নাটকৰ মানুহ , চিনেমাৰ মানুহ হীৰেন বৰা । — ২০০৩ বৰ্ষৰ কোনো এটা নিশা ‘ অভিনয়ৰ মানুহ জনৰ সৈতে মোৰ প্ৰথম মুখামুখি । সেই সময়ত মই ‘ আজি ‘ৰ উপ সম্পাদক । দৈনিক কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশ — এঠাইৰ পৰা আহিব লাগে । নিশা ৯ বাজি গৈছিল । ২ মিনিট মান আগতে শেষ পৃষ্ঠাৰ কাম শেষ কৰিছোহে ! পুৱৰে পৰা লাগি – লাগি সাহিত্য আৰু প্ৰকৃতিৰ পৃষ্ঠা দুটা কৰিছো ! এতিয়া আকৌ ! ‘ আৰু নোৱাৰিম ‘ বুলি কোৱাৰ আগতে ভূঞা চাৰে কৈছিল — ” বিশেষ কাম নাই ! তুমি যোৱা , তাত ৰাতিৰ আহাৰ খাবা ! আৰু ঘৰলৈ যাবা ! মোৰ গাড়ী খন লৈ যোৱা ! মোক মাতিছিল ! মই যাব নোৱাৰিম ! মোৰ হৈ তুমি যাবা বুলি কৈছো । — যাবা নহয় ? ” মই নাযাও বুলিব নোৱাৰিলো ।
১০ মান বজাত মহানগৰীৰ নাৰিকলবাৰীৰ নিৰ্দিষ্ট ঘৰটো পাইছিলো । মানুহ ভৰি আছিল ! কেইবা খনো চিনকি মুখ । অসমীয়া ৰূপালি পৰ্দাৰ বাহিৰৰ – ভিতৰৰ চিনাকি মুখ । স্বাভাবিকতে অসমীয়া চিনেমাৰ অতীত – বৰ্তমানক লৈ ব্যস্ত হৈছিলো । সেইদিনা অনুভৱ কৰিছিলো — অসমীয়া চিনেমাৰ কেইবা গৰাকীও পৰিচালকে নিজে নিজকে ৰাজ কাপুৰ – সুভাষ ঘাইৰ স্থানত ৰাখিছে ! আৰু এনে ‘ ভাব ‘ ( অহংকাৰ ) -এ অসমীয়া চিনেমাৰ সমস্যা বঢ়াইছে ! মই হয়তো কঠোৰ ভাবে কৈছিলো — অসমত ‘কথাছবি ‘ৰ পৰিচালকৰ আকাল নাই , চিনেমাৰ পৰিচালকৰহে আকাল ! মজাৰ কথা ‘ সুভাষ ঘাই ‘ কেইগৰাকীয়ে মোৰ কথাৰ অৰ্থ বুজিয়ে নাপালে ! কথা আৰু বঢ়াৰ আগতে এজনে কৈছিল — ” আপোনাক দাদাই মাতিছে ! সেইফালে , ভিতৰলৈ ! ” — ভিতৰত খোৱাৰ আয়োজন ! ” মই হীৰেন বৰা ! ” — খোৱাৰ পাতত প্ৰথমবাৰ মুখা মুখি হৈছিলো হীৰেন বৰাৰ সৈতে । তেতিয়ালৈকে মই জানিছিলো হীৰেন বৰাই অভিনয় কৰে ! টি ভি ধাৰাবাহিক পৰিচিলনা কৰে , লিখে । কথা প্ৰসঙ্গত কৈছিল , লখিমী থিয়েটাৰতো অভিনয় কৰিছিল । সেইটো নাট্যবৰ্ষত , যিটো নাট্যবৰ্ষত অসমীয়া চিনেমাৰ তাৰকা বিজু ফুকনে অভিনয় কৰিছিল । ” চিনেমাৰ কথা চিন্তা কৰি আছো । সহায় কৰিব লাগিব ! ” — সেই ৰাতি হীৰেন বৰাই কৈছিল । — আৰু তাৰ পিছত ! — মাজে – মাজে বহিছিলো ! চিনেমাৰ কথা আগবাঢ়িছিল । আৰু এদিন কৈছিল , চিনেমাৰ বিষয়বস্তু খাটাং — হাতী আৰু মানুহৰ সংঘাত । নাম ৰাখিছে ‘ বসুন্ধৰা ‘ । পৰিচালনা হীৰেন বৰাই নিজে কৰিব । ” এতিয়া তোমাৰ সহায়ৰ প্ৰয়োজন ! ” — হীৰেন বৰাই কৈছিল । — প্ৰথম ‘ সহায় ‘ সংগীত পৰিচালনা কোনে কৰিব পাৰিব মোৰ ফালৰ পৰা চিন্তা কৰিব লাগে আৰু ঠিক কৰিব কৰিব লাগে । মই এক মিনিতো চিন্তা নকৰাকৈ তৰালি শৰ্মাৰ কথা কৈছিলো আৰু এদিন তৰালি শৰ্মাক লৈ গৈছিলো । আৰু সংগীত পৰিচালনাৰ দায়িত্ব তৰালি শৰ্মাই লৈছিল । ( কথা প্ৰসঙ্গত হীৰেন বৰাই কৈছিল — তৰালি ‘ সংগীত ‘ক লৈ সুখী । আৰু পৰিচালক গৰাকীৰ পৰৱৰ্তী চিনেকৰ্মৰো সংগীত সৌন্দৰ্য আছিল তৰালি শৰ্মাৰ সংগীত । ) — আহিছো দ্বিতীয় ‘ সহায় ‘লৈ । চিনেমা খনৰ ‘ খলনায়ক ‘ৰ চৰিত্ৰটো যতীন বৰাক লৈ চিন্তা কৰিছে ! মই যতীনৰ সৈতে কথা পাতিব লাগে ! পাতিছিলো । যতীন বৰা মান্তি হৈছিল । কিন্তু শেষ ‘ সময় ‘ ত কি হ’ল নাজানিলো ! চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰিছিল আন এগৰাকী অভিনেতাক । অৱশ্যে ইমান খিনি জানো — যতীন বৰাই অভিনয় নকৰাৰ কাৰন ‘ আৰ্থিক ‘ নাছিল । — পৰিচালক গৰাকীয়ে আৰু কৈছিল , চিনেমা খনত সাংবাদিকৰ চৰিত্ৰ এটা আছে । চৰিত্ৰটোই ৰূপালী গল্পটো আগবঢ়াই নিব । — মই সৌৰভ হাজৰিকাৰ কথা কৈছিলো । সৌৰভ হাজৰিকাৰ সৈতে কথা পাতিছিলো । আৰু চৰিত্ৰটোত সৌৰভ হাজৰিকাকে দেখিছিলো । মোৰ পৰা বিচৰা ‘ সহায় ‘ সিমানে আছিল ! — মই ‘ অসমীয়া প্ৰতিদিন ‘ত ব্যস্ত হৈছিলো । ‘ বসুন্ধৰা ‘ৰ খবৰ ৰখা নাছিলো । এদিন ‘ অসমীয়া প্ৰতিদিন ‘ লৈ অহা খবৰ এটা সম্পাদনাৰ বাবে হাতত লৈহে জানিব পাৰিছিলো ‘ বসুন্ধৰা ‘ সম্পূৰ্ণ । আৰু এদিন চিত্ৰগৃহত চিনেমা খন চাইছিলো । চিনেমা খনৰ গল্প কোৱাৰ কৌশল , পৰিচালনা শৈলীয়ে মোক সন্তুষ্ট কৰিব পৰা নাছিল ।
মোৰ ধাৰণাত বিষয়বস্তুক চিত্ৰনাট্যকাৰে বিশেষ গুৰুত্ব দিয়া নাছিল , গল্পকেন্দ্ৰীক গতি দিয়াতহে গুৰুত্ব দিছিল । দৰ্শকে চিনেমা খন চোৱাৰ পিছত প্ৰকৃতিক ৰক্ষাৰ বাবে সংঘৰ্ষ কৰা ‘ নায়িকা ‘কহে মনত ৰাখিছিল । হাতী – মানুহৰ সংঘাত ‘ নায়িকা ‘ৰ সংঘৰ্ষ – দুখৰ ওচৰত নিস্প্ৰভ হৈছিল সু-পৰিকল্পনাৰ অভাৱত । ( দ্বিতীয়তে — কেমেৰাৰ ভাষাতকৈ সাহিত্যৰ ভাষাক বেছি গুৰুত্ব দিছিল । গতিকে ‘ নাটক ‘ বেছি আছিল ।) ফলত ‘ বিশেষ বিষয়বস্তু ‘ সাধাৰণ পৰ্যায়ত ৰৈ গৈছিল । ( বিষয়বস্তু : হাতী – মনুহৰ সংঘাত । পৰিচালকৰ সাধাৰণ চিন্তা নাছিল ! সেই সময়ত , আজিৰ তাৰিখতো কেৱল অসমৰে নহয় , বিশ্বৰে সমস্যা । চিনেচিন্তা সুপৰিকল্পিত হ’লে ‘ বসুন্ধৰা ‘ ( শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ) ৫৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উৰ্ধলৈ গ’ল হেতেন ! বিশ্বৰ চিনেমা হ’ল হেতেন ! ( ‘ বসুন্ধৰা -The Earth ‘ ২০১০ চনৰ চিনেমা । ‘ সুৰভি এন্টাৰপ্ৰাইজ’ৰ বেনাৰত নিৰ্মিত এই চেনেমা খনত অভিনয় কৰিছে বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ভ্ৰান্তি মেধি ইফটিকাৰ আদিয়ে । ) এই দিশটো হয়তো মই অনুভৱ নকৰিলো হেতেন ! — যদিহে পৰিচালক হীৰেন বৰাই ৰূপালী গল্পলৈ ৰূপান্তৰ হোৱাৰ পূৰ্বে ‘ বসুন্ধৰা ‘ৰ গল্প আৰু বিষয়বস্তু অনুভৱৰ সুযোগ নিদিলে হেতেন ! নিদিলে ‘ হীৰেন বৰাৰ চিনেচিন্তা ‘ যে ‘ হীৰেন বৰাৰ চিন্তা ‘ত কৈ দুৰ্বল , সেয়া হয়তো অনুভৱ নকৰিলো হেতেন ! — মোৰ ‘বেয়া লগা ‘ মানেই চিনেমা এখনৰ মান নিম্ন নহবও পাৰে ! আনৰ কথা বাদ দিলো ! ‘ বসুন্ধৰা ‘ক লৈ পৰিচালক সুখী । প্ৰথম ( চিনেমা ) স্বাধীন পৰিচলনাৰেই ‘ ৰাষ্টীয় বঁটা ‘! — সুখী নহব কিয় ? আৰু চিনেমা খনে দেশ – বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱতো চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ , সন্মান পোৱাৰ খবৰো বিভিন্ন মাধ্যমত দেখিছো , পঢ়িছো । ‘ স্থনীয় বজাৰ ‘ৰ বিফলতাৰ বিপৰিতে নিঃসন্দেহে এয়া সফলতা । আৰু এই সফলতাৰ বুনিয়াদত ঠিয় হৈ পৰিচালক গৰাকীয়ে নিৰ্মাণ কৰিছে — ‘ ক্ষোভ ‘ ( ২০১৭) , ‘ সীমা : দা আনটোল্ড ষ্টোৰী ‘ ( ২০১৮ ) , ‘বাঁহী ‘ । ২০১০ চনত প্ৰকাশ পাইছিল মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস ‘ বাঁহী ‘ । এই উপন্যাস খন ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে হীৰেন বৰাই । ( আগলৈ চিনেমা কেইখন আলোচনা কৰিম)
Add comment