Rupaliparda.com
গন্ধৰ্ব নাট মহোৎসৱ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা–প্ৰান্তিক ডেকা 1

গন্ধৰ্ব নাট মহোৎসৱ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা–প্ৰান্তিক ডেকা

গন্ধৰ্ব নাট মহোৎসৱ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা–প্ৰান্তিক ডেকা 2

মালিগাঁৱৰ বৰিপাৰাস্থিত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ৰ একবিংশতিতম বৰ্ষপূৰ্তি উপলক্ষে অহা ইং ৫ আৰু ৬ ডিচেম্বৰ, ২০২৫ তাৰিখে দুদিনীয়াকৈ তৃতীয় বাৰ্ষিক ‘গন্ধৰ্ব নাট মহোৎসৱ’ মালিগাঁৱৰ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আয়োজন কৰিছে বুলি অনুষ্ঠানটিৰ সভাপতি গৌতম কুমাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি কুমাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

প্ৰথম নিশাৰ নাট্য সন্ধিয়াটিত ড° ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষ উপলক্ষে গন্ধৰ্বৰ স্ব-প্ৰযোজনাত ধ্ৰুৱজ্যোতি কুমাৰৰ পৰিকল্পনা, বিনোদ শৰ্মাৰ ৰচনা আৰু অখিলেশ হাজাৰিৰ পৰিচালনাত ‘মই আৰু মোৰ ছাঁ’ নাটক সন্ধিয়া ৬.৩০ বজাৰ পৰা মঞ্চস্থ হ’ব। দ্বিতীয় নিশাৰ নাট্য সন্ধিয়াটিত সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত সৃষ্টি কলা-কৃষ্টি কেন্দ্ৰৰ প্ৰযোজনাত নাট্যকাৰ দিগন্ত কাকতিৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট ‘চকু’ সন্ধিয়া ৬.০০ বজাত আৰু নটতীৰ্থ, গুৱাহাটীৰ প্ৰযোজনাত মণ্টু কুমাৰ দাস ৰচিত আৰু ৰনাল্ড হুছেইন পৰিচালিত নাট ‘এ বিউটিফুল মেলডী’ সন্ধিয়া ৭ বজাত মঞ্চস্থ হ’ব। ৫ ডিচেম্বৰ, শুক্ৰবাৰে গন্ধৰ্ব নাট মহোৎসৱৰ প্ৰথম নিশাৰ নাট্য সন্ধিয়াৰ মঞ্চ মুকলি কৰিব শিশু সাহিত্য ন্যাস, অসমৰ সচিব হৃষীকেশ গোস্বামীয়ে আৰু ৬ ডিচেম্বৰ, শনিবাৰে দ্বিতীয় নিশাৰ নাট্য সন্ধিয়াৰ মঞ্চ মুকলি কৰিব মকবুল হকে।

গন্ধৰ্ব নাট মহোৎসৱ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা–প্ৰান্তিক ডেকা 3

বৰ্ষপূৰ্তিৰ লগত সঙ্গতি ৰাখি ৬ ডিচেম্বৰ তাৰিখে আবেলি ৩.০০ বজাৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ জীৱনশিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা আৰু ইং ৭ ডিচেম্বৰ তাৰিখে ৰাতিপুৱা ১০.০০ বজাৰ পৰা পঞ্চদশ বাৰ্ষিক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব (‘ক’ শাখা ১৫ বছৰ তলৰ আৰু ‘খ’ শাখা ১৫ বছৰ ওপৰৰ)। প্ৰতিযোগীয়ে বয়সৰ প্ৰমাণ-পত্ৰ জমা দিয়াটো বাধ্যতামূলক। প্ৰতিযোগিতাত বাদ্যযন্ত্ৰী উদ্যোক্তাৰ তৰফৰ পৰা যোগান ধৰা হ’ব। প্ৰতিযোগিতাত প্ৰতিযোগীৰ সাজ-পাৰ মাৰ্জিত হোৱাটো বাঞ্ছনীয়। যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত সমিতিৰ সিদ্ধান্ত চূড়ান্ত বুলি বিবেচিত হ’ব। ৭ ডিচেম্বৰ তাৰিখে সন্ধিয়া ৭.০০ বজাত বঁটা বিতৰণী অনুষ্ঠানত নগদ ধন আৰু চূড়ান্ত বঁটাৰ লগতে প্ৰমাণ-পত্ৰ বিজয়ী প্ৰতিযোগীক প্ৰদান কৰি সাংস্কৃতিক অনুষ্ঠানেৰে গন্ধৰ্বৰ বৰ্ষপূতি অনুষ্ঠানৰ সামৰণি পৰিব।

সবিশেষ জানিবৰ বাবে ৯৮৬৪১-৩০৫৭২, ৮৬৩৮০-৯৬৪১৮, ৭০০২৮-৪৭২৪০— এই নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব বুলি ‘গন্ধৰ্ব’ই জনাইছে।

Staff Reporter

Add comment

Leave a Reply

Most popular

Recent posts