Rupaliparda.com
মাজুলীৰ এটা পৰিয়াল আৰু অনুৰাগ শইকীয়াৰ "Project Borgeet Chapter 2"- 1

মাজুলীৰ এটা পৰিয়াল আৰু অনুৰাগ শইকীয়াৰ “Project Borgeet Chapter 2”-

সমগ্ৰ দেশতেই নাটনি, ক’ৰবাত যদি আৰ্থিক অনাটন তাতেই আকৌ ক’ৰবাত অক্সিজেনৰ অনাটনত একাংশ নিৰীহ লোকৰ মৃত্যুৰ কিৰীলি। মুঠতে, অশান্তিকৰ এক পৰিৱেশে বিৰাজ কৰিছে সৰ্বত্ৰে। কিন্তু, এইসকলো বোৰৰ মাজতেই অহা এটা ভাল খবৰ; যিয়ে শেহতীয়াকৈ প্ৰতিজন অসমীয়াক গৌৰন্বিত কৰাৰ লগতেই উৎসাহিতও কৰি তুলিছে ই। মাজুলীক সংস্কৃতিৰ সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয়;সংস্কৃতিৰ এক অংশ মাজুলীতেই আছে। মাজুলী বুলি ক’লে সকলোৰে মনত এক অজান শিহৰণে ভূমুকি মাৰে। সৰুৰে পৰাই মাজুলীৰ প্ৰতিটো সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে তাত থকা প্ৰত্যেকজন জনসাধাৰণ। ৰাষ্ট্ৰীয় পৰ্যায়তো এওঁলোকে নিজৰ সংস্কৃতিক সুন্দৰ ৰূপত বিশ্লেষণ কৰা দেখিবলৈ পোৱা যায়। ইতিমধ্যে অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা বিকাশ তথা সুনাম অৰ্জন কৰা একাংশ শিল্পী, কলা-কুশলীৰ বিষয়ে আমি নিশ্চয় শুনিছো অথবা তেওঁলোকৰ কিছু কিছু সৃষ্টিক লৈ গৌৰন্বিতও হৈছো। এইখিনিতে আপোনাক দিবলৈ ওলাইছো আন এক ভাল খবৰ, অসম সন্তান তথা ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াৰ বহু প্ৰত্যাশিত প্ৰকল্প “Project Borgeet Chapter 2” য়ে লাভ কৰিছে মুক্তি। মাজুলীস্থিত এটি সৰু আৰু সংস্কৃতিৰে পৰিপূৰ্ণ এটা পৰিয়ালৰ সান্নিধ্যলৈ আহি অনুৰাগ শইকীয়া কেনেদৰে উৎকন্ঠিত হৈ পৰিছিল, তাৰ এক বিৱৰণ দাঙি ধৰাৰ সমান্তৰালকৈ উক্ত পৰিয়ালটোৰে প্ৰতিভাৱান জীয়ৰী তুলিকাৰ কন্ঠত আপোনালোকে শুনিবলৈ পাব এটি সুন্দৰ বৰগীত।


ওৰেটো জীৱন বৰগীতৰ প্ৰচাৰ আৰু প্ৰসাৰক লৈ ব্যস্ত থকা মাজুলীৰ নোমল (পৱিত্ৰ) শইকীয়াৰ পৰিয়ালটোৰ এটা সুন্দৰ দিশ প্ৰকল্পটোৰ মাজেৰেই উপস্থাপন কৰা হৈছে। তেওঁ নিজ অঞ্চলৰ ছাত্ৰ- ছাত্ৰী সকলক বৰগীত শিকোৱাৰ লগতে নোমল শইকীয়াই নিজ জীয়ৰী ধৃতিময়ী আৰু তুলিকা শইকীয়াক সৰুৰে পৰাই বৰগীত বিষয়ক ভিন্ন শিক্ষা দি আহিছে। Zeal Creation ত মুক্তিপ্ৰাপ্ত এই প্ৰকল্পটোত তুলিকা শইকীয়াই তেওঁৰ তিনি বছৰ বয়সৰ পৰাই পিতৃৰ সান্নিধ্যত শিকি আহিছে বৰগীত। Chapter 2 ৰ দ্বিতীয়টো বৰগীত হৈছে “আৰে উদ্ধৱ চলহু গোকুলে লাই”। বৰগীতটি শুনাৰ পিছতেই যেন প্ৰতিজন অসমীয়াই এক শিহৰণ অনুভৱ কৰিছে নিজৰ মাজত। এক প্ৰশান্তিৰ হাঁহি মাৰিছে সকলোৱে। এই প্ৰকল্পটোৰ সমগ্ৰ পৰিকল্পনা অনুৰাগ শইকীয়াৰ নিজৰেই। ভিডিঅ’টোৰ পৰিচালনা অবিনাশ ভূঞাৰ আৰু দৃশ্যগ্ৰহণ উত্তম কলিতাৰ; এৰিয়েল ৰূপম শৰ্মাৰ আৰু লোকেশ্বন চাউণ্ড ডিজাইন য়শ ৰাজৰ। লিখিছে অনুৰাগ শইকীয়া আৰু বিতুপন কাশ্যপে। আনহাতে, প্ৰযোজনা শ্যামন্তক গৌতমৰ, সম্পাদনা বিতুপন কাশ্যপ, চাউণ্ড ডিজাইন কিংশুক মৰাণৰ।

মাজুলীৰ এটা পৰিয়াল আৰু অনুৰাগ শইকীয়াৰ "Project Borgeet Chapter 2"- 2


উক্ত প্ৰকল্পটোৰ পিছতেই অনুৰাগ শইকীয়ালৈ আহিছে এতিয়া ইটোৰ পিছত সিটোকৈ শুভকামনা বাৰ্তা। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform