দক্ষিণ আমেৰিকাৰ ব্ৰাজিলস্থিত আমেজন বৰ্ষা বনত লগা জুইয়ে সমগ্ৰ দেশতে হাঁহাকাৰৰ সৃষ্টি কৰিছে। ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি ইয়াক লৈ সৰৱ হৈ পৰিছিল অভিনেতা-অভিনেত্ৰীও। ২০ শতাংশ অক্সিজেনক সংৰক্ষণ কৰি ৰখা এই জংঘল খনক বচাবলৈ হলীউড অভিনেতা লিয়োনার্ডো ডিকেপ্ৰিয়োয়ে আগবঢ়াইছে এতিয়া আৰ্থিক সহায়।

কিছুদিন পূৰ্বে উক্ত ঘটনাটোক মিডিয়াই উপযুক্ত কভাৰেজ নিদিয়াৰ ফলত ইনষ্টাগ্ৰাম যোগে তেওঁ মিডিয়াক দোষাৰোপ কৰিছিল। ইয়াৰ পিছতেই তেওঁ জংঘল খনৰ সংৰক্ষণৰ বাবদ প্ৰদান কৰে ৫ মিলিয়ন অৰ্থাৎ প্ৰায় ৩৬ কোটি টকা।
উল্লেখ্য যে, অভিনেতা গৰাকীৰ এই আৰ্থিক সহায়টো মুঠ ৫ টা স্থানীয় সংস্থাক প্ৰদান কৰা হ’ব।
Add comment