Rupaliparda.com

“ইনছাল্লাহ” ত নাহিলেও ঈদত আহিব ছলমানঃ

“ইনছাল্লাহ” ৰ যোগেৰে ২০২০ চনৰ ঈদত ছলমান নাহিলেও “কিক-২” ৰ যোগেৰে আহিব তেওঁ। এই কথাৰ আভাষ অভিনেতাগৰাকীয়ে নিজেই টুইট কৰি দিয়ে। “কিক” ৰ দ্বিতীয় সংস্কৰণতো অভিনেত্ৰী জেকলিনক দেখিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে; কিন্তু ছবিখনৰ পৰিচালক সাজিদ নাডিয়াৱালাই ছবিখনৰ মূখ্য অভিনেত্ৰীৰূপে দীপিকা পাডুনকহে আনিবলৈ চেষ্টা কৰি আছে।

https://twitter.com/BeingSalmanKhan/status/1165963886874415106
"ইনছাল্লাহ" ত নাহিলেও ঈদত আহিব ছলমানঃ 1
"ইনছাল্লাহ" ত নাহিলেও ঈদত আহিব ছলমানঃ 2


উল্লেখ্য যে, যদিহে দীপিকা পাডুকন এই ছবিখনলৈ আহে তেন্তে অইন ছবি সমূহৰ দৰে কেৱল এগৰাকী অভিনেত্ৰী ৰূপত তেওঁক অনা নহ’ব; তেওঁ কৰিব লাগিব এটা শক্তিশালী চৰিত্ৰত অভিনয়। অকল এয়াই নহয়, ছলমানৰ উক্ত ছবিখনৰ লগতে ঈদত মুক্তি পাব অক্ষয় কুমাৰৰ “লক্ষ্মী বম্ব”। যদিহে দুয়োখন ছবি একেদিনাই মুক্তি পায়; তেনেহ’লে দৰ্শকৰ বাবেও সহজ নহ’ব দুয়োখনৰ ভিতৰত এখন বিচাৰ কৰাটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform