Rupaliparda.com
অচ্যুত কুমাৰ নাথ

“সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২৩”: মাজুলীৰ অচ্যুত কুমাৰ নাথলৈ

জীৱিত কালতে শিল্পীক যৎকিঞ্চিত সন্মান জনোৱাৰ উদ্দেশ্যে লোক সঙ্গীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত প্ৰকাশন গোষ্ঠী চিত্ৰাচলে ২০১৮ চনৰে পৰা প্ৰদান কৰি আহিছিল ‘সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। শিল্পী গৰাকীৰ জন্ম তিথি ৭ জুলাইৰ দিনটোতে প্ৰতি বছৰে সংশ্লিষ্ট বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হৈছিল। সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা সমিতিয়ে শিল্পী গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে কায়িকভাৱে অবৰ্তমানতো এই বঁটা প্ৰদান অব্যাহত ৰাখিছে।

অচ্যুত কুমাৰ নাথ
বিশেষকৈ লোক সঙ্গীতৰ সাধনাত ব্ৰতী নৱ প্ৰজন্মক উদগনি দিয়াই এই বটা প্ৰদানৰ মুখ্য উদ্দেশ্য। ২০২৩ বৰ্ষৰ এই বঁটাৰ বাবে সংগীতশিল্পী তৰালি শৰ্মা, লেখক-সাংবাদিক উৎপল মেনা, আৰু সাংবাদিক কৃষ্ণ ভূঞাৰ নেতৃত্বত বিশেষ জুৰী মণ্ডলীয়ে মাজুলীৰ অচ্যুত কুমাৰ নাথক নিৰ্বাচন কৰিছে।

অচ্যুত কুমাৰ নাথ

থোৰতে অচ্যুত কুমাৰ নাথৰ বিষয়ে:
মাজুলীৰ বৰগুৰি গাঁৱৰ গজেন নাথ আৰু অমিয়া নাথৰ পুত্ৰ অচ্যুত কুমাৰ নাথ। ৬ বছৰ বয়সৰ পৰাই গুৰু সংস্কৃতিৰ প্ৰতি এক অনন্য টান আছে অচ্যুতৰ। ৬ বছৰ বয়সৰ পৰাই ভাওনা, সংগীতৰ চৰ্চা আৰম্ভ কৰা অচ্যুতে ২০১৫ত নাৰায়ণপুৰত লাভ কৰিছিল শিশু পাঠক সন্মান।

অচ্যুত কুমাৰ নাথ

৬ বছৰ বয়সতে জিভাৰ আগত আছিল শ্ৰীমদ্ভাৱগতৰ প্ৰতিটো শ্লোক। সুন্দৰ ভাগৱত পাঠেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খুব কম বয়সতে জনপ্ৰিয় হৈ পৰিল অচ্যুত কুমাৰ নাথ। ভাগৱত পাঠ, ভাওনাৰ গীত, বৰগীত, লোকগীত শুদ্ধ ৰূপত পৰিৱেশন কৰাৰ লগতে অচ্যুতে সুন্দৰকৈ বজাব জানে দেৱবাদ্য। লোকসংগীতৰ ক্ষেত্ৰখনত যথেষ্ট দখল আছে এই ২০ বছৰীয়া যুৱকজনৰ।

অচ্যুত কুমাৰ নাথ

তাৰ উমান কেইবাবাৰো দিছে অচ্যুতে। ২০১৪ত অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাত প্ৰথম, ২০১৫ত অসম মইনা পাৰিজাতত জ্যোতি সংগীতত প্ৰথম, ২০১৯ত অসম ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত দ্বিতীয়, ২০২১ত DY365ৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ আকাশ চুবৰ মন ছিজন 5ৰ ছেমি ফাইনেলিষ্ট, ২০২২ত ওদালগুৰি কেন্দ্ৰীয় ৰঙালী বিহু প্ৰতিযোগিতাত বিহু কোঁৱৰ সন্মান লাভ কৰিছে অচ্যুতে। অসমৰ জনপ্ৰিয় বিহু দল ভৰালীপৰীয়া বিহু দলৰ মূল কণ্ঠশিল্পী অচ্যুত। ভাওনাৰ জনপ্ৰিয় দোহাৰ ৰূপেৰেও জনাজাত হৈছে অচ্যুত কুমাৰ নাথ। ২০২৩ত মুক্তি লাভ কৰা যুৰীয়া পেঁপা বিহু গীতটোৰ বাবে বিহু মঞ্চত জনপ্ৰিয় হৈ পৰিছিল এই যুৱকজন। মাজুলীৰ ৰাস মহোৎসৱৰ মুখ্য কণ্ঠশিল্পী অচ্যুত কুমাৰ নাথ।

 

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform