Rupaliparda.com
সনু সোদ "নিগেটিভ" হোৱাৰ পিছতেই পজিটিভ অনুভৱ অনুৰাগীৰঃ 1

সনু সোদ “নিগেটিভ” হোৱাৰ পিছতেই পজিটিভ অনুভৱ অনুৰাগীৰঃ

৭ এপ্ৰিল তাৰিখে ক’ৰোণাৰ আগ্ৰাসনলৈ অহা অভিনেতা সনু সোদৰ শেহতীয়াকৈ ৰিজাল্ট নিগেটিভ হোৱাত উৎসাহী হৈছে জনসাধাৰণ। তেওঁৰ ৰিজাল্ট নিগেটিভ অহা পিছতেই তেওঁ চচিয়েল মিডিয়া যোগে পোষ্ট কৰি এই বাৰ্তা অনুৰাগীসকলক প্ৰদান কৰে। অভিনেতাগৰাকীৰ এই খবৰৰ প্ৰতিক্ৰিয়া স্বৰূপে কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে তেওঁৰ ওচৰত নিজ মত ব্যক্ত কৰে; ইয়াৰ ভিতৰত কংগনা ৰাণাওঁটেও সনু সোদলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। “লক-ডাউন” ৰ প্ৰথমটো ভাগৰ পৰা চৰ্চা লাভ কৰিছে এইগৰাকী বলীউড অভিনেতাই। অভিনেতা গৰাকীয়ে কেইবাজনো মজদুৰক বিনা টকা-পইচাৰে নিজ নিজ ঘৰলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। য’ত একাংশ মজদুৰে লক-ডাউনৰ ফলত নিজৰ আগন্তুক জীৱনক লৈ শংকিত হৈ আছিল সেইটো সময়তে বলীউড অভিনেতা সনু সোদ তেওঁলোকৰ মাজত ভগৱান হৈ থিয় দিছিল বুলি মন্তব্য কৰিছিল মজদুৰ সকলে নিজেই। নিজ বাসগৃহলৈ উভতি যোৱাৰ পিছত একাংশ মজদুৰে ভিন্ন ভিন্ন ধৰণে নিজৰ মৰম ব্যক্ত কৰিছে অভিনেতা গৰাকীৰ প্ৰতি। একাংশই য’ত নিজ সন্তানৰ নাম অভিনেতা গৰাকীৰ নামেৰে ৰাখিছে তাতেই আকৌ একাংশই অভিনেতা গৰাকীক পুনৰ বাৰ লগ পোৱাৰ আশ্বাস বিচাৰিছে। মুঠতে, সনু সোদৰ মহানুভৱতাই বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক। এক কথাত ক’বলৈ গ’লে, এয়া নকৰিবওঁনো কিয়? “লক-ডাউন” ৰ ফলত বহু মজদুৰ খোজ কাঢ়ি গৈয়ে নিজ গন্তব্য স্থানলৈ আগবাঢ়িছিল আৰু তেনে এক সময়ত সনু সোদৰ এই সহায়ে তেওঁলোকৰ বাবে আশাৰ কিৰণ হৈ নামিছিল।

সনু সোদ "নিগেটিভ" হোৱাৰ পিছতেই পজিটিভ অনুভৱ অনুৰাগীৰঃ 2


কিছুদিন পূৰ্বে সনু সোদে “ব্লাড বেংক” নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ এক ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, “দেশত ১২ হাজাৰ এনে ৰোগী থাকে যিয়ে ৰক্ত নোপোৱাৰ বাবে মৃত্যুক আঁকোৱালি ল’বলগীয়াত পৰে। আপোনাৰ ২০ মিনিটে একোজন ব্যক্তিক জীয়াই তুলিব পাৰে। কাৰোবাৰ জীৱন বচাবলৈ আপুনি ডাক্তৰ নহ’লেও হ’ব। ৰিপোৰ্টনুসৰি, সনু সোদে “সনু ফৌৰ ইউ” নামে এক এপৰ মুকলি কৰিব; যাৰ দ্বাৰা ৰক্তদানকাৰী সকলৰ সৈতে নিজাববীয়াকৈ ৰোগী সকলৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। এই ব্লাড বেংকটোৰ জৰিয়তে দূৰ্লভ ব্লাড সমূহৰ উপলদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.