Rupaliparda.com
নৱপ্ৰজন্মক দিছে সাহস; আচুৰ্য্য বৰপাত্ৰৰ নতুন গীত "দিনকণা"- 1

নৱপ্ৰজন্মক দিছে সাহস; আচুৰ্য্য বৰপাত্ৰৰ নতুন গীত “দিনকণা”-

নৱপ্ৰজন্মই বহুত ভাল কাম কৰি আছে; আচলতে সম্প্ৰতি প্ৰত্যেকখন ক্ষেত্ৰতে নৱপ্ৰজন্মৰ প্ৰতিভা নুই কৰিব নোৱাৰি। কিন্তু এয়াও সত্য যে, একাংশ নৱপ্ৰজন্ম গুটখা জাতীয় বস্তুৰ সেৱন কৰি ইমানেই অধিক ধ্বংসৰ গৰাললৈ নামিছে যে তাৰ পৰা তেওঁলোকক উলিয়াই অনাটোও একপ্ৰকাৰ প্ৰশ্ন হৈ পৰিছে। আমি প্ৰায়ে সংবাদ মাধ্যমত দেখো অথবা সংবাদ পত্ৰযোগে পঢ়ো যে অনাগত দিনত অতিশীঘ্ৰেই দোকান সমূহৰ পৰা গুটখা, পান অথবা ভিন্ন নিচা জাতীয় পণ্যৰ বিক্ৰী বন্ধ হ’ব। কিন্তু পিছলৈ গৈ এই আটাইবোৰ হয় পৰে ফুটুকাৰ ফেন। নৱপ্ৰজন্মৰ এনে এক বিষয়ক লৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি গীত “দিনকণা”।একোজন নৱপ্ৰজন্মৰ “নিচা”ৰ অভ্যাসে প্ৰতিটো মিনিটত তেওঁক ধ্বংস কৰাৰ লগতে তেওঁৰ পৰিয়াল তথা তেওঁৰ আহিবলগীয়া সময়কো ধবংসৰ কুঁৱালৈ ঠেলি পঠিয়ায়। উক্ত গীতটিত এটি সঁচা বিষয়ৰ উপস্থাপনে গীতটিক অধিক গ্ৰহণযোগ্য কৰি তুলিছে। আমি প্ৰায়ে নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা এক অন্যতম কাৰণ ৰূপে দেখিবলৈ পাওঁ নিচাক আৰু এনেধৰণৰ খবৰে প্ৰায় প্ৰতিজন সচেতন নাগৰিককেই হতাশ কৰি তোলে। উক্ত গীতটিৰ জৰিয়তে এটি ধনাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে গীতটিৰ সৈতে জড়িত কলা-কুশলীয়ে।


“মুক্তি বিচাৰি নেলাগে চাবলৈ বেছি দূৰলৈ জানা! গছপাত খিলা, তাকেই মন কৰা অথবা সৰু ধূলিকণা”; গীতটিৰ জৰিয়তে একাংশ নিচাসক্ত যুৱক-যুৱতীক যেন সাহস প্ৰদান কৰিছে তেনে অনুভৱ হৈছে। কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত গীতটিয়ে মুক্তিৰ পিছতেই জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিত কথা সমুদ্ৰ কাজল শইকীয়া আৰু পাপলু চেতিয়াৰ; ইয়াত সংগীত আৰু সুৰ কৰিছে বিজয় শংকৰে। শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে; গীতাৰ বজাইছে কাইফি আহমেদে। ড্ৰামচ প্ৰগ্ৰেমিং কৰিছে হীৰক বৰাই আৰু লিৰিকেল ভিডিঅ’ ৰ দায়িত্বত আছে ধ্ৰুৱজ্যোতি বৰা। প’ষ্টাৰ ডিজাইন কৰিছে প্ৰাচুৰ্য প্ৰতিম শইকীয়াই। আমি মানৱ সমাজে কোনো এটা বিষয় মনোৰঞ্জনৰ মাজেৰেই যেতিয়া বুজিবলৈ পাওঁ তেতিয়া সেই কথাবোৰ গ্ৰহণযোগ্য হৈ পৰে; সেয়েহে একোগৰাকী “শিল্পী” য়ে কেতিয়াবা সমাজৰ গধুৰ বিষয়সমূহ তেওঁলোকৰ গীতৰ মাজেৰেই জনসাধাৰণলৈ উলিয়াই দিবলৈ বিচাৰে। নৱপ্ৰজন্মৰ মাজত তেনেই জনপ্ৰিয় আচুৰ্য্য বৰপাত্ৰ; তাতেই আকৌ শেহতীয়াকৈ তেওঁ খুমটাই বিধানসভা সমষ্টিত গ্ৰাম্য পৰ্যটনৰ বেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰিছিল। এম্বেচাদৰ ৰূপে নিযুক্তি লাভ কৰাৰ পিছতেই কণ্ঠশিল্পী গৰাকীয়ে সক্ৰিয়তাৰে অঞ্চলটোৰ উন্নয়নৰ দিশত কাম আৰম্ভ কৰিছে।

নৱপ্ৰজন্মক দিছে সাহস; আচুৰ্য্য বৰপাত্ৰৰ নতুন গীত "দিনকণা"- 2

“দিনকণা” শীৰ্ষক গীতটি আচুৰ্য্য বৰপাত্ৰৰ ব্যক্তিগত ইউটিউব চেনেলত লাভ কৰিছিল মুক্তি। আৰু, গীতটিৰ সফলতা কামনা কৰি প্ৰতিজন কলা-কুশলীক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform