Rupaliparda.com
নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰাচুৰ্য্য বৰগোঁহাইৰ মানৱ সেৱাঃ 1

নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰাচুৰ্য্য বৰগোঁহাইৰ মানৱ সেৱাঃ

মানৱ সেৱা অথবা সমাজৰ হকে কাম কৰি যোৱা বুলিলে আপোনালোকে বাৰু কি বুজে? ৰাইজৰ স্বাৰ্থত নিজকেই উচৰ্গা কৰি দিয়া একাংশ লোকক আমি দেখি আহিছো; কিন্তু শেহতীয়াকৈ এই আটাইবোৰ ক্ষেত্ৰত সক্ৰিয় হোৱা নৱপ্ৰজন্মই আমাক উৎসাহিত কৰিছে। তেওঁলোকৰ প্ৰতি আমাক আকৰ্ষিত কৰি তুলিছে। কেৱল মাত্ৰ মনোৰঞ্জন বুলিয়েই নহয়; শিক্ষা, বিজ্ঞান-প্ৰযুক্তি তথা মানৱ সেৱাৰ দিশটোতো এতিয়া নৱপ্ৰজন্ম আগবাঢ়ি অহা দেখিবলৈ পাই আমাৰ আহিবলগীয়া সময়টো যে শুদ্ধ প্ৰজন্মৰ হাতত আছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। মানৱ সেৱাৰ দিশটোত নিজক লৈ অনা এগৰাকী নৱপ্ৰজন্মৰ নাম হৈছে প্ৰাচুৰ্য্য বৰগোঁহাই। চৰাইদেউ জিলাৰ সোণাৰি নগৰত জন্মগ্ৰহণ কৰা এইগৰাকী নৱপ্ৰজন্মই ৰঙালী বিহুৰ প্ৰাকক্ষণত অঞ্চলটোৰ একাংশ পদপথৰ বাসিন্দা আৰু মানসিক ভাৱে বিকাৰগ্ৰস্ত একাংশৰ কাষ চাপি এসাঁজ খাদ্যৰ যোগান ধৰাৰ উপৰিও তেওঁ লোকসকলৰ প্ৰয়োজনৰ কিছু বস্তুৰ যোগান ধৰে। সমান্তৰালকৈ, বিহুৰ প্ৰতি লক্ষ্য ৰাখি উক্ত লোকসকলক প্ৰাচুৰ্য্যই একোখন বিহুৱানো যাঁচে। শ্বিলং চেণ্ট এডমাণ্ড কলেজৰ ছাত্ৰ প্ৰাচুৰ্য্য বৰগোঁহাই নৱপ্ৰজন্মৰ বাবে বৰ্তমান এজন আদৰ্শ হোৱাৰ লগতে তেওঁৰ এই কৰ্মক লৈ সকলোৱে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে। ৰঙালী বিহুৰ বাবেই যে প্ৰাচুৰ্য্য অভাৱগ্ৰস্ত সকলৰ কাষ চাপিছে তেনে নহয়; প্ৰয়োজনৰ সময়ত প্ৰত্যেকদিনাই তেওঁৰ সক্ৰিয়তা পৰিলক্ষিত হয়।

নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰাচুৰ্য্য বৰগোঁহাইৰ মানৱ সেৱাঃ 2
নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰাচুৰ্য্য বৰগোঁহাইৰ মানৱ সেৱাঃ 3


মনোৰঞ্জন দিশটোৰ সৈতেও জড়িত এইগৰাকী নৱপ্ৰজন্ম। “স্পন্দন” নামে এটি গীতৰ জৰিয়তে জনসাধাৰণৰ কাষ চাপিছিল এই গৰাকী প্ৰাচুৰ্য্য বৰগোঁহাই। চৰাইদেউ জিলাৰ সোণাৰি নগৰত জন্মগ্ৰহণ কৰা প্ৰাচুৰ্য্যক সৰুতেই মাতৃয়ে দিহানামৰ পৰা নিচুকনি গীতলৈ সমস্ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ পিছতেই শিল্পী গৰাকীৰ অসমীয়া থলুৱা সংগীতৰ প্ৰতি থকা আকৰ্ষণৰ বাবে সংগীতৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছিল। প্ৰাচুৰ্য্যৰ বৰগোঁহাইক সংগীতৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো নিৰ্দ্দিষ্ট শিক্ষাগুৰু নাছিল; তেওঁৰ সংগীতৰ যাত্ৰাত সকলোৱে কিছু কিছু পৰিমাণে বৰঙণি যোগাইছিল। উল্লেখ্য যে, সংগীতৰ লগতেই এই গৰাকী শিল্পী ভাল ঢোল বাদক। তেওঁ বিভিন্ন মঞ্চানুষ্ঠানত সুন্দৰ ঢোল বজাই থকা ভিডিঅ’ ইতিমধ্যে চচিয়েল মিডিয়া যোগে দৰ্শকে দেখিছে। নৱপ্ৰজন্মই সাহিত্য-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতেই হওঁক অথবা সমাজ সংস্কাৰৰ দিশটোত কোনোধৰণৰ অৱদান আগনবঢ়াই বুলি ক’লে একেবাৰে ভুল কোৱা হ’ব; কিয়নো প্ৰাচুৰ্য্যৰ দৰে উদাহৰণ বহুতো বৰ্তমানেও অসমত আছে।

নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰাচুৰ্য্য বৰগোঁহাইৰ মানৱ সেৱাঃ 4


এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ আগন্তুক প্ৰতিটো কৰ্মৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা যাঁচিছো অশেষ শুভকামনা। তেওঁ সফল হওঁক!

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform