অসমীয়া চলচিত্ৰই হওঁক বা অসমীয়া ভাষাৰ চুটি চিত্ৰই হওঁক; এখোজ দুখোজকৈ হ’লেও ই শিখৰলৈ বগোৱাৰ চেষ্টা কৰি আহিছে। একোটা নিৰ্দ্দিষ্ট “থীম” ক উদ্দেশ্যি অথবা একোটা নতুন “কনচেপ্টৰ” সৈতে অসমত নিৰ্মিত একোখন চুটি ছবিয়ে বছৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপঁটত বঁটা পাবলৈ সক্ষম হৈছে। ঠিক তেনেদৰেই, এটা নতুন কনচেপ্টৰ সৈতে দৰ্শকৰ মাজলৈ আহি আছে এখন চুটি ছবি “অপৰাহ্ন”।

মানৱ জ্যোতি বৰুৱাৰ দ্বাৰা নিৰ্মিত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব এগৰাকী শিল্পীৰ মনস্তাত্বিক অৱস্থাৰ লগতে তেওঁৰ মাজত হৈ থকা এখন অৰ্ন্তযুদ্ধ, শিল্পী গৰাকীৰ কল্পনাৰ সৈতে বাস্তৱৰ যুঁজ। ইয়াৰ লগতে প্ৰেম, নষ্টালজিয়াকে ধৰি নিজৰ মাজতেই বাস কৰা কিছু সন্দেহ, কিছু সম্পৰ্কৰ ভেঁটি আদি ব্যক্তি জীৱনত চলি থকা নানানটা অনুভৱৰ সংমিশ্ৰণৰ সোঁৱাদ দিব “অপৰাহ্ন” ই।

মৌচুমী বৰগৈয়াৰী আৰু ৰিণি বসুমতাৰীৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে কিচমাত বান’ আৰু মৌচুমী বৰগৈয়াৰীয়ে। সহকাৰী পৰিচালক হিচাপে কাম কৰিছে পংখী পেগু, অংকুৰ ডেকা,গাৰ্গী দত্ত আৰু পুনম খনিকৰে। সংগীত পৰিচালনা সৌৰভ মহন্তৰ লগতে ভি.এফ.এক্স দিছে দীপজ্যোতি সন্দিকৈয়ে। “অপৰাহ্ন” ৰ পষ্টাৰ ডিজাইন কৰিছে সাগৰিকা বি ৰিকুয়ে।
Add comment