিল ক্ৰমে কংগনা ৰাণাওঁট, আলিয়া ভাট তথা অনুষ্কা শৰ্মা, কেটৰিণা কেইফৰ। অভিনেতাৰ সমীক্ষাটোৰ পৰা অধিকাংশ লোকে নাম লয় অমিতাভ বচ্চনৰ আৰু তাৰ তলতেই নাম আছিল অভিনেতা অক্ষয় কুমাৰৰ। এইখিনিৰ দ্বাৰা এটা কথাই প্ৰমাণ পাব পৰা যায় যে, অমিতাভ আৰু অক্ষয় কুমাৰে তিনিও খানক ইতিমধ্যে ফেৰ মাৰি তল পেলাইছে।

ভাৰতৰ ১ নং অভিনেতা-অভিনেত্ৰীৰ তালিকাত দীপিকা পাডুকন-অমিতাভ বচ্চনঃ 2
ভাৰতৰ ১ নং অভিনেতা-অভিনেত্ৰীৰ তালিকাত দীপিকা পাডুকন-অমিতাভ বচ্চনঃ 3


২৯ শতাংশ লোকে সমীক্ষাৰ যোগেৰে অমিতাভ বচ্চনৰ নাম লয় আৰু ২৪ শতাংশ লোকে নাম লৈছিল অক্ষয় কুমাৰৰ। শ্বাহৰুখ খানক ১১ শতাংশ, ছলমান খানক ১০ শতাংশ, আমিৰ খানক ৭ শতাংশ, অজয় দেৱগনক ৫ শতাংশ আৰু ৰণৱীৰ সিঙক ৪ শতাংশ লগতে ঋত্বিক ৰোশনক ৩ শতাংশ লোকে ভোট দিয়ে।

Add comment

Leave a Reply