Rupaliparda.com
"গৰু" আৰু "মিডনাইট চং" ৰ বাণিজ্যিক সফলতা আছিল কেনে? তেওঁলোকে বিচাৰিছিলে কি? 1

“গৰু” আৰু “মিডনাইট চং” ৰ বাণিজ্যিক সফলতা আছিল কেনে? তেওঁলোকে বিচাৰিছিলে কি?

২০২১ চনটোৱে প্ৰত্যেকৰে জীৱনত এক নতুনৰ সঞ্চাৰ কৰা যেন অনুভৱ হোৱা নাই নে? বহুদিনীয়া স্তব্ধতা আৰু সন্ত্ৰাসৰ পিছত আচলতে এই নতুন বছৰটোত সকলোৱে আৰম্ভ কৰিছে নিজ নিজ কৰ্ম; মনোৰঞ্জন ক্ষেত্ৰখনতো প্ৰত্যেকদিনেই একোখনকৈ ছবিৰ প্ৰস্তুতিৰ খবৰ আমি শুনিবলৈ অথবা দেখিবলৈ পাইছো। সঁচাকৈ প্ৰতিটো নিশাৰ আন্ধাৰৰ পিছত পোহৰৰ আৰম্ভণিৰ দৰেই যেন সকলোৰে জীৱনত ন-সুৰুযে পোখা মেলিছে; অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এই নতুনৰ আৰম্ভণি কৰিলে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত দুখন ছবি ক্ৰমে “গৰু” আৰু “মিডনাইট চং” য়ে। হয়, আপোনালোকে ঠিকেই বুজিছে। ক’ভিডৰ পৰিস্থিতি কিছু সাম কটা পিছতেই অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকক পুনৰ বাৰ এক মনোৰঞ্জন প্ৰদান কৰাৰ উদ্দেশ্যেই দুয়োখন ছবিকেই মুক্তি দিয়াৰ কথা ভাবিছিল পৰিচালক অথবা প্ৰযোজক গোষ্ঠীয়ে। ১০০০ টা দৰ্শনীৰ সৈতে য’ত “গৰু” ক প্ৰতিখন জিলাত মুকলি কৰি দিয়াৰ পন্থা হাতত লোৱা হৈছিল তাতেই আকৌ অসমীয়া ছবি “মিডনাইট চং” আছিল ক’ভিডৰ পিছত ছবিগৃহত মুক্তিপ্ৰাপ্ত প্ৰথমখন ছবি। ৫০ শতাংশ দৰ্শকৰ সৈতে ছবিগৃহ মুকলিৰ ব্যৱস্থা কৰাৰ পিছতেই কোনো লাভালভৰ কথা চিন্তা নকৰাকৈ “মিডনাইট চং” ক মুকলি কৰি দিয়াৰ চিন্তাটোৱেই আছিল পৰিচালক-প্ৰযোজক গোষ্ঠীৰ মৰসাহ। মুঠতে উক্ত দুয়োখন ছবিৰ ক্ষেত্ৰত জনসাধাৰণৰ উৎসাহ পৰিলক্ষিত হোৱাৰ সমান্তৰালকৈ ৰাইজৰ মতামত সমূহো আছিল ধনাত্মক।

"গৰু" আৰু "মিডনাইট চং" ৰ বাণিজ্যিক সফলতা আছিল কেনে? তেওঁলোকে বিচাৰিছিলে কি? 2


গুৱাহাটীস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ পৰা আৰম্ভ হোৱা “গৰু”ৰ দৰ্শনী এতিয়া পালেহি ছবিগৃহলৈ। ১৯ ফেব্ৰুৱাৰী তাৰিখৰ পৰা মুঠ ৮ স্ক্ৰীণত ছবিখনক মুকলি কৰি দিয়া হ’ব ছবিগৃহত। জানিব পৰা মতে, নলবাৰী, বৰপেটা, দেৰগাওঁ, ডিব্ৰুগড়, নগাওঁ আদি আন কেইবাখনো জিলাত প্ৰদৰ্শনী চলি থকা “গৰু” ৰ বৰ্তমানলৈ অধিক প্ৰদৰ্শনী কৰা হৈছে লখিমপুৰ জিলাত। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত অভিনীত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ অভিনয় আদিকে আৰম্ভ কৰি তেওঁলোকৰ ছবিখনৰ বাণিজ্যিক লাভালাভ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও দৰ্শকৰ ভিৰ আৰু চচিয়েল মিডিয়াত আমি প্ৰত্যেকেই দেখিবলৈ পোৱা ধনাত্মক মন্তব্যই আচলতে ছবিখনৰ এক লাভৰ সুক্ষ্ম আভাস আমাৰ মনত দাঙি তুলিবলৈ সক্ষম হৈছে। ১৯ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ছবিখনে ছবিগৃহ সমূহত কেনেধৰণৰ দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব সেয়া হ’ব আগন্তুক সময়ত লক্ষণীয়।

"গৰু" আৰু "মিডনাইট চং" ৰ বাণিজ্যিক সফলতা আছিল কেনে? তেওঁলোকে বিচাৰিছিলে কি? 3
"গৰু" আৰু "মিডনাইট চং" ৰ বাণিজ্যিক সফলতা আছিল কেনে? তেওঁলোকে বিচাৰিছিলে কি? 4


আনহাতে, “মিডনাইট চং” ছবিখনে অসমীয়া ছবি ক্ষেত্ৰখনৰ মুক্তিৰ ক্ষেত্ৰত যি এক উৎসাহৰ সৃষ্টি কৰিলে সেয়া আচলতে সঁচাকৈ মন কৰিবলগীয়া। অৰুণজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ কাৰিকৰী দিশটোৰ প্ৰশংসা উপস্থিত প্ৰতিজন দৰ্শকে কৰা আমি দেখিছিলো। পৰিচালক গৰাকীক ৰূপালীপৰ্দাই ছবিখনৰ বাণিজ্যিক লাভৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “ছবিখনৰ সৈতে জড়িত আমি প্ৰতিজন সদস্যই আচলতে লাভৰ কথা ভাবি ছবিখন মুকলি কৰি দিয়াই নাছিলো; উৎসাহৰ সৃষ্টি কৰিছিলো ৰাইজৰ মাজত। ছবিখনত দৰ্শকৰ সমাগম যদিও কম আছিল তথাপিও যিসকলে এই ছবিখন উপভোগ কৰিলে তেওঁলোকৰ সকলোৰে তৰফৰ পৰা এক ধনাত্মক মতামত আমি লাভ কৰিছিলো। ক’ভিডৰ সন্ত্ৰাসময় পৰিস্থিতিৰ পিছত অৱশ্যেই ৰাইজ সহজ হ’বলৈ সক্ষম হোৱা নাই কিন্তু আমাৰ এই ছবিখনক যিসকলে উপভোগ কৰিলে সেই সকলেই আমাৰ প্ৰাপ্য; আমাক আৰু ইয়াতকৈ অধিক একোৰে প্ৰয়োজন নাই।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform