হেমন্ত কুমাৰ দাসৰ পৰিচালনা আৰু মানবেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাৰে নিৰ্মিত ২০১৪ চনত মুক্তিপ্ৰাপ্ত “অথেলো” ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। বিপ্লৱী সত্তাৰ কাহিনীৰে ছবিখনে প্ৰত্যেককে আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমীয়া ছবি জগতৰ এখন সফল ছবি ৰূপে গ্ৰহণ কৰা হৈছিল “অথেলো” ছবিখনক। ছবিখনত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ ক্ষেত্ৰত প্ৰদান কৰা নিষ্ঠা আৰু সততাই আচলতে ছবিখনক দৰ্শকৰ সমুখত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছিল। শেহতীয়াকৈ ছবিখনৰ পৰিচালক হেমন্ত কুমাৰ দাসে চচিয়েল মিডিয়াত ছবিখনৰ সৈতে জড়িত একোটা চৰিত্ৰৰ বিষয়ে জনসাধাৰণক জনায়; ছবিখনত এটি সৰু তথা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা এগৰাকী অভিনেতা নাম হৈছে জুবিন দাস। নিজ মাতৃৰ মৃত্যুৰ ৬ মাহ পিছতেই অভিনেতাগৰাকীয়ে নিজ দায়িত্বক পালন কৰি “অথেলো” ত নিজ চৰিত্ৰ ৰূপায়নৰ বাবে আগবাঢ়ি আহিছিল। আনহাতে, পৰিচালক গৰাকীয়ে জনোৱা অনুসৰি জুবিন দাসে নিজ শ্বুটিঙৰ এটি হৃদয়স্পৰ্শী দৃশ্য শ্বুটিং কৰি থকা সময়তে তেওঁ হেৰুৱাইছিল নিজৰ আইতাককো। তৎস্বত্বেও, নিজ দায়িত্বৰ খাতিৰত তেওঁ নিজৰ শ্বুটিং সম্পূৰ্ণ কৰিহে আইতাকৰ কাষ চাপিছিল।

আচলতে, বৰ্তমানেও অভিনয় ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে জুবিন দাস। তেওঁৰ দৃঢ়তাৰ ফলত বৰ্তমানেও তেওঁক কেইবাটাও প্ৰকল্পযোগে আঁকোৱালিছে দৰ্শকে। অভিনয় জীৱনক কেনেদৰে আগবঢ়াই লৈ যোৱাৰ মন বুলি এবাৰ ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁক প্ৰশ্ন কৰাত তেওঁ নিজেই কৈছিল যে, “”বৰ্তমান মই এজন প্ৰকৃত “অভিনেতা” বুলি নিজক স্বীকৃতি দিবলৈ পৰা নাই। আগন্তুক সময়ত ভাল কাম কৰি দৰ্শকৰ পৰা সেই স্বীকৃতিটো লাভ কৰিবলৈ মন আছে। অভিনয়টো মোৰ বাবে সৰুতে কেৱল মাত্ৰ “হেঁপাহ” আছিল কিন্তু ই এতিয়া মোৰ “হেঁপাহ” অথবা “বৃত্তি” দুয়োটাই জড়িত হৈ পৰিছে। যেতিয়ালৈ জীয়াই থাকিম; অভিনয়ত মনোনিৱেশ কৰাৰ মোৰ মন।”

এনে কিছু নৱপ্ৰজন্মৰ অভিনেতাই আহিবলগীয়া সময়তো যে মনোৰঞ্জন ক্ষেত্ৰখনৰ নাম উজ্বলাই ৰাখিব সেয়া আচলতে একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। জুবিন দাসৰ আগন্তুক পৰিকল্পনা সমূহক লৈ ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।
Add comment