Rupaliparda.com
জানক "ক্লাউন এক্ট" কি? কিশোৰ ভৰদ্বাজ বৰুৱা আৰু প্ৰয়াস ফুকনৰ নতুন ভিডিঅ'- 1

জানক “ক্লাউন এক্ট” কি? কিশোৰ ভৰদ্বাজ বৰুৱা আৰু প্ৰয়াস ফুকনৰ নতুন ভিডিঅ’-

আমাৰ মাজৰ একাংশ নৱপ্ৰজন্ম এনে আছে যিয়ে হেৰাই যোৱা কিছুমান প্ৰথা অথবা অইনতকৈ কিছু ক্ষেত্ৰত ব্যতিক্ৰম হৈ কিবা এটা কৰাৰ চেষ্টাত অহৰহ বৰ্তি থাকে। আপোনালোক বাৰু “ক্লাউন এক্ট” ৰ বিষয়টোক লৈ অৱগত নে? এয়া কি অৰ্থাৎ এই অভিনয়ৰ আঁৰৰ কথাবোৰ বাৰু আপোনালোকে জানেনে? অৱশ্যে এই শব্দটো আৰু এনেধৰণৰ অভিনয়ৰ বিষয়টো আপোনালোক একাংশৰ দৰেই মোৰ বাবেও নতুন। চচিয়েল মিডিয়াত যেতিয়ালৈ দুগৰাকী অভিনেতা ক্ৰমে প্ৰয়াস ফুকন আৰু কিশোৰ ভৰদ্বাজ বৰুৱাৰ এটা ভিডিঅ’ মোৰ কাষ চপা নাছিল তেতিয়ালৈ এই বিষয়টোৱে মোক আকৰ্ষণো কৰা নাছিল। আপোনালোকক বৰ বেছিকৈ ৰখাই নথওঁ; আমি এই বিষয়টো অৰ্থাৎ “ক্লাউন এক্ট” ৰ বিষয়ে যেতিয়া অভিনেতা কিশোৰ ভৰদ্বাজ বৰুৱাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলো তেতিয়া তেওঁ নিজৰ প্ৰকল্প সমূহৰ বিষয়ে এক সুন্দৰ উপস্থাপন দাঙি ধৰিছিল। তেওঁ কয় যে, “ক্লাউন অৰ্থাৎ অসমীয়াত বহুৱা। প্ৰায় নাট্যশাস্ত্ৰৰ যুগৰ পৰা আৰু পশ্চিমৰ ইজিপ্তিয়ান যুগৰ পৰা নাটকত বহুৱা বিদ্যমান। অসমীয়া ভাওঁনাটো বহুৱা চৰিত্ৰ আছে। ভাৰতীয় প্ৰায় লোক পৰিবেশ্য কলাতে কিছুমান বহুৱাৰ চৰিত্ৰ আছে; পশ্চিমৰ দেশত ইটালীৰ কমোডিয়া ডেল আৰ্ট নামৰ লোককলাত বহুৱাৰ গুৰুত্ব যথেষ্ট । তাৰ পৰাই বিশ্ববাসীলৈ ক্লাউনক লৈ যে একোটাকৈ পৰিৱেশন হ’ব পাৰে সেইয়া পৰ্যবাসিত হৈছে। সহজকৈ ক’বলৈ গ’লে, ক্লাউনবোৰ বুৰ্বক । নিজেই কৰা ভুলতে বাৰম্বাৰ পৰে আৰু ভুলবোৰ ঠিক কৰিবলৈ যাওঁতে আকৌ ভুলতে পৰে।


আমি কৰা পৰিৱেশনটোৰ পৰিৱেশন শৈলী ক্লাউনিং। বিশেষকৈ, থিয়েটাৰ পাৰফৰমেঞ্চ কৰিবলৈ মই মাক্সবোৰ বনাইছিলো । এতিয়া সৰু সৰু ভিডিঅ কৰিছো। নিৰ্মাণ শৈলী হৈছে ডিভাইছ; ডিভাইছ কৰাৰ চিন্তাটো যিকোনো সৰু ঘটনা এটাৰ পৰা উন্মেষ হ’ব পাৰে। আমাৰ পৰিৱেশনটোত মোৰ বাবে সেইটো হ’ল মই কৰি থকা crafting বোৰ।” আগলৈ তেওঁ কয় যে, “যিকোনো এটা কথাৰ উহ খেদি, কোনো দৰ্শনৰ আধাৰত গল্প, কবিতা, উপন্যাসৰ আধাৰত বা আগতে লিখা নাটকৰ পৰা মূ ল দৰ্শনটো লৈ নাটকৰ পাঠ(text) এটা নিৰ্মাণ নকৰাকৈ তৈয়াৰ কৰা পৰিৱেশন একোটাক ডিভাইছ থিয়েটাৰ বুলি আধুনিক নাট্য সমালোচক সকলে সংঞ্জা আগবঢ়াইছে। ডিভাইছ থিয়েটাৰত নাটকৰ পাঠ নাথাকে, পৰিৱেশন পাঠ এটাহে পৰিচালক, অভিনেতা, লেখক, সংগীত পৰিচালক এই সকলো মিলি তৈয়াৰ কৰে। পৰিচালক জনে মূল কনচেপ্ট অথবা বিষয়বস্তুটো আৰু ডিজাইনৰ ওপৰত গুৰুত্ব দি পৰিৱেশনৰ মালা ধাৰ গাঁঠি যায়। লেখকে অত্যন্ত প্ৰয়োজনীয় যেন লগা সংলাপ আগবঢ়ায়। অভিনেতায়ে শৰীৰৰ সঞ্চালন ইত্যাদিৰ উন্মেষ নিজেই কৰে। মূলত কথাটো হ’ল, নাট্যকাৰক সৰ্ব্বোচ্চ পদত নাৰাখি এটা দলে এখন নাটক নিৰ্মাণ কৰে। থূলমূলকৈ ডিভাইছ বুলিলে ইয়াকে বুজায়।”

কিশোৰ ভৰদ্বাজ বৰুৱাৰ উক্ত কথাখিনিৰ সৈতে সংযোগ কৰিবলৈ আপোনালোকে যদি একোটা ভিডিঅ’ চাবলৈ বিচাৰিছে তেতিয়াহ’লে এই লেখাটোৰ মাজতেই একোটা সুন্দৰ ভিডিঅ’ৰ লিংক দি দিয়া হৈছে।মুখাক লৈ কিছুমান কাম কৰাৰ বিৰাট এক ইচ্ছা বুকুত কঢ়িয়াই ফুৰা এই গৰাকী অভিনেতাৰ লগতে ভিডিঅ’টোত থকা আনগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰয়াসৰ প্ৰতিটো প্ৰচেষ্টাৰ সফলতাৰ কামনা কৰি ৰূপালীপৰ্দাৰ তৰফৰ জনাইছো শুভকামনা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.