Rupaliparda.com
প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ "এক যোগ এক" ৰ তৃতীয় গীত "যুঁজি যাওঁ"- 1

প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ “এক যোগ এক” ৰ তৃতীয় গীত “যুঁজি যাওঁ”-

নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা তেওঁৰ আন এটা গীতৰ বাবে সাজু হৈছে। তেওঁৰ বহুল ভাৱে প্ৰত্যাশিত “এক যোগ এক” এলবামটোৰ তৃতীয়টো গীতৰ বাবে সাজু হৈছে নৱপ্ৰজন্মৰ এই প্ৰতিভা গৰাকী। “যুঁজি যাওঁ” শীৰ্ষক এটি নতুন গীতৰ খবৰ ইতিমধ্যে তেওঁ চচিয়েল মিডিয়া যোগে জানিবলৈ দিছে অনুৰাগীক। উক্ত এলবামটোৰ আন দুটি গীত ক্ৰমে “শেষ” আৰু “কোন তুমি?” য়ে মুক্তি লাভ কৰাৰ সমান্তৰালকৈ শ্ৰোতা-দৰ্শকৰ দ্বাৰা প্ৰশংসিত হ’বলৈও সক্ষম হৈছে। দীঘলীয়া পৰিকল্পনা আৰু প্ৰস্তুতিৰ অন্তত এই গীতটি যে মুক্তি লাভৰ বাবে সাজু হৈছে সেয়া প্ৰণৱ প্ৰিয়াংকুশে নিজেই জানিবলৈ দিছে। ২০০৮ চনৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰা প্ৰণৱে ২০১৫ চনৰ পৰা তেওঁৰ নিজ পাঁচ গৰাকী সতীৰ্থৰ সৈতে “Purple Haze” নামে এক বেণ্ডৰ সৈতে জড়িত হৈ পৰে। অসমীয়া সংগীত ক্ষেত্ৰখনত আৰু অধিক কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰা উক্ত সংগীতশিল্পী গৰাকীৰ এই এলবাম খনৰে অৰ্থাৎ “এক যোগ এক” ৰ আন তিনিটা গীত আহিবলগীয়া সময়ত উপভোগ কৰিবলৈ পাব দৰ্শক-শ্ৰোতাই। কণ্ঠশিল্পী দীপলিনা ডেকাৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰা গীত “মধুলগন” ৰ সফলতাৰ কণ্ঠশিল্পী গৰাকীয়ে আৰু পিছলৈ চাবলগীয়া হোৱা নাই। তেওঁৰ অনাগত দিনত মুক্তিপাবলগীয়া গীত সমূহক লৈ অৱশ্যে অপেক্ষাৰত শ্ৰোতা-দৰ্শক।

প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ "এক যোগ এক" ৰ তৃতীয় গীত "যুঁজি যাওঁ"- 2


গীতটিৰ মুক্তিৰ তাৰিখ অথবা ইয়াৰ সৈতে জড়িত বিষয়বস্তুৰ বিষয়ে কণ্ঠশিল্পী গৰাকীয়ে বৰ্তমানলৈ নিজ দৰ্শকক একো জানিবলৈ দিয়া নাই।সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ কণ্ঠৰ লগতে তেওঁ নিজে সুৰ-সংগীতে সঁজোৱা একোটা গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। নিজ নিজ ৰৈ যোৱা প্ৰকল্পসমূহক লগত লৈ স্তব্ধতাই বিৰাজ কৰিলেও ইটোৰ পিছত সিটোকৈ আহিছে ভাল খবৰ। আহিবলগীয়া গীতসমূহৰ সৈতে যদিহে এক চিনাকী প্ৰিয় কণ্ঠ জড়িত হয় থাকে তেতিয়াহ’লে তাতকৈ অধিক ভাললগা কথা অইন কি হ’ব পাৰে!

প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ "এক যোগ এক" ৰ তৃতীয় গীত "যুঁজি যাওঁ"- 3


“যুঁজি যাওঁ” ৰ মুক্তিৰ পিছতেই আমাৰ তৰফৰ পৰা গীতটিৰ সফলতা কামনা কৰিছোঁ। লগতে, গীতটিৰ সৈতে জড়িত কলা-কুশলীক জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform