Rupaliparda.com
৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কোকিলকণ্ঠী লতা মংগেশকাৰৰ 1

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কোকিলকণ্ঠী লতা মংগেশকাৰৰ

সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি হৈ আছিল। বিগত ২৮ দিন ধৰি লতা মংগেশকাৰৰ চিকিৎসা ডাঃ প্ৰতীক সমদানীৰ তত্বাৱধানত চলিছিল। কেইদিনমান পূৰ্বে স্বাস্থ্যৰ কিছু উন্নতি হৈছিল কিন্তু শনিবাৰে তেওঁৰ স্বাস্থ্য অৱনতি হোৱাত ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী গৰাকীয়ে।

লতা মংগেশকাৰৰ জন্ম ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত পণ্ডিত দীনানাথ মংগেশকাৰৰ পৰিয়ালত ইন্দোৰ চহৰত হয়। পণ্ডিত দীনানাথ মংগেশকাৰ আছিল মঞ্চশিল্পী তথা গায়ক। লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা । পাঁচ বছৰ বয়সত তেওঁৰ নাম সলনি কৰি ৰখা হয় লতা । লতা মংগেশকাৰে ৫ বছৰ বয়সতে দেউতাকৰ পৰা অভিনয় আৰু গান শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁ মাত্ৰ ১৩ বছৰ বয়সত তেওঁৰ পিতৃক হেৰুৱাইছিল।

৮টা দশকজুৰি ত্ৰিশটাৰো অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আধিপত্য বজাই ৰাখিছিল লতা মংগেশকাৰে। তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। তেৱেই হৈছে একমাত্ৰ ব্যক্তি,যাৰ নামত জীৱিত অৱস্থাতে পুৰষ্কাৰ প্ৰদান কৰা হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.