Rupaliparda.com
এখন নতুন ছবি, "Hireath" ( হিৰাইথ) ৰ কিছু কথাঃ 1

এখন নতুন ছবি, “Hireath” ( হিৰাইথ) ৰ কিছু কথাঃ

আমি প্ৰত্যেকেই দেখিছোঁ অথবা বুজি উঠিছোঁ যে, সমাজত দুই প্ৰকৃতিৰ লোক আছে। এচাম ধনীৰ আৰু এচাম দুখীয়াৰ, আমি এই পাৰ্থক্যটো কৰিবলৈ নিবিচাৰিলেও আচলতে সমাজত এই লক্ষণটো পৰিলক্ষিত হয়। ফুটপাথতো এচাম লোকে সপোন ৰচিছে আৰু এচামে বৃহৎ অট্টালিকাত থাকিও সপোনক বাস্তৱলৈ ৰূপায়িত কৰিছে। জীৱন পৰিক্ৰমা সমূহো অবিৰত ভাৱে এনেদৰেই চলি গৈ আছে। কিন্তু এইখিনিতে, এটা কথা ক’বই লাগিব যে সমাজৰ দুই প্ৰকৃতিৰ লোকৰ মাজত ধনী সকলে দুখীয়া সকলক বহু সময়ত শোষণ কৰি থকা দেখিবলৈ পোৱা যায়। সঁচা কথা ক’বলৈ গ’লে ধনী সকল নিৰ্ভৰশীল এই দুখীয়াসকলৰ ওপৰতেই। দুখীয়াৰ দুবাহুত ভৰি দিয়েই বহু ধনী লোকে টকা-পইচা অৰ্জন কৰি নিজৰ বিলাসপূৰ্ণ জীৱন জীয়াবলৈ সক্ষম হৈছে। সেইবাবেই ভিক্টোৰ হুগোৰ এষাৰ কথা এইক্ষেত্ৰত স্পষ্ট প্ৰমাণিত হয়। “ধনী সকলৰ স্বৰ্গ, দৰিদ্ৰ সকলৰ নৰকৰ পৰাই তৈয়াৰ কৰা হৈছে”, এই কথাষাৰৰ অন্তনিৰ্হিত মূল যথেষ্ট সৰু যদিও ই হৃদয়স্পৰ্শী। এনে এক কাহিনীকেই ভেটি হিচাবে গ্ৰহণ কৰি এখন ছবি আপোনালোকৰ মাজলৈ আহিবলৈ সাজু হৈছে। ছবিখনৰ নাম হৈছে “Hireath (হিৰাইথ)”। শেহতীয়াকৈ ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলিৰ লগতেই ই দৰ্শক বৃন্দৰ মাজত খলকনিৰ সৃষ্টি হৈছে। ছবিখনৰ নামটো তথা ইয়াৰ পোষ্টাৰ খনত দেখিবলৈ পোৱা ব্যতিক্ৰমীতাই আচলতে উৎসাহিত কৰিছে সকলোকে।

এখন নতুন ছবি, "Hireath" ( হিৰাইথ) ৰ কিছু কথাঃ 2


বিগত বছৰটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ জনসাধাৰণক অকণমান প্ৰশান্তি দিবলৈ চেষ্টা কৰা আহিলা বিধেই হৈছে “মনোৰঞ্জন”। সেইবাবেই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰতিটো খবৰে উৎকণ্ঠিত কৰিছে সকলোকে। “Sengpem Films”ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে পাৰ্থ বৰগোঁহাইয়ে। প্ৰযোজনা সুভিত্যা বৰগোঁহাইৰ লগতে সহযোগী প্ৰযোজক হৈছে চেংগপেম বৰগোঁহাই। ছবিখনত অভিনয় কৰিছে ক্ৰমে মেঘালী কলিতা, অতনু মহন্ত আৰু অসীম শৰ্মাই। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত আছে অৰুণাভ দত্ত। লগতে, শব্দ নৱপন ডেকাৰ আৰু বিজিএম চিৰঞ্জীৱ বৰুৱাৰ। আমি পূৰ্বেও কৈছিলোঁ যে, মনোৰঞ্জন এক অবিৰত প্ৰক্ৰিয়া। অইন প্ৰতিটো বস্তুত স্তব্ধতা সানিলেও মনোৰঞ্জনে নিজৰ বিকল্প পথৰ নিৰ্বাচন কৰি ৰাইজৰ কাষ চাপিবলৈ সক্ষম হয়। “লক-ডাউন” ৰ ফলত ছবিক্ষেত্ৰখনে কিছু দিশত যদিও পিছুৱাই যাবলৈ বাধ্য হৈছে তৎস্বত্বেও একাংশ পৰিচালক আৰু প্ৰযোজকৰ নতুন সৃষ্টিৰ দৃঢ়তাই হাৰ মনা নাই এই পৰিস্থিতিৰ সমুখত। সেইবাবেই আমি ইটোৰ পিছত সিটো সৃষ্টি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ অথবা সৃষ্টি সমূহৰ ন-ন খবৰসমূহ পাবলৈ ধৰিছোঁ।

এখন নতুন ছবি, "Hireath" ( হিৰাইথ) ৰ কিছু কথাঃ 3


অনাগত দিনত মুক্তি পাবলগীয়া উক্ত ছবিখনৰ সফলতাৰ কামনা কৰি ইয়াৰ সৈতে জড়িত প্ৰত্যেকজন কলা-কুশলীক জনাইছোঁ ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform