Rupaliparda.com

শিষ্য হৈও গুৰুৰ ওপৰত কৰিব আক্ৰমণঃ আৰম্ভ কৰিব “ওৱাৰ”-


ঋত্বিক ৰোশন আৰু টাইগাৰে আৰম্ভ কৰিলে নিজৰ “ওৱাৰ”। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পিছতেই ই চচিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা। ট্ৰেইলাৰত দেখিবলৈ পোৱা একচন সমূহে দৰ্শকক ছবিখন চাবলৈ আৰু অধিক উৎসাহিত কৰি তুলিছে বুলি ক’লেও অতিৰঞ্জিত নহ’ব।


ট্ৰেইলাৰটোত উক্ত দুয়োজন অভিনেতাৰে কিছু ডায়লগ শুনিবলৈ পোৱা গৈছে যাৰ পৰা ক’ব পৰা যায় যে ছবিখনে নিশ্চয়কৈ দৰ্শকক মনোৰঞ্জন প্ৰদান কৰিব।

শিষ্য হৈও গুৰুৰ ওপৰত কৰিব আক্ৰমণঃ আৰম্ভ কৰিব "ওৱাৰ"- 1


উল্লেখ্য যে, ছবিখনত বহুতো আন্তঃৰাষ্টীয় পৰ্যায়ৰ ষ্টন্ট দেখিবলৈ পাব দৰ্শকে। পৰিচালক সিদ্ধাৰ্থ আনন্দয়েও ছবিখনৰ দ্বাৰা দৰ্শকক এক নতুনত্ব দিয়াৰ প্ৰয়াস কৰিছে। ছবিখন চলিত বৰ্ষৰ ২ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.