Rupaliparda.com
সপোন আৰু বাস্তৱ; অতনু মহন্তৰ অভিনয়েৰে "Desolation" 1

সপোন আৰু বাস্তৱ; অতনু মহন্তৰ অভিনয়েৰে “Desolation”

সপোন; এই সপোনবোৰ লৈয়েটো আমি প্ৰত্যেকেই জীয়াই আছোঁ অথবা জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ। সপোনবোৰক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ স্বাৰ্থত আমি যিমান দূৰলৈ পাৰোঁ সিমান দূৰলৈ যাওঁ। আচলতে, বহু বিজ্ঞ জনে পূৰ্বেও বহুবাৰ কৈছে যে হাৰ নামানিবা; প্ৰত্যাহ্বান সামৰি আগুৱাই যোৱা। আমিও সেই একেবোৰ কথাকেই হৃদয়ংগম কৰি প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আগবাঢ়িবলৈ প্ৰয়াস কৰিছোঁ কিন্তু! হয়, ইয়াত প্ৰায় বহু ব্যক্তিয়ে নিজ জীৱনত সপোনবোৰ সাৰ্থক কৰিবলৈ যাওঁতে কোনোবাখিনিত এই “কিন্তু” টোৱে বৰ আমনি কৰে। সংগ্ৰাম-সংঘৰ্ষ ব্যক্তিবিশেষৰ জীৱনৰ এনে কিছু উপাদান, যাক এৰুৱাই ৰাখিবলৈ চেষ্টা কৰিলেও নোৱাৰি। জীৱন যুদ্ধত প্ৰাপ্তিৰ-অপ্ৰাপ্তিৰ খেল খনে আমাক আমনি কৰে; আমি কেতিয়াবা নিজৰ সপোনবোৰৰ ডিঙি চেপি আৰ্থিক নিৰাপত্তাৰ বাবে উপায়হীন হৈ অনিচ্ছা স্বত্বেও কৰ্মটোত নিয়োজিত হ’বলগীয়া হয়। য’ত টকা অধিক কিন্তু আত্মসন্তুষ্টিৰ অভাৱ থাকে, ক্ষণে ক্ষণে অহা প্ৰত্যাহ্বান তথা মনৰ মাজৰ দোধোৰ-মোধোৰ পৰিস্থিতিটোৰ সৈতে যুঁজ দিবলগীয়া হয়। এই আটাইবোৰ কথাকেই সামৰি শেহতীয়াকৈ মুক্তি লাভ কৰা এখন চুটি ছবিয়ে ইতিমধ্যে দৰ্শক সকলৰ পৰা বহুল সমাদৰ লাভ কৰিছে। “Desolation” শীৰ্ষক এই চুটি ছবিখনত এগৰাকী কিশোৰৰ কৰ্মদায়িত্ব আৰু সপোনৰ মাজৰ কথাখিনিক উপস্থাপন কৰা হৈছে।


এজন যুৱকৰ অভিনয়ৰ সপোন আৰু তেওঁ নিজ পেট পুঁহিবলৈ কৰি থকা কামটোৰ মাজৰ সেই ক্ষীণ ৰেখাডালক লৈ এই চুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। নিজৰ পেট আৰু পৰিয়ালবৰ্গক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে এগৰাকী যুৱকে নিজৰ সপোন বোৰক বাকচত ভৰাই আকৌ এবাৰ বিচাৰি আনিব নোৱাৰাকৈ দলিয়াই দিয়া আমি দেখিছোঁ। তেতিয়াই আচলতে স্পষ্ট হয় সেই পুৰুষৰ প্ৰত্যাহ্বান কোনটো পৰ্যায়ৰ। পঞ্চম শ্ৰেণীৰ পৰা নাটকৰ সৈতে জড়িত অতনু মহন্তৰ অভিনয় ক্ষেত্ৰখনত থকা দক্ষতাই এই চুটি ছবিখনক ৰাইজৰ আগত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। ফেঁহুজালি মিডিয়ালেবৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা মানসজ্যোতি বৰাৰ। কাহিনী কুসুম মহন্তৰ লগতে দৃশ্যগ্ৰহণ কৰিছে নয়ন জ্যোতি দেৱীয়ে। সংগীত কৰিছে দীপাংক শইকীয়াই। প্ৰডাকচন ডিজাইন কৰিছে ৰঞ্জিতা বৰুৱা আৰু দূৰ্গাশ্ৰী বৰাৰ। সংগীত ব্যৱস্থাপনা ৰাকেশ বড়োৰ। আনহাতে, ডি আই উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্য আৰু পোষ্টাৰ ডিজাইন কৰিছে সাগৰিকা বি ৰিকুৰ। আমি প্ৰায়ে কৈ আহিছোঁ যে নৱপ্ৰজন্মৰ চুটি ছবিসমূহে আমাক মনোৰঞ্জন প্ৰদানত অহোপুুৰুষাৰ্থ কৰিছে, তাতেই আকৌ যেতিয়া তেওঁলোকে দৰ্শকক সংযোগ কৰিব পৰা বিধৰ কাহিনী ইয়াত সন্নিৱিষ্ট কৰি গৈ থাকে তেতিয়া ই চৰ্চা লাভ কৰিবলৈ সক্ষম হয়।

সপোন আৰু বাস্তৱ; অতনু মহন্তৰ অভিনয়েৰে "Desolation" 2


সাম্প্ৰতিক সময়ৰ সৈতে খাপ খোৱা এই চুটি ছবিখনৰ আৰু অধিক সফলতাৰ কামনা কৰিছে ৰূপালীপৰ্দাই। লগতে, পেজটোৰ তৰফৰ চুটি ছবিখনৰ সৈতে জড়িত কলা-কুশলীক জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform