Rupaliparda.com
৩৩ বছৰীয়া প্ৰেম আৰু তাৰ পিছত বিবাহ, পত্নীহাৰা দ্বীপেন বৰুৱাঃ 1

৩৩ বছৰীয়া প্ৰেম আৰু তাৰ পিছত বিবাহ, পত্নীহাৰা দ্বীপেন বৰুৱাঃ

৩৩ বছৰীয়া প্ৰেম আৰু তাৰ পিছত বিবাহ। পত্নীহাৰা হ’ল অসমীয়া জনপ্ৰিয় চিৰসেউজ শিল্পী দ্বীপেন বৰুৱা, বাথৰুমত পৰি মৃত্যুক সাৱটি ল’লে কণ্ঠশিল্পী গৰাকীৰ পত্নী ছৈয়দা জ্যোৎস্না ৰহমানে। আকস্মিক ভাৱে মৃত্যুক আঁকোৱালি লোৱা ছৈয়দা জ্যোৎস্না ৰহমানৰ বয়স আছিল মাত্ৰ ৫১ বছৰ। পত্নীৰ মৃত্যুত মৰ্মাহত হৈছে কণ্ঠশিল্পী দ্বীপেন বৰুৱা। দ্বীপেন বৰুৱা আৰু পত্নী চৈয়দা জ্যোৎস্না ৰহমানৰ প্ৰেম কাহিনীয়েও শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। প্ৰাপ্ত তথ্য অনুসৰি, অতি সংকটজনক অৱস্থাত জ্যোৎস্নাক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও শুকুৰবাৰে নিশা ৮ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

১৯৭৬ চনত “তৰামাই” ছবি দৃশ্যগ্ৰহণৰ সময়তে দ্বীপেন বৰুৱাৰ সৈতে চিনাকী হৈছিল চৈয়দা জ্যোৎস্না। সম্পূৰ্ণ ৩৩ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হৈছিল তেওঁলোক।

তেওঁলোকৰ প্ৰেমৰ বিৱৰণেৰে এগৰাকী অনুৰাগীয়ে লিখিছে-

“সঁচাকৈয়ে এখন নেদেখা নদীৰ সিপাৰে চিৰদিনৰ বাবে গুচি গ’ল অসমৰ যশস্বী শিল্পী দ্বীপেন বৰুৱাৰ পত্নী জ্যোৎস্না ৰহমান৷ অকলশৰীয়া হৈ পৰিল দ্বীপেন বৰুৱা। দ্বীপেন বৰুৱা আৰু জ্যোৎস্না ৰহমানৰ প্ৰেম কাহিনী প্ৰকৃততেই আছিল অতি ব্যতিক্ৰমী আৰু সকলোৰে বাবে আকৰ্ষণীয়৷ এই প্ৰেম কাহিনী সাধাৰণ প্ৰেম কাহিনী নহয়৷ ৰোমাঞ্চৰে ভৰপূৰ কোনো ৰোমাণ্টিক চিনেমাতকৈ কম নহয় দ্বীপেন-জ্যোৎস্নাৰ প্ৰেম কাহিনী৷ ষাঠি-সত্তৰ দশকৰ পৰা আজিলৈকে অসমীয়াৰ হৃদয়ক আলোড়িত কৰি ৰখা এক অনন্য শিল্পীসত্বাৰ নাম দ্বীপেন বৰুৱা৷ মানুহজন দুৰন্ত প্ৰেমিক৷

‘কি নাম দি মাতিম’,’হালে-জালে অ’, ‘আলফুলীয়া কপৌ ফুল’, ‘কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি’ আদিৰ দৰে ৰোমাণ্টিক গান গাই মানুহৰ হৃদয়ত প্ৰেমৰ আলোড়ন তোলা দ্বীপেন বৰুৱা এজন দুৰ্ঘোৰ প্ৰেমিক৷ এটা সময়ত সকলোৱে ভাবিছিল প্ৰেমৰে গান গাই থকা দ্বীপেন বৰুৱাৰ জীৱনত বাৰু প্ৰেম আছেনে? কেতিয়াবা প্ৰশ্নও উঠিছিল মানুহজনে বাৰু কিয় বিয়া নাপাতে? চিৰকুমাৰ হৈ থাকিব নেকি দ্বীপেন বৰুৱা? কিন্তু দ্বীপেন বৰুৱাই এই বিষয়ত কেতিয়াও মুখ খোলা নাছিল কাৰণ তেওঁ আছিল নীৰৱ প্ৰেমিক৷ বুকুত জ্যোৎস্না নামৰ এখনি প্ৰেমৰ নৈ বৈ আছিল অহৰহ৷ যাৰ ঢৌৱে তেওঁক দিয়ে জীয়াই থকাৰ প্ৰেৰণা৷ দ্বীপেন বৰুৱাই দৰদী কণ্ঠেৰে যুৱতীসকলৰ হৃদয়ত প্ৰেমৰ বীজ সিঁচিছিল৷ জ্যোৎস্না ৰহমান আছিল তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীৰ মাজৰ এগৰাকী৷

১৯৭৬ চনত ‘তৰামাই’ নামৰ ছবিখনৰ শ্বুটিঙৰ সময়ত দ্বীপেন বৰুৱাক লগ পোৱাৰ সৌভাগ্য হয় জ্যোৎস্না ৰহমানৰ৷ প্ৰিয় শিল্পীগৰাকীক কাষতে পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছিল জ্যোৎস্না৷ দ্বীপেন বৰুৱাও মুগ্ধ হৈছিল সহজ-সৰল জ্যোৎস্নাৰ অমায়িক ব্যৱহাৰত৷ সেয়াই আৰম্ভণি তাৰপিছত লাহে লাহে বন্ধুত্ব ঘনিষ্ঠ হ’ল আৰু সেই বন্ধুত্বই অতি কময়ৰ ভিতৰতে ল’লে প্ৰেমৰ ৰূপ৷ কিন্তু এই প্ৰেম সহজ নাছিল৷ দ্বীপেন বৰুৱা হিন্দু আৰু জ্যোৎস্না ৰহমান মুছলমান৷ দুয়োৰে নিৰ্ভেজাল প্ৰেমক কোনো সঁহাৰি নজনালে দুয়ো ঘৰৰ পৰিয়ালে৷পৰিয়ালৰ পৰা অহা বাধাৰ বাবে তেওঁলোকৰ প্ৰেমে বিবাহৰ ৰূপ পোৱা নাছিল। দুই অভিন্ন হৃদয়ৰ বান্ধোন কিন্তু কোনেও ছিঙিব নোৱাৰিলে৷ দ্বীপেন বৰুৱা আৰু জ্যোৎস্না ৰহমানৰ ঘৰলৈ আহিবলৈ ধৰিলে বিবাহৰ প্ৰস্তাৱ৷ কিন্তু দুই প্ৰেমিক-প্ৰেমিকাই নাকচ কৰি গ’ল আটাইবোৰ বিবাহৰ প্ৰস্তাৱ কাৰণ হৃদয়ত এজনক ৰাখি কেনেকৈ জীৱনসংগী কৰিব আন এজনক৷ এয়া দুয়োৰে বাবে সম্ভৱ নাছিল৷ নিজৰ প্ৰেমৰ ওপৰত বিশ্বাস আছিল দ্বীপেন-জ্যোৎস্নাৰ যে এদিন নহয় এদিন তেওঁলোকৰ পৱিত্ৰ প্ৰেমে স্বীকৃতি লাভ কৰিবই আৰু সেই সময়ৰ বাবে দুয়ো অপেক্ষা কৰিব৷ ঘৰৰ মানুহক আঘাত দি মনে মনে বিবাহপাশত আৱদ্ধ হৈ সংসাৰ আৰম্ভ কৰাৰ পক্ষপাতী নাছিল দ্বীপেন-জ্যোৎস্না৷

নিজৰ প্ৰেমক সফল ৰূপ দিবলৈ এই প্ৰেমিক-প্ৰেমিকাহালে ৰ’ব লগা হ’ল সুদীৰ্ঘ ৩৩টাকৈ বছৰ। ঈশ্বৰো যেন বাধ্য হৈ পৰিল প্ৰেমিক চৰাইহালৰ মিলন ঘটাবৰ বাবে৷ এই শক্তিশালী, নিৰ্ভেজাল আৰু পৱিত্ৰ প্ৰেমৰ ওচৰত নতশিৰ হ’বলৈ বাধ্য হ’ল দ্বীপেন বৰুৱা আৰু জ্যোৎস্না ৰহমানৰ পৰিয়াল৷ দুই পৰিয়ালৰ সন্মতিত অৱশেষত ২০০৯ চনৰ ২১ ছেপ্টেম্বৰত এই প্ৰেমিক যুগল বিবাহপাশত আবদ্ধ হয়। সেই সময়ত প্ৰেমিক দ্বীপেন বৰুৱাৰ বয়স হৈছিল ৬৪ বছৰ আৰু প্ৰেমিকা জ্যোৎস্নাৰ বয়স আছিল ৫৯ বছৰ। সঁচাই বিশ্বৰ বিৰল অপূৰ্ব প্ৰেম কাহিনীৰ ভিতৰতে হয়তো অন্যতম এই প্ৰেম কাহিনী৷ দ্বীপেন-জ্যোৎস্নাৰ বিবাহ সেই সময়ত ঘৰে ঘৰে চৰ্চিত হৈ পৰিছিল৷ কিছুমানে ভাবিছিল প্ৰেম যদি হয় এনেকুৱাই হওক৷

সুখ-দুখৰ লগৰী হৈ হাতে-হাত ধৰি দুয়ো জীৱনৰ বাটেৰে আগুৱাই গৈ থকাৰ সময়তে হঠাতে এৰ খালে এখন হাত৷ নিৰ্ভেজাল দীঘলীয়া প্ৰেম কাহিনী আৰু শেষত যুগ্মজীৱনৰ মাথো কেইটামান বছৰৰ পিছতে অকলশৰীয়া হৈ পৰিল দ্বীপেন বৰুৱা। উচ্চ ৰক্তচাপজনিত কাৰণত ১ অক্টোবৰৰ সন্ধিয়া ৮বজাত নিয়তিৰ কোলাত শুই পৰিল জ্যোৎস্না ৰহমান৷ একো তলকিবই নোৱাৰিলে দ্বীপেন বৰুৱাই৷ প্ৰাণৰ আপোন প্ৰেমিকাই হঠাতে তেওঁক এনেকৈ এৰি যাব বুলি সপোনতো ভবা নাছিল৷ বিৰহ-বেদনাত দগ্ধ এতিয়া দ্বীপেন নামৰ দুৰ্দান্ত প্ৰেমিকজন৷ প্ৰকৃতিৰ নিয়ম অনুযায়ী জ্যোৎস্না ৰহমান দ্বীপেন বৰুৱাৰ কাষৰ পৰা নীৰৱে-নিটালে আঁতৰি গ’ল যদিও তেওঁ সমাজত এৰি থৈ গ’ল প্ৰকৃত প্ৰেমৰ নিৰ্ভেজাল চাপ৷ জোনৰ পোহৰৰ দৰে যি স্নিগ্ধ সেয়াই জ্যোৎস্না৷ এই প্ৰেমৰ পোহৰত আজীৱন চমকিত হৈ থাকিব দ্বীপেন বৰুৱাৰ হৃদয়৷ নেদেখা দেশত কুশলে থাককগৈ জ্যোৎস্না ৰহমান…আপোনালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি…”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform