Rupaliparda.com
"চন্দ্ৰাৱলী" ত অন্তৰ্ভূক্ত গীত "এচেৰেঙা চেনেহী" ৰ শুভমুক্তিঃ 1

“চন্দ্ৰাৱলী” ত অন্তৰ্ভূক্ত গীত “এচেৰেঙা চেনেহী” ৰ শুভমুক্তিঃ

আগন্তুক সময়ত মুক্তি পাবলগীয়া একাংশ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ ভিতৰত এখন প্ৰত্যাশিত ছবি হৈছে “চন্দ্ৰাৱলী”। AB প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মিত এইখন অসমীয়া ছবি “চন্দাৱলী”ৰ সকলো কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।চন্দাৱলী ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা যোৰহাটৰ বলীন শৰ্মাৰ। পৰিচালক গৰাকীয়ে ইয়াৰ পূৰ্বে “হৃদয় কঁপোৱা গান” শীৰ্ষক অসমীয়া ছবিখনৰ কাহিনী, চিত্ৰনাট্য লিখাৰ উপৰিও সহযোগী পৰিচালক হিচাপে কাম কৰিছিল। বলীন শৰ্মা যোৰহাটৰ এজন প্ৰতিষ্ঠিত নাট্যকাৰ হোৱাৰ লগতে তেওঁৰ কেইবাখনো টেলিফ্লিম দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হৈছে। শেহতীয়াকৈ ছবিখনত অন্তৰ্ভূক্ত এটি সুন্দৰ গীত “এচেৰেঙা চেনেহী” য়ে লাভ কৰিছে মুক্তি; গীতটিয়ে মুক্তি লাভৰ পিছতেই শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু প্ৰকৃতি শৰ্মাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিত কথা, সুৰ আৰু সংগীত অজয় ফুকনৰ। সংগীত প্ৰযোজনা পলাশ গগৈৰ। সম্প্ৰতি সময়ছোৱাৰ পৰা আঁতৰি সকলোবোৰ সাধাৰণ হ’লেই ছবিখনক মুকলি কৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে।

"চন্দ্ৰাৱলী" ত অন্তৰ্ভূক্ত গীত "এচেৰেঙা চেনেহী" ৰ শুভমুক্তিঃ 2


“চন্দ্ৰাৱলী” ত অভিনয় কৰিছে ৰাজীৱ গোস্বামী, দেৱজিৎ মজুমদাৰ ,পল ফুকন ,ৰাতুল শৰ্মা, অতনু কাশ্যপ, ৰাজ ভৈৰৱ আৰু পৱিত্ৰ বৰুৱাই।নায়িকা চৰিত্ৰত অভিনয় কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে ।এটি বিশেষ চৰিত্ৰত মনীষা ৰাগিনীয়ে। ইয়াৰ উপৰিও, যোৰহাট আৰু গুৱাহাটীৰ বহু প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে যোৰহাটকে ধৰি গুৱাহাটী আৰু চিলংৰ মনোমোহা ঠাইত। ছবিখনত ৰূপ সজ্জা আকাশ গগৈৰ আৰু কৰিঅ’গ্ৰাফ উদয় শংকৰ ,শান্তুমনি শৰ্মাৰ।প্ৰযোজনা নিয়ন্ত্ৰক চঞ্চল জোতি বৰদলৈ আৰু শশাংক শেখৰ। সম্পাদনা অসীম শৰ্মা।আৱহ সংগীত পলাশ গগৈ। এই ছবিখনৰ সংগীত পৰিচালনা অজয় ফুকনৰ। গীত সমূহত কন্ঠদান কৰিছে জুবিন গাৰ্গ ,সুবাসনা দত্ত, গীতালি আৰু প্ৰকৃতি শৰ্মাই।চিত্ৰগ্ৰহণ কৃষ্ণ চাহাৰ লগতে মূখ্য সহকাৰী পৰিচালক পবিত্ৰ খাউন্দ আৰু মৃনাল ডেকা। সহকাৰী পৰিচালনা কল্লোল আৰু প্ৰাঞ্জু প্ৰিঞ্চৰ।

Add comment

Leave a Reply