Rupaliparda.com
" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 1

” আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ’বলৈও বিভিন্ন সুবিধা লাভ কৰিম”- অংশুমান শইকীয়া

একোজন নৱপ্ৰজন্মই যেতিয়া নিজৰ পৰিপক্ক দিশটোক আৰু অধিক সুন্দৰতাৰে আগবঢ়াই নিয়ে; তেতিয়া তেওঁক আৰু আগলৈ আগুৱাই লৈ যোৱাত সহায় কৰে সাধাৰণ জনেও। আমি অইন প্ৰসংগলৈ নাযাওঁ, মনোৰঞ্জন দিশটোকেই লৈছো। সম্প্ৰতি সময়ছোৱাত আমি ইমানেই অধিক বেয়া খবৰৰ সন্মুখীন হৈছো যে আমাক উৎসাহিত কৰা কথাবোৰ ইয়াৰ মাজতেই লুকাই পৰে। এতিয়াৰ নৱপ্ৰজন্মৰ বিভিন্ন দিশত সক্ৰিয়তা নুই কৰিব নোৱাৰো; তেওঁলোকৰ অভিনয়, সংগীত অথবা পৰিচালনাই নহওঁক কিয়! কোনো এটা দিশৰ সৈতে জড়িত হৈ তেওঁলোকে এনে কিছু কৰ্ম সম্পাদন কৰে যিয়ে দৰ্শকক আমোদ দিয়াৰ সমান্তৰালকৈ নজনা বিষয় এটাত জ্ঞান প্ৰদান কৰিবলৈও সক্ষম হয়। সৰুৰ পৰাই নাটক ৰচনা তথা অভিনয় দিশটোৰ সৈতে জড়িত এনে এগৰাকী নৱপ্ৰজন্মৰ নাম হৈছে অংশুমান শইকীয়া; অসমৰ কেইবাখনো ঠাইত অনুষ্ঠিত নাট প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি কুৰিতকৈও অধিক পুৰষ্কাৰ পাবলৈ সক্ষম অংশুমান নিৰৱিচ্চিন্ন ভাৱে জড়িত হৈছে এই ক্ষেত্ৰখনৰ সৈতে। আপোনালোকে যদি তেওঁক এবাৰলৈ চচিয়েল মিডিয়াত চাবলৈ বিচাৰিছে তেতিয়াহ’লে তেওঁৰ প্ৰফাইলত থকা তেওঁৰ অভিনয়ৰ সময়ৰ ভিন্ন দৃশ্যাংশক দেখিয়েই বুজিব পাৰিব অংশুমানৰ এই দিশটোত সক্ৰিয়তা। ৰূপালীপৰ্দাতেই আমি দুদিন মান পূৰ্বে অংশুমান শইকীয়াৰ পৰিচালনা আৰু অভিনয়ৰে নিৰ্মিত এখন চুটি-ছবিক আপোনালোকৰ মাজলৈ লৈ আনিছিলো; নাম আছিল “শিল পি”। আৰু, আজিৰ দেওবৰীয়া বিশেষত আমি অংশুমান শইকীয়াৰ পৰাই জানিম কিছু কথা। চাওঁচোন আহকঃ

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 2

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

অংশুমান শইকীয়াঃ অভিনয়ৰ ক্ষেত্ৰখনত জড়িত বুলি ক’বলৈ গ’লে, মই পঞ্চম মান শ্ৰেণীৰ পৰাই জড়িত। নগাঁও জিলাৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সুকুমাৰ কলা প্ৰতিযোগিতাত প্ৰথম নিজৰ দল খুলি অংশগ্ৰহণ কৰিছিলো। তেতিয়াৰ পৰাই অবিৰত ভাৱে লাগি আছোঁ আৰু আগলৈও এই ক্ষেত্ৰখনত কামবোৰ কৰি যাম; আপোনালোকৰ সহায় লাগিব।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 3

প্ৰশ্নঃএগৰাকী অভিনেতা ৰূপে তোমাৰ কেনেধৰণৰ প্ৰকল্প সমূহৰ সৈতে জড়িত হোৱাৰ ইচ্ছা?

অংশুমান শইকীয়াঃ অভিনয় শিকি আছোঁ। বিশেষকৈ, নাটকৰ লগত জড়িত যদিও নাটকৰ পৰা আদি কৰি সকলো ধৰণৰ অভিনয় কৰি ভাল পাওঁ। তথাপিও, শেষত গৈ এগৰাকী চিনেমাৰ অভিনেতা হিচাপে নিজকে চিনাকী দিয়াৰ সপোন আছে। আৰু, আশা কৰিছো আগন্তুক সময়ত নিশ্চয়কৈ অসমীয়া চিনেমা জগত খন আৰু উন্নত হ’ব। ভাল ভাল চিত্ৰনির্মাতা, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু কাৰিকৰী কলা কুশলীয়ে লাহে লাহে ইয়াত খোঁপনি পুতিছে আৰু তেওঁলোকৰ কাম সমূহৰো চৰ্চা হ’বলৈ আৰম্ভ হৈছে গতিকে এনে পৰিপ্ৰেক্ষিতত, আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ’বলৈও বিভিন্ন সুবিধা লাভ কৰিম।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 4

প্ৰশ্নঃআগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

অংশুমান শইকীয়াঃ পৰিকল্পনা অভিনেতা হিচাপে নাই। যিহেতু কাম হঠাৎ আহে; তথাপিও নতুন চুটি ছবি এখন নিৰ্মাণৰ কাম হাতত লৈছো। pre- production ৰ কাম চলি আছে। যিহেতু চুটি ছবি নিৰ্মাণ নতুনকৈ কৰিবলৈ শিকি আছোঁ, সেই কামটোতেই বৰ্তমান ভালকৈ লাগি আছো। ইতিমধ্যে মোৰ পৰিচালনাৰে নিৰ্মিত এখন চুটি ছবি “শিল পি” ক ইতিমধ্যে দৰ্শকে সঁহাৰি জনাইছে;ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চুটি ছবিখনে লাভ কৰিবলৈও সক্ষম হৈছে মনোনয়ন।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 5

প্ৰশ্নঃ এগৰাকী “শিল্প” বুলিলে তুমি কি বুজা?

অংশুমান শইকীয়াঃ “শিল্পী” বুলিলে ৬৪ কলাৰ অধিকাৰী হ’ব লাগে বুলি আগতে কোৱা হয়; কথাষাৰত আজিে বিশ্বাস কৰোঁ। আজিকালি প্ৰায় শিল্পী শব্দটো ব্যৱহাৰ কৰে; কিন্তু মোৰ মতে অভিনেতা, সঙ্গীতজ্ঞ, গায়ক, বাদ্যযন্ত্ৰী হিচাপে ভাগ কৰিলে বেছি ভাল লাগে। “শিল্পী” শব্দটো ব্যৱহাৰ কৰিবলৈ হয়তো এটা পৰ্যায়ত এজন performer ৰূপে উপনীত হ’বগৈ লাগে। অৱশ্যে, এয়া সম্পূৰ্ণ নিজা মত মোৰ।

ৰূপালীপৰ্দাঃ ধন্যবাদ অংশুমান শইকীয়া। তোমাৰ সপোনবোৰ সাৰ্থক হওঁক।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 6

অংশুমান শইকীয়াঃ ধন্যবাদ ৰূপালীপৰ্দা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform