অস্কাৰ ২০২১ লৈ মাজত মাত্ৰ কেইটামান ঘন্টা। ছবিজগতৰ আটাইতকৈ প্ৰত্যাশিত বঁটা হৈছে অস্কাৰ অথবা Academy Awards অহা কাইলৈ ডিজিটেল মাধ্যমযোগে সম্প্ৰচাৰিত হোৱাৰ লগতে ইয়াক নিজ নিজ ঘৰতেই বহি উপভোগ কৰিব পাৰিব দৰ্শকেও। চলিত বৰ্ষৰ বিগত ১৫ মাৰ্চ তাৰিখে অস্কাৰ ২০২১ ত মনোনয়ন প্ৰাপ্ত ছবিসমূহৰ আনুষ্ঠানিক ঘোষণা কৰা হৈছিল আৰু এই ঘোষণা কৰিছিল বি-টাউন অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা লগতে তেওঁৰ স্বামী নিক জোনাছে। মুঠ ২৩ টা শাখাত মনোনয়ন লাভ কৰা ছবিসমূহৰ নাম ঘোষণা কৰে উক্ত যুঁটিটোৱে। ক’ৰোণা মহামাৰীৰ সন্ত্ৰাসৰ ফলত এইবাৰ অস্কাৰ এৱাৰ্ডক দৰ্শকে একগোট হৈ পূৰ্বৰ দৰে উপভোগ কৰিব নোৱাৰাত অৱশ্যেই প্ৰত্যেকৰে মনত এক অসন্তোষ ভাৱ প্ৰতিস্ফূৰ্ত হৈছে যদিও এই এৱাৰ্ডক লৈ উৎসাহী দৰ্শক। আজি অস্কাৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈ ভাৰতীয় দৰ্শকে ৰাতিপুৱা ৫.৩০ বজাৰ পৰা ৮.৩০ বজালৈ এই অনুষ্ঠান উপভোগ কৰিব পাৰিব। Oscar.com অথবা তেওঁলোকৰ অফিচিয়েল ইউটিউব চেনেলত দৰ্শকে উপভোগ কৰিব পাৰিব অস্কাৰ ২০২১।

Add comment