Reminiscence – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 12 Nov 2025 10:23:49 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Reminiscence – Rupaliparda.com https://rupaliparda.com 32 32 163073109 লটিঘটি | মেঘদূত চিত্ৰগৃহৰ মালিকে প্ৰযোজক ভূপেন হাজৰিকাক দিছিল ৪০ হাজাৰ টকা –উৎপল মেনা https://rupaliparda.com/archives/32495 https://rupaliparda.com/archives/32495#respond Sun, 09 Nov 2025 11:59:26 +0000 https://rupaliparda.com/?p=32495 লটিঘটি

“কোন ক’ত লটিঘটি” আছিল চিনেমা খনৰ নাম। পাছত সলনি কৰিলে– “লটিঘটি” । মহুৰৎ হোৱাৰ পাছত, চিত্ৰগ্ৰহণৰ কাম আগবঢ়াৰ পাছত চিনেমা খনৰ লেখক-পৰিচালক ভূপেন হাজৰিকাই “কোন ক’ত” শব্দ দুটা বাদ দিছিল। মহুৰৎ হৈছিল ১৯৬৫ চনৰ ১৪ এপ্ৰিলত, কলকাতাৰ (তেতিয়াৰ কলিকতাৰ) টালিগঞ্জৰ ফিল্ম ছাৰ্ভিচ লেব’ৰেটৰিৰ উদ্যানত । ক্লেপষ্টিক দিছিল ৰাধাগোবিন্দ বৰুৱাই।চিত্ৰগৃহলৈ আহিছিল ২৫ নৱেম্বৰ ১৯৬৬ -ত, গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত। প্ৰিণ্টৰ সংখ্যা আছিল ৩টা।
“প্ৰতিধ্বনি”ৰ বাণিজ্যিক বিফলতাৰ পাছত চিনেমা লেখক, চিনেমা পৰিচালক, চিনেমা প্ৰযোজক ভূপেন হাজাৰিকাৰ মনলৈ আহিছিল– জ্যোতিপ্ৰসাদ আগৰৱালাৰ “বজাৰ চিন্তা”। “১৯৬৪ চন গ’ল, আহিল ‘৬৫। বছৰটোৰ প্ৰথম ভাগতে মই ঠিক কৰিলোঁ– সৰু ছবি এখন কৰিম। তেৰ দিনতে শ্বুটিং শেষ কৰিম, ঠিক যেনেকৈ জ্যোতি ককাইদেৱে ‘ইন্দ্ৰ-মালতী” কৰিছিল। তেওঁ কৈছিল– ‘জয়মতীত খৰচ বহুত হ’ল। এইবাৰ কম পইচাত ইন্দ্ৰ-মালতী কৰিম।’ একেদৰে ময়ো কম খৰচতে ‘লটিঘটি’ খন কৰিবলৈ মনস্থ কৰিলোঁ।…” (–ভূপেন হাজৰিকা/ “মই এটি যাযাবৰ”)
–কম বাজেট! ১ লাখৰ অলপ বেছি! গতিকে লাভ হৈছিল প্ৰযোজকৰ। কেৱল মেঘদূত চিত্ৰগৃহৰ মালিক প্ৰযোজক ভূপেন হাজৰিকাক দিছিল ৪০ হাজাৰ টকা। ভূপেন হাজৰিকাই লিখিছিল– “খুব কমত কৰিছিলোঁ বাবে লাভ বেছি হ’ল।…” ( “মই এটি যাযাবৰ”)
চিনেমা খনৰ কাহিনীৰ “চৰিত্ৰ”বোৰ আজিৰ তাৰিখতো দেখা যায়। “প্ৰেমকুমাৰ”ৰ সংখ্যা অসমীয়ি চিনেমাৰ ক্ষেত্ৰ খনত বাঢ়ি আছে। (প্ৰেমকুমাৰৰ দৰে “চৰিত্ৰ”ই আজিৰ তাৰিখতো অসমীয়া চিনেমাৰ ক্ষতি কৰি আছে।)

লটিঘটি
প্ৰেম কুমাৰে “চিনেমা” নুবুজে, নাজানে; কিন্তু চিনেমা নিৰ্মাণৰ ইচ্ছা। –কেনে ধৰণৰ চিনেমা নিৰ্মাণ কৰিব! বোম্বেমাৰ্কা অসমীয়া চিনেমা। টকাৰ আকাল নাই। প্ৰেমকুমাৰৰ দেউতা ৰামনাথ মহাজনৰ অজস্ৰ টকা। ব্যবসায়ত দুর্নীতি কৰি ৰাতিটোৰ ভিতৰতে লাখপতি হোৱা মহাজনে “চিনেমা”তো টকাহে দেখিছে! ‘মিঠাতেলৰ লগত মবিল মিহলাই’ ধনী হোৱা মহাজনে পুতেক প্ৰেমকুমাৰক ‘চংস্কৃতিৰ লগত ব্যবসায় মিহলাই’ কোটিপতি হােৱাৰ বাট দেখুৱাইছে। পুতেকক মহাজনে টকা ৮০ হেজাৰ দিলে এই চর্তত– ‘টকা পোৱা, হিন্দী টাইপৰ, ৰাতি চলা বিধৰ ছবি’ নিৰ্মাণ কৰিব লাগিব। ৮০ হাজাৰ টকা দেউতাকৰ পৰা লৈ মদনকুমাৰে ‘আল্ট্রা মডার্ন চাংস্কৃতিক মুভীটোন’ নামৰ এটা কোম্পানী গঠন কৰিলে। হাতত ল’লে প্ৰথম খন চিনেমা– “লটিঘটি”। চিনেমাৰ শ্বুটিং কৰিম বুলি কলিকতা (কলকাতা) পালে। কলিকতাৰ ‘ব্ৰহমপুৰী ষ্টুডিঅ’ত শ্বুটিং আৰাম্ভ হ’ল। কাম শেষ হোৱাৰ আগতে মদন কুমাৰৰ টকা শেষ হ’ল। টকা বিছাৰি আকৌ দেউতাকৰ ওচৰ পালে। আৰু ৫০ হাজাৰ টকাৰ প্ৰয়োজন। প্ৰয়োজন পূৰাবলৈ আগবাঢ়ি আহিল দেউতাকৰ হৈ কলিকতাৰ বাঁহ ব্যবসায়ী শেঠ বাসুদেৱ। বাসুদেৱকো লাগে কেৱল “বজাৰ”। বজাৰৰ অংকত চিনে-চিন্তাত চহকী পৰিচালকৰ মনত আউল লাগিল। প্ৰযোজকৰ পুতলা হ’ল! পৰিচালকৰো পেট-ভাতৰ চিন্তা আছে নহয়! দৰিদ্র পৰিচালক, ‘টেকনিচিয়ান’ ভৱতাৰণে এজন ভায়েকক কলেজত পঢ়ুৱাব লাগে, এগৰাকী ভনীয়েকক বিয়া দিব লাগে। তেওঁ নিৰুপায়। এফালে বিবেক, আনফালে টকা। মনৰ বিপৰীতে গৈ চিত্ৰনাট্য সলনি কৰিলে। চিনেমা কৰিবলৈ যোৱা সঁচা শিল্পী, সত্রীয়া শিল্পী গণপতি গায়ন আদিৰ লটিঘটি হ’ল।
“শেষ দৃশ্যত নায়ক মদনৰ হতুৱাই দিগন্তক তিনিটা ঘোচা মৰোৱা হ’ল। কিন্তু চিত্রনাট্য উলাই কৰি মদনে তিনিটা ঘোচা মাৰিলে দিগন্তক। ইয়াৰ পাছত ডঃ হাজৰিকাই প্রশ্ন কৰিছে অসমীয়া ৰাইজক–
‘অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত অমার্জিত ৰুচিৰ টকা থকা লোকে এনেকৈ মৰা মানসিক ঘোচাবোৰ আদর্শবাদী দিগন্তসমূহে আৰু সংগ্রামী কলা-কুশলী ভৱতাৰণ ভূঞাসমূহে সদায় সহি থাকিবনে?’ ‘লটিঘটি’ ছবি কৰিবলৈ গৈ লটিঘটি হোৱা সত্রীয়া শিল্পী গণপতি গায়ন আদিয়ে এই লটিঘটি সহ্য কৰি থাকিবনে। শেঠ বাসুদেব আৰু ৰামনাথ মহাজনৰ দৰে লোকসমূহে সংস্কৃতিক মৰাপাট বা মিঠাতেলৰ ব্যৱসায় বুলি ভাবিবলৈ এৰিবনে? শব্দযন্ত্রী কর্ণেন্দ্রিয় গুপ্তই কিয় ইৰাণীৰ পিনে চাই চিঞৰিছিল–সুস্থ ছবিৰ দিগন্ত নমৰেই, মধুমতীৰ মাজেৰে দিগন্তৰ আদর্শই ৰূপ পাবনে? ভৱতাৰণে সপোন দেখা, অসমীয়া বোলছবিৰ দিগন্ত মধুৰ হ’বগৈনে?’…” (উৎস: প্ৰফুল্ল কুমাৰ দত্তৰ “ৰংঘৰ” আলোচনীত প্ৰকাশ পোৱা লেখা)

আহিছোঁ চিনেমা খনৰ গীত, সংগীত প্ৰসংগলৈ। আৱহ সংগীতেৰ ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে চিনেমা খনৰ পৰিচালক, সংগীত পৰিচালক ভূপেন হাজৰিকাই। কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰিছে– “ৰমজানৰে ৰোজা গ’ল… (কথা: ভূপেন হাজৰিকা, কণ্ঠ: মহম্মদ ৰফি, ভূপেন হাজৰিকা, মীৰা চিৰা, যশোধাৰা, সুলোচনা), “ফাগুন আয়োৰে হাঠিলা মাৰী বাজে বাসুঁৰী…” (কথা: গজানন বৰ্মা, কণ্ঠ: গীতা দাস, মণিষা সেনগুপ্ত), “জীৱনটো যদি অভিনয় হয়… (কথা: ভূপেন হাজৰিকা, কণ্ঠ: জয়ন্তু হাজৰিকা, ইলা বসু), “টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত… (কথা-কণ্ঠ: ভূপেন হাজৰিকা), “কোনে কয় মই অকলশৰীয়া…” (কথা-কণ্ঠ: ভূপেন হাজৰিকা), “সহস্ৰ জনে মোক প্ৰশ্ন কৰে…” (কথা-কণ্ঠ: ভূপেন হাজৰিকা), “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা…” (কথা-কণ্ঠ: ভূপেন হাজৰিকা), “কোন ক’ত লটিঘটি কিনো ভৈল কাল…” (কথা: নিৰ্মলপ্ৰভা বৰদলৈ, কণ্ঠ: ভুপেন হাজৰিকা, জয়ন্ত হাজৰিকা, গীতা দাস, অনিল দত্ত) গীত কেইটা।

“লটিঘটি”ৰ…
প্ৰযোজক, পৰিচালক, কাহিনী-চিত্ৰনাট্য, সংগীত: ভূপেন হাজৰিকা
চিত্ৰগ্ৰহণ: শক্তি দত্ত
সম্পাদনা: ৰাস বিহাৰী সিন্‌হা
অভিনয়ত: বিজয় শংকৰ, বিদ্যা ৰাও, শৰৎ দাস, ৰত্ন ওজা, কুলদা কুমাৰ ভট্টাচাৰ্য, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী, বেবি গুপ্তা আদিয়ে অভিনয় কৰিছিল। চিনেমা খনৰ ‘জীৱনটো যদি অভিনয় হয়’ গীতটো জয়ন্ত হাজৰিকা আৰু মণিষা সেনগুপ্তাক লৈ চিত্ৰায়ণ কৰিছিল।

]]>
https://rupaliparda.com/archives/32495/feed 0 32495
Legendary Actor and Singer Sulakshana Pandit Passes Away at 71: Remembering Her Golden Era of Music and Cinema https://rupaliparda.com/archives/32486 https://rupaliparda.com/archives/32486#respond Sun, 09 Nov 2025 03:00:20 +0000 https://rupaliparda.com/?p=32486 Sulakshana Pandit

The Indian film industry mourns the loss of veteran actor and playback singer Sulakshana Pandit, who passed away on 6th November at the age of 71 following a cardiac arrest. Her brother, Lalit Pandit, confirmed the heartbreaking news.

According to Lalit, Sulakshana experienced breathlessness and was being taken to Nanavati Hospital when she breathed her last. “She passed away around 7 pm due to cardiac arrest. She had been feeling unwell and complained of breathlessness, but unfortunately, she died before reaching the hospital,” he shared with PTI.

Sulakshana Pandit made her acting debut in 1975 with the film Uljhan, opposite Sanjeev Kumar, marking the beginning of a remarkable journey in Indian cinema. Over the years, she worked alongside some of Bollywood’s biggest stars, including Rajesh Khanna, Shashi Kapoor, and Vinod Khanna, earning both critical and popular acclaim.

Her filmography boasts memorable titles such as Sankoch, Hera Pheri, Khandaan, and Dharam Kanta, each reflecting her talent and screen presence.

Beyond acting, Sulakshana had an equally illustrious career as a playback singer, lending her soulful voice to evergreen melodies like Tu Hi Saagar Tu Hi Kinara, Pardesiya Tere Desh Mein, Bekrar Dil Tut Gaya, Baandhi Re Kahe Preet, and Somvaar Ko Hum Mile.

Hailing from a musical family in Hissar, Haryana, Sulakshana was the niece of the legendary Pandit Jasraj. She began singing at the tender age of nine alongside her brother Mandheer Pandit, later joining her talented siblings Jatin, Lalit, and Vijayata Pandit, who also made their mark in the Indian music and film industry.

Her demise marks the end of an era that beautifully blended classical artistry with cinematic charm. Sulakshana Pandit’s contributions to Indian cinema and music will forever be cherished by fans and the industry alike.

]]>
https://rupaliparda.com/archives/32486/feed 0 32486
শকুন্তলা | প্ৰথম পৰ্যায়ত এটা প্ৰিণ্টৰ “বক্স অফিচ কালেকচন”– ৫৯,২১২.০৬ টকা –উৎপল মেনা https://rupaliparda.com/archives/32471 https://rupaliparda.com/archives/32471#respond Fri, 07 Nov 2025 05:15:00 +0000 https://rupaliparda.com/?p=32471 শকুন্তলা

“এৰা বাটৰ সুৰ” চিত্ৰৰসিকে ভাল পাইছিল। পৰিচালকৰ দুখ– চিনেমা খনে “ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ” নাপালে। অসমৰ একাংশ দৰ্শকেে “মূৰৰ বিষ উঠোৱা কথাছবি” বুলি কোৱা কথাও সহজ ভাবে ল’ব পৰা নাছিল পৰিচালকে। গতিকে তৃতীয় খন চিনেমা (দ্বিতীয় খন অসমীয়া চিনেমা) হাতত লোৱাৰ সময়ত মনতে ঠিক কৰিলে– “মই এইবাৰ এনে ধৰণৰ কথাছবি কৰিম, যি খনে বঁটা নাপালেও দৰ্শকে মূৰৰ বিষ উঠিব বুলি ভয় খাব নালাগে!”
চিনেমা পৰিচালক ভূপেন হাজৰিকাৰ দ্বিতীয়টো ৰূপালী খোজ– “মাহুত বন্ধু ৰে”। বংগল ফিল্ম আৰ্কাইভত উল্লেখ আছে– বাংলা চিনেমা। কলা-বগা। ১২ ৰিল। কাহিনী-সংগীত: ভূপেন হাজৰিকা। কাহিনী: অলকেশ বৰুৱা। প্ৰযোজনা: বি পি ফিল্মছ। ১৯৫৯ চনৰ ১২ জুনত (সম্ভৱতঃ কলিকতাৰ) উত্তৰা, উজ্জলা আৰু পূৰৱী চিত্ৰগৃহত মুক্তি পাইছিল। অভিনয় কৰিছিল দিলীপ ৰায়, তৃষ্ণা হাজৰিকা, মানসী ছোম, জহৰ ৰায়, প্ৰকৃতীশ বৰুৱা, অৰুপ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰভাত মুখাৰ্জী। চিনেমা খন চোৱাৰ সুযোগ আমি পোৱা নাই। বিভিন্ন লেখাৰ পৰা ধাৰণা কৰিব পাৰি পৰিচালক ভূপেন হাজৰিকাৰ এই চিনেকৰ্ম আছিল “চিনেশিল্পৰ বাবে চিনেকৰ্ম”। চিনেমা খনৰ প্ৰসংগত পৰিচালক গৰাকীয়ে লিখিছিল– “১৯৫৮ চনত ‘মাহুত বন্ধুৰে’ কৰিলোঁ। গোৱালপৰীয়া ভাষাত…। ল’ৰা-ছোৱালীবোৰক লৈ, হাতীক লৈ।… মোৰ কিছু টকা আছিল, অলকেশ বৰুৱাৰ কিছু টকা আছিল–, সেই টকাৰে, কম টকাৰে ছবি খন কৰিছিলোঁ। আমাৰ উদ্দেশ্য বজাৰ নাছিল! উদ্দেশ্য আছিল– প্ৰতীমা বৰুৱাৰ সাধনা খিনি, গোৱালপৰীয়া লোক গীতক সৰু বৃত্তটোৰ পৰা বাহিৰলৈ নিব লাগে। আমি সফল হৈছিলোঁ। দৰ্শকেও মৰম দিছিল! আমি খৰছ কৰা ধন উভতি আহিছিল। লাভো হৈছিল।…” (চলচ্চিন্তা/১৯৭৩)
“শিল্পীৰ পৃথিৱী” নামৰ আলোছনী খনত ছপা হৈছিল– “এইখনেই ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবি। অসমৰ গোৱালপাৰা জিলাৰ হাতীৰ মাউতক লৈ নিৰ্মাণ কৰা এই ছবিখনত পোন প্ৰথমবাৰ গোৱালপৰীয়া লোকসংগীতক স্থান দি পোহৰলৈ আনিবলৈ কৰা নম্র প্রচেষ্টা ভূপেন হাজৰিকাৰ জীৱনৰ অন্য এক উজ্জ্বল দিশ। এই ছবিতে প্রতিমা পাণ্ডে (বৰুৱা)ই গোৱালপৰীয়া গীতত কণ্ঠদান কৰে। প্রমথেশ বৰুৱাৰ পাছতে ভূপেন হাজৰিকাই প্রথম অসমীয়া ব্যক্তি যি বঙালী ছবি নির্মাণত হাত দিয়ে।
এই ছবি চাই ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুরে কৈছিল: এই উৰাজাহাজ, মটৰৰ যুগত হাতীৰ মাউতসকল লাহে লাহে হেৰাই যাবগৈ। অসমৰ গোৱালপৰীয়া মাউতৰ জীৱনৰ ওপৰত ছবি কৰি এটি ভাল কাম কৰা হৈছে। (অক্তোবৰ, ১৯৮১)
–এটা কথা স্পষ্ট, বঙালি চিনেমা বুলি কোৱা হৈছে যদিও “মাহুত বন্ধুৰে”ৰ সাহিত্যৰ ভাষা “গোৱালপৰীয়া”।
আহিছোঁ– “শকুন্তলা”লৈ। “এইবাৰ মই ক্লাছিক বস্তু এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱে-ভূঞে জানে! এইবাৰ মই ‘শকুন্তলা’ খনৰ কথা ভাবিলোঁ।…” (ভূপেন হাজৰিকাই লিখিছিল।পৰিচালক-লেখকে বজাৰ চিন্তাৰে যে “চিনেশিল্পৰ বাবে চিনেমা”ৰ কথা চিন্তা কৰিছিল এই বাক্য কেইটাতে স্পষ্ট হৈ আছে।) কলকাতাৰ কলেজ ষ্ট্ৰীটলৈ গৈ সংস্কৃত-বাংলা “অভিজ্ঞান শকুন্তলম” খন কিনি আনি চিত্ৰনাট্যত মন দিছিল। বাজেটৰ কথা স্থিৰ কৰা নাছিল। এজনৰ পৰা পাঁচ হাজাৰ টকা ধাৰ লৈ চিনেমাৰ কাম আৰম্ভ কৰিছিল। কিছু কাম আগবঢ়াৰ পাছত নগাঁৱৰ কাশীনাথ বিহানীয়ে প্ৰযোজনাৰ দায়িত্ব লৈছিল। প্ৰযোজকৰ ইচ্ছাক সন্মান কৰি কলা-বগা চিনেমা খনৰ কিছু অংশ ৰঙীন কৰিছিল। “…১লাখ টকাতকৈ কিছু বেছি খৰছ” হোৱা চিনেমা খন চিত্রগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১ত। বাণিজ্যিক দিশত সফল হৈছিল। প্ৰথম পৰ্যায়ত এটা প্ৰিণ্টৰ “বক্স অফিচ কালেকচন”– ৫৯,২১২.০৬ টকা। এটা প্ৰিণ্ট গুৱাহাটীৰ চিত্ৰগৃহত চলিছিল ৯ সপ্তাহ। এই তথ্য আমি পাইছিলোঁ লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ পৰা।
–আনহাতে চিনেমাখনে ৰাষ্ট্ৰপতিৰ (১৯৬১ চনৰ) ৰূপৰ পদকো লাভ কৰিছিল। গীতো জনপ্ৰিয় হৈছিল। সকলো মিলি প্ৰযোজকৰ লাভ হৈছিল। পৰিচালক ভূপেন হাজৰিকাকো আৰ্থিক সকাহ দিছিল। ” ‘শকুন্তলা’ খন কৰি আৰ্থিকভাৱে মই অলপ সকাহ পালোঁ। কাৰণ মোৰ মাননিখিনি মই লৈছোঁ– পৰিচালক হিচাপে, সংগীত পৰিচালক হিচাপে, চিত্ৰনাট্যকাৰ লেখক হিচাপে, গায়ক হিচাপে। সেই খিনি মই পাইছোঁ। সেই খিনি পাই তাৰে মই এবছৰ চলিছিলোঁ।” (ভূপেন হাজৰিকা/ “মই এটি যাযাবৰ”)
******
দুষ্যন্ত-শকুন্তলাৰ প্ৰেম কাহিনী কোনে নাজানে!
চিনেমাখনৰ কেইটামান ‘অংশ’হে চোৱাৰ সুযোগ পাইছিলোঁ। এটা ‘অংশ’ত দেখিছিলোঁ পবিত্র বৰকাকতি, অনিতা বেনাৰ্জী আৰু এগৰাকী শিশু শিল্পীক। অনিতা বেনাৰ্জীৰ লগত এটা ‘অংশ’ত দেখিছিলোঁ ইভা আচাও আৰু কৃষ্ণা দাসক। অনিতা বেনাৰ্জীয়ে অভিনয় কৰিছিল শকুন্তলাৰ চৰিত্ৰত। বিপৰীতে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকাকতিয়ে। ইভা-কৃষ্ণাই অভিনয় কৰিছিল প্রিয়ম্বদা-অনুসূয়াৰ চৰিত্ৰত। এটা ‘অংশ’ত দেখিছিলোঁ দুর্বাসাৰ চৰিত্ৰত কৰা ফণী শৰ্মাৰ অভিনয়। –অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল খগেন মহন্ত, ৰেবেকা চাচা আচাও, কুলদা কুমাৰ ভট্টচার্য, দেৱবালা চলিহা, দীনকৰ ৰাও আদিৰ লগতে শিশু শিল্পী বিদ্যা ৰাবে। –হয়, অসমীয়া চিনেমাৰ পৰৱৰ্তী সময়ৰ নায়িকা বিদ্যা বাবে।
ব্যাখ্যাৰ প্ৰয়োজন নাই– ‘শকুন্তলা’ৰ সংগীত আছিল জনপ্রিয় চিনেমাখনৰ দৰেই। অৱশ্যে পিছৰ প্ৰজন্মই চিনেমাখন চোৱাৰ সুযোগ নাপালে। সংৰক্ষণৰ অভাৱত। ‘প্রথম প্ৰহৰ ৰাত্রি…’, ‘নৱমল্লিকাৰৰে হেঁপাহ জানো পলাব…’, ‘পিতৃগৃহ ত্যাগী আই…’, –প্ৰজন্মৰ পাছত প্ৰজন্মৰ শ্ৰোতাই আদৰি লৈছিল। এই প্ৰজন্মৰ মুখতো শুনা যায়। সেই সময়ৰ সমালোচকসকলে গীত, গীতৰ চিত্ৰায়ণ, আৱহ সংগীতৰ প্ৰশংসা কৰিছিল। প্রশংসা কৰিছিল ‘চিনেমেটিক’ কাৰবাৰৰ। ‘শকুন্তলা’ অন্তঃসত্ত্বা হোৱা কথাটো দর্শকক বুজাইছিল ফুলৰ কলি-কলি ফলি উঠা দৃশ্যৰে।… এহাল কর্পৌৰ মিলনৰ মাজেৰে দর্শকক বুজাইছিল দুষ্মন্ত শকুন্তলাৰ মিলন।… ইত্যাদি।

চিনেমা খনৰ চিত্ৰনাট্যকাৰ, পৰিচালক, সংগীতঃ ডঃ ভূপেন হাজৰিকা
চিত্রগ্রহণ: বিজয় দে
সম্পাদক: শিৱ সাধন ভট্টাচার্য, অমলেন্দু শিকদাৰ
ষ্টুডিঅ’: ইন্দ্ৰপুৰী ষ্টুডিঅ’, কলিকতা
শব্দ: অৱণী চেতাৰ্জী
মেকআপ: অনন্ত দাস

অভিনয়তঃ ফণী শৰ্মা, পবিত্ৰ বৰকাকতি, ইভা আচাও, অনিতা দেবী, দেৱবালা চলিহা, খগেন মহন্ত, শিশু বিদ্যা ৰাও, ধীৰেন দাস, বেবেকা আচাও, দিলীপ চৌধুৰী, টুনু ৰাও, কুলদা কুমাৰ ভট্টাচাৰ্য, দীনকৰ ৰাও,কৃষ্ণা দাস, মেইমুদ্দিন।

]]>
https://rupaliparda.com/archives/32471/feed 0 32471
প্ৰতিধ্বনি | ভূপেন হাজৰিকাৰ “খাচী” ৰূপালী গল্প –উৎপল মেনা https://rupaliparda.com/archives/32466 https://rupaliparda.com/archives/32466#respond Thu, 06 Nov 2025 02:17:06 +0000 https://rupaliparda.com/?p=32466 প্ৰতিধ্বনি | ভূপেন হাজৰিকাৰ "খাচী" ৰূপালী গল্প --উৎপল মেনা 2

“প্ৰতিধ্বনি” নাম নাছিল।
এটি কাহিনী ঠিক-ঠাক কৰিছিল ভূপেন হাজৰিকাই। মনৰ মাজতে। নাম ৰাখিছিল– “মাণিক ৰাইটং”। খাচী লোক-গাথাৰ আধাৰত। চন: ১৯৬২। কামটো যিহেতু ফেনৰ তলত বহি কৰিব পৰা নাছিল, ভূপেন হাজৰিকা গৈ মেঘালয় পাইছিল, শ্বিলঙত বাহৰ পাতিছিল। “খাচী সকলৰ পুৰণি সাজ-পোছাক, আহাৰ-বিহাৰ আৰু সামাজিক ৰীতি-নীতিবোৰৰ বিষয়ে অধ্যয়ণ কৰিছিলোঁ। তেওঁলোকৰ সাংস্কৃতিক জীৱন-ধাৰ, লাহো আৰু নংক্ৰেম নামৰ নৃত্য-গীতৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। …” (ভূপেন হাজৰিকা/ মই এটি যাযাবৰ।) স্পষ্ট– চিনেমা খনৰ লেখক-পৰিচালকে বিষয়-বস্তুৰ গৱেষণাত গুৰুত্ব দিছিল, “চিনেশিল্পৰ বাবে চিনেমা” আৰু “সমাজৰ বাবে চিনেমা” নিৰ্মাণত গুৰুত্ব দিছিল। “মাণিক ৰাইটং”ৰ কাহিনী-ৰেখাৰ মাজত পাহাৰ-ভৈয়ামৰ সম্প্ৰিীতি, খাচী-অসমীয়াৰ সমন্বয়-সম্প্ৰীতি আনুভৱ কৰিছিল। “এই কাহিনীৰে উপন্যাস এখন লিখিলে ‘ইয়াৰুঈঙ্গম’ৰ দৰে হ’ল হেতেন! মই কথাছবিৰ কথা চিন্তা কৰিলোঁ। ভাবিলোঁ– ছবিয়ে বেছি মানুহৰ মাজলৈ লৈ যাব, মোৰ উদ্দেশ্য সফল হ’ব! মোৰ মূল উদ্দেশ্য আছিল খাচী আৰু অসমীয়াৰ মাজত সেই সময়ত বাঢ়ি যোৱা ভুল বুজাবুজি আঁতৰাই পাহাৰ-ভৈয়ামৰ মাজত সমন্বয়-সম্প্ৰীতি প্ৰতিষ্ঠা কৰাহে!…” (ভূপেন হাজৰিকা/ উৎস: “প্ৰতিধ্বনি”ৰ বিষয়ে/ ৰত্ন ওজা)
শ্বিলঙৰ পৰা গুৱাহাটীলৈ অহা বাটত ভূপেন হাজৰিকাই “মাণিক ৰাইটং”ৰ নাম সলনি কৰিছিল। নতুন নাম ৰাখিছিল– “প্ৰতিধ্বনি”। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬৪ চনৰ ছেপ্টেম্বৰত। কম সময়তে সম্পূৰ্ণ কৰা চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২২ জানুৱাৰী ১৯৬৫ -ত। বাণিজ্যিক দিশত চিনেমা সফল হোৱা নাছিল। প্ৰযোজক ভূপেন হাজৰিকা কিন্তু হতাশ হোৱা নাছিল! “মোৰ উদ্দেশ্য টকা ঘটা নাছিল। মই বিছৰা ধৰণে ছবি খন হৈছিল। কাম আৰম্ভ হোৱাৰ সময়ত হাতত টকা নাছিল। অসমৰ বিভিন্ন অঞ্চলত– বৰপেটা, ভোলাগুৰি, দৰং, উত্তৰ লক্ষীমপুৰ, দিগবৈ, ডুমডুমা, গনেশবাৰী, দুলিয়াজান আদিত গীত গালোঁ। ৰাইজে মোক মৰম দিলে। কিছু টকা গোটালোঁ। গীত গোৱা টকাৰেই ‘প্ৰতিধ্বনি’ কৰিলোঁ। কিছু সহায় কৰিছিল বিখ্যাত চাহ ব্যৱসায়ী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই। অৱশ্যে কিছু টকা লাভ কৰিব পাৰিলে পাছৰ ছবি কৰিবলৈ শক্তি পালোঁ হেতেন!…” (–ভূপেন হাজৰিকা/ উৎস: বাংলা আলোচনী “কণ্ঠস্বৰ”) আবদুল্লাহ আবু ছায়ীদ সম্পাদিত আলোচনী খনত ছপা হোৱা তথ্য: “প্ৰতিধ্বনি”ৰ বাজেট আছিল প্ৰায় ৪ লাখ টকা। ষ্টুডিঅ’ৰ বাহিৰৰ চিত্ৰগ্ৰহণ হৈছিল গুৱাহাটী আৰু চেৰাপুঞ্জীত।
**************
মাণিক তাৰ নাম। গৰখীয়া। বাঁহীয়ো বজায়। খাচী পাহাৰৰ উত্তৰ খণ্ডৰ ‘ভয়’ অঞ্চলৰ আনক সহায় কৰি ভালপোৱা খেতিয়ক সি। বহুতে তাক কয়-‘দোকাইত’। মানে অমংগলীয়া। মাতৃপ্রধান খাচী জনজাতি সমাজৰ সি। ভনীয়েক নাই। শৈশবতে সি সকলো হেৰুৱায়। সম্পত্তি, মাক-দেউতাককো। তাৰ দুখৰ লগৰী– বাঁহীৰ সুৰ। আনহাতে লিয়েন। দেহত সৌন্দৰ্যৰ ভঁৰাল। দুখীয়া। অপ্রত্যাশিতভাবে মাণিকে তাইক লগ পাইছিল। দুবাৰ-এবাৰ পাহাৰৰ শিখৰত। আনবাৰ তাই নিজৰাত গা ধুই থাকোঁতে। দুয়োৰে মাজত ‘মৰম-ভালপোৱা’ হয়।
মাণিকৰ অনুভৱত লিয়েন, কেৱল লিয়েন মাকাও। বন্ধু দালিৰ পৰামৰ্শ আৰু তাগিদাত মাণিকে বিয়াৰ প্ৰস্তাৱ লৈ পাহাৰৰ সিপাৰৰ লিয়েনৰ ওচৰলৈ যায়। সি জানিব পালে লিয়েন বিয়া হৈ গ’ল। দুখেৰে ভৰি পৰে মাণিকৰ মন। দুখতে সি গাঁও এৰে।
ক’লৈ গ’ল লিয়েন!
লিয়েন হ’লগৈ ‘বৃদ্ধ ‘চিয়েম’ৰ তৰুণী ভাৰ্যা’। তাইৰ নাম বখা হ’ল– মহাদেউ। কামনা-বাসনা লৈ মহাদেউৱে ৰাতি ৰাতি উচুপে। তাই ৰজাৰ ‘সম্পত্তি’হে।।
অসমৰ ৰজাৰ সৈতে জটিল বিষয় এটা সৰল কৰাৰ আলোচনাৰ বাবে ‘চিয়েম’ ব্রহ্মপুত্র উপত্যকালৈ আহে। ওঠৰ মাহৰ পিছত উভতি গৈ দেখে মহাদেউৱৰ ছমহীয়া শিশু। –সেই শিশুৰ পিতৃ ‘চিয়েম’ নহয়, মাণিকহে। ‘চিয়েম’ৰ অবৰ্তমানত মহাদেউ-মাণিক মিলিত হৈছিল পৰ্বতৰ গুহাত। গোপন অভিসাৰত। –“প্ৰতিধ্বনি”ৰ কাহিনী-ৰেখা।
এটা খাচী সাধুৰ পৰা লোৱা এই কাহিনীৰে, কাহিনীৰ মাজেৰে পাহাৰ-ভৈয়ামত সম্প্ৰীতিৰ ‘ছবি আঁকিছে’। কাহিনী-ৰেখাৰ গতিত খাচী আৰু অসমীয়াৰ পৰম্পৰাগত বাদ্য-সুৰ ব্যৱহাৰ কৰিছে। (এই খিনিতে উল্লেখ কৰিব পাৰি– মেঘালয়ৰ লোক-শিল্পী ফিলকিন লালুৱে খাচী-জয়ন্তীয়া লোক-বাদ্যৰে সংগীতত ভূপেন হাজৰিকাক সহায় কৰিছিল।) কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল– বিহু নৃত্য, ৰাস নৃত্য আৰু মিৰি নৃত্য। ব্যৱহাৰ কৰিছিল পাঁচটা গীত– “শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী…” (কথা: পৰম্পৰাগত, কণ্ঠ: কবিতা হাজৰিকা), “লিয়েন মাকাও, কোন পাহাৰৰ শিখৰতে…” (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, তালাত মাহমুদ), “হে হে হে ঢোলে-দগৰে…” (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, বন্দনা হাজৰিকা), “অয় অয় আকাশ শুব…” (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), “দেহি ঐ লুইতৰ সিপাৰে মাজুলী…” (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, কবিতা হাজৰিকা)। প্ৰতিটো গীতেই “গল্প” কৈছে, কাহিনীৰ অংগ হৈছে। গীত-আৱহ সংগীতৰ লগতে কেমেৰাৰ ভাষাৰ ইতিবাচক চৰ্চা অৰ্থহীন নহয়। চেৰাপুঞ্জীৰ ডাঠ কুঁৱলী ফ্রেমত লৈ মন চুই যাব পৰা শ্বট লৈছে চিত্রগ্রহণকাৰী বিজয় দেয়ে। ‘চিয়েম’, মাণিক, লিয়েনৰ চৰিত্ৰত অভিনয় কৰিছিল ক্রমে বিষ্ণুপ্ৰসাদ ৰাভা, পবিত্র বৰকাকতি, ইভা আচাওরে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মা, বিদ্যা বাও, বঞ্জনা বৰদলৈ, কৃষ্ণা দাস, মাণিক দাস আদিয়ে।

]]>
https://rupaliparda.com/archives/32466/feed 0 32466
Legendary Flautist Deepak Sarma Passes Away at 57, Assam and Music Fraternity Mourn Profound Loss https://rupaliparda.com/archives/32451 https://rupaliparda.com/archives/32451#respond Wed, 05 Nov 2025 08:50:17 +0000 https://rupaliparda.com/?p=32451 Deepak Sarma

Acclaimed flautist Deepak Sarma, revered for his soulful artistry and profound contributions to Indian classical music, passed away at a hospital in Chennai on 3rd November after a prolonged battle with liver disease. He was 57.

A disciple of the legendary Pandit Hariprasad Chaurasia, Sarma had been undergoing advanced treatment for chronic liver disease in Chennai since last month. News of his demise has left Assam’s cultural fraternity and the wider music community in deep mourning.

Throughout his illustrious career, Deepak Sarma collaborated with some of Assam’s most celebrated icons, including Bhupen Hazarika and Zubeen Garg, and mesmerized audiences across India and abroad with his evocative flute performances. His artistry transcended borders, featuring in numerous Hindi and regional films, where his music spoke the universal language of emotion and devotion.

Assam Governor Lakshman Prasad Acharya expressed profound grief over the loss, stating, “Assam has lost a distinguished musician whose contribution to Indian classical music—particularly in popularising the flute on global platforms—will be remembered for generations.” He praised Sarma’s unmatched dedication and noted that his soulful renditions had left an indelible mark on the cultural fabric of the nation.

Chief Minister Himanta Biswa Sarma also offered heartfelt condolences, describing the late musician as a true ambassador of Assamese music. “His immense contribution to popularising the flute and enriching Assamese musical heritage will forever be remembered. My sincere condolences to the bereaved family and well-wishers. Om Shanti,” the CM said.

Deepak Sarma’s passing marks the end of an era, but his music—imbued with depth, devotion, and grace—will continue to echo through the hearts of countless admirers for generations to come.

]]>
https://rupaliparda.com/archives/32451/feed 0 32451
এৰা বাটৰ সুৰ | প্ৰথম অসমীয়া মিউজিকেল চিনেমা — উৎপল মেনা https://rupaliparda.com/archives/32424 https://rupaliparda.com/archives/32424#respond Sun, 02 Nov 2025 13:44:06 +0000 https://rupaliparda.com/?p=32424 এৰা বাটৰ সুৰ | প্ৰথম অসমীয়া মিউজিকেল চিনেমা -- উৎপল মেনা 4

ভূপেন হাজৰিকাই চিনেমাৰ বাটত খোজ পেলাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত ধৰি। চিনেমাৰ নাম– “ইন্দ্ৰ-মালতী”। অভিনয় কৰিছিল, গীত গাইছিল। “১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই মোক পুনৰ কলিকতালৈ লৈ গৈছিল।… মোক ভলণ্টিয়াৰৰ পাৰ্ট দিছিল। ‘বিশ্ববিজয়ী ন-জোৱান’টো শিকাই দিছিল, গাইছিলোঁ।” (ড° ভূপেন হাজৰিকা/ “মই এটি যাযাবৰ”)
ভূপেন হাজৰিকাই আৰু লিখিছিল– “তেতিয়া প্লেবেক ছিষ্টেমৰ প্ৰচলন হোৱা নাছিল। ডাইৰেক্ট কৰিব লগা হৈছিল। সেয়ে ইন্দ্ৰৰ কিছু পাৰ্ট ক’বলৈ মোক লৈ গৈছিল আৰোৰা ফিল্ম কৰ্প’ৰেশ্বনলৈ। তাত নিৰঞ্জন পাল আছিল। তাত মোক জ্যোতি ককাইদেৱে শিকাইছিল –গৰখীয়া ল’ৰাৰ এটি গীত গাবলৈ। গীতটো আছিল …।” (জ্ঞানদীপ/ ১৯৮২)
–এতিয়া আমি এনেদৰে ক’ব পাৰো, চিনেমা খনৰ নায়ক ইন্দ্ৰৰ ওঁঠত ব্যৱহাৰ কৰা সংলাপ কিছু ক’বলৈ ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদ আগৰৱালাই কলিকতালৈ লৈ গৈছিল। আৰু কিশোৰ চৰিত্ৰ এটাত আভিনয় কৰোৱাইছিল। চৰিত্ৰটো– এজন গৰখীয়া ল’ৰা। দেশপ্ৰেমমূলক গীত গাই পইচা খুজি ফুৰে। আমাৰ এই ধাৰণা নিশ্চয় ভুল নহব– ভূপেন হাজৰিকাৰ চিনেমেটিক ধাৰণাৰ বীজ অংকুৰিত হৈছিল ১২-১৩ বছৰ বয়সতে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিনেচিন্তাই চিনেমা পৰিচালক ভূপেন হাজৰিকাক যে স্পৰ্শ কৰিছিল সন্দেহৰ বাট নাই। “জয়মতী”, “ইন্দ্ৰ-মালতী” আৰু ভূপেন হাজৰিকাৰ চিনেমা চোৱা চিত্ৰৰসিক সকলৰ চৰ্চাত অনুভৱৰ বাট পোৱা যায়–
(১) “জয়মতী”ৰ বাণিজ্যিক বিফলতাৰ নেতিবাচক প্ৰভাৱে চুইছিল ভূপেন হাৰৰিকাৰ চিনে-চিন্তাক।
(২) “জয়মতী” বাণিজ্যিক দিশত সফল হ’লে “এৰা বাটৰ সুৰ”ত “ইন্দ্ৰ-মালতী”ৰ আছোঁৰ নালাগিল হেতেন!
আনহাতে চিনেমা লেখক-পৰিচালক ভূপেন হাজৰিকাৰ মতে– “বোলছবিয়ে জাতীয় ঐতিহ্য প্ৰতিফলিত কৰা উচিৎ।”
“প্ৰকৃত অসমীয়া কথাছবিয়েহে যুক্তপ্ৰদেশৰ নাগৰিকক অসমৰ ভাব-অনুভূতি বুজাব পাৰে।”
এই কথা মনত ৰাখিয়ে সম্পূৰ্ণ কৰিছিল প্ৰথমটো ৰূপালী গল্প– “এৰা বাটৰ সুৰ”।
প্ৰস্তাৱনা: ‘এৰাবাটৰ সুৰ’ ভূপেন হাজৰিকাৰ প্ৰথম পৰিচালনা। ৩০ নৱেম্বৰ, ১৯৫৬ চনত চিত্রগৃহলৈ আহিছিল। চিনেমাখনৰ প্ৰসংগত পৰিচালকগৰাকীয়ে কৈছিল- “মোৰ প্ৰথমখন কথাছবি ‘এৰাবাটৰ সুৰ’ আৰু ‘মাহুত বন্ধুৰে’ক বাদ দি বাকীবিলাকক ভাত খাবলৈ কৈৰিছিলোঁ। ‘লটিঘটি’, ‘শকুন্তলা’ এইবিলাক যে কৰিছিলোঁ ভাত নাছিল কাৰণে কৰিছিলোঁ। এই যে ৬০ হাজাৰ টকা দিয়ে, এই ৬০ হাজাৰ টকাৰে চলিব লাগে। …(মই বাণীবদ্ধ কৰি ৰখা ‘সাক্ষাৎকাৰ’ৰ এই কথাখিনিত স্পষ্ট হৈ আছে ‘এৰা বাটৰ সুৰ’ৰ ‘বাজেট’ ৫০ হাজাৰ টকাৰ বেছি নাছিল।) সকলোৱে জনা কথা- গানৰ মানুহ, সংগীতৰ মানুহ- ড° ভূপেন হাজৰিকাৰ প্ৰথম পৰিচয়; কিন্তু সম্পূৰ্ণ পৰিচয় নহয়। লেখক, সম্পাদক ড° হাজৰিকাই তুলিকাৰে কেনভাছতো সপোন ৰচনা কৰিছিল। মনৰ কথা কৈছিল। তেনেদৰে সৃষ্টি কৰিছিল কেইবাখনো শ্রেষ্ঠ চিনেমা। অসমীয়া চিনেমা। হিন্দী, বাংলা চিনেমা। চিনেমাৰ পৰিচালক হিচাপে শিল্পীগৰাকীয়ে বিশ্বাস কৰিছিল– “ভাল সাহিত্যৰ পৰাহে ভাল চিনেমা নির্মাণ সম্ভৱ।… সংগীতৰ উপৰি সকলো দিশতে চিনেমা এখন উন্নতমানৰ হ’ব লাগিব। অসমীয়া ছবি এখনত খাচ অসমীয়া সুগন্ধ থাকিলেহে সৰ্বভাৰতে আদৰিব। সৰ্বভাৰতীয় কৰিবলৈ গৈ বিজতৰীয়া কৰিলে ফল অশুভ বুলি মোৰ বিশ্বাস।” শিল্পীগৰাকীৰ এই “বিশ্বাস” প্রতিখন চিনেমাতে স্পষ্ট ৰূপত দেখা গৈছিল। প্ৰথম পৰিচালনা “এৰাবাটৰ সুৰ” (১৯৫৬) চিনেমাখনৰ পৰিচালনাৰ শৈলীৰ কথা মনত ৰাখি ক’ব পাৰি অসমীয়া সংগীত মধুৰ চিনেমা বুলি। যাক চিনেমাৰ ভাষাত কোৱা হয় “Musical cinema”।
ড° হাজৰিকাৰ পত্নী প্রিয়ম হাজৰিকাও আছিল চিনেমা খনৰ সৈতে জড়িত। চিনেমাখনৰ কাহিনী-সংগীত শিল্পীগৰাকীয়ে নিজে ৰচনা কৰিছিল।
চিনেমাখনৰ কেইটামান উল্লেখযোগ্য দিশ হ’ল প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমা এখনৰ বাবে কণ্ঠদান কৰিছিল লতা মংগেশকাবে। চিনেমাখনত ব্যৱহাৰ কৰা লতাৰ ‘জোনাকৰে ৰাতি অসমীৰে মাটি…’ আজিৰ প্ৰজন্মৰ মাজতো জনপ্রিয়।
চিনেমাখনত ব্যৱহাৰ কৰা আন এটা গীত ‘সাগৰ সংগমত কতনা সাঁতুৰিলোঁ… ‘ও আন এটা উল্লেখযোগ্য গীত। চিনেমাখনৰ উল্লেখযোগ্য আন এটা দিশ হ’ল– সম্পাদনা কৰিছিল ভাৰতীয় চিনেমাৰ বিখ্যাত পৰিচালক হৃষীকেশ মুখার্জীয়ে। এই চিনেমাখনৰ সম্পাদনাৰ লগতে পৰিচালনা শৈলী আৰু সংগীতৰ প্ৰসংগত সৰ্বভাৰতীয় কাকততো চর্চা হৈছিল। ছবিখনৰ প্রসংগত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ৰ ছবি আলোচকে লিখিছিল- ‘…The film introduces a gifted new talent in the person of Bhupen Hazarika…
The entire treatment is marked by a lyrical grace that one seldom comes across on the commercial screen. With this open picture Dr. Bhupen Hazarika leaps int film fame …

‘Era Bator Sur’ undoubtedly open new vista of hope for Assamese films’ (২৩ নৱেম্বৰ, ১৯৫৬)। আনহাতে, ‘দেশ’ আলোচনীৰ চিত্র সমীক্ষকে লিখিছিল- ‘প্রকৃততে ভাল লাগাৰ একটা চমৎকাৰ সুযোগ এনে দিয়েছেন আসামেৰ গুণী শিল্পী ড° ভূপেন হাজাৰিকা তাৰ ‘এৰাবাটৰ সুৰ’ ছবিখানিতে ৰকমাৰি লোক-সংগীত পৰিৱেশনেৰ দিক থেকে ছবিখানিকে সৰ্বভাৰতীয় পৰ্যায়েও এ বছৰেৰ একটি বিশিষ্ট চিত্ৰ সৃষ্টি বলেও পৰিগণিত কৰা চলে। … লতা মংগেশকাৰ, হেমন্ত কুমাৰ, সন্ধ্যা মুখোপাধ্যায় প্রমুখ জনপ্রিয় গায়ক-গায়িকাকে দিয়ে গানগুলি পৰিৱেশন কৰা হয়েছে। কিন্তু গানেৰ দিক থেকে অবিসম্বাদীভাৱে সকলকে অতিক্ৰম কৰেছেন ড° ভূপেন হাজাৰিকা(২৩ নৱেম্বৰ, ১৯৫৬)।’ এক মানৱদৰদী শিল্পী, লেখকৰ আৱেগক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা এই চিনেমাখনৰ প্ৰসংগত ‘যুগান্তৰ’ৰ ছবি আলোচকৰ মন্তব্য আছিল এনেধৰণৰ- ‘… ‘এৰাবাটৰ সুৰ’ এক মানবদৰদী শিল্পী-লেখকের আবেগমণ্ডিত কাব্যময় ইতিকথা।… অসমেৰ চাবাগানেৰ পটে ৰচিত এই কাহিনীতে লেখক অসমেৰ লোক-সংগীত ও নৃত্যেৰ যে বিচিত্র পশৰাহাজিৰ কৰেছেন ভাষা ও ভৌগোলিক সীমা অতিক্ৰম কৰে তাৰ আবেদন বিশ্বমানবেৰা হৃদয়ে গিয়ে পৌঁছবে এবং সেই সংগে পাশ্চাত্য ঘেষা সংগীতেৰ সংগে দেশেৰ সংগীতেৰ তফাৎ কোথায় তা অনুধাৱন কৰাও সহজ হবে।’ (২৩ নৱেম্বৰ, ১৯৫৬)।

পটভূমি, কাহিনী: চিনেমাখনৰ নায়ক জয়ন্ত। পশ্চিমীয়া শিক্ষা লৈ অহা জয়ন্তৰ বাবে ৰৈ আছিল চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ কন্যা নিশা। নিশা আছিল স্বাভাৱিকতে জয়ন্তৰ বাবে সোণালী, মসৃণ বাট। কিন্তু জয়ন্তই খোজ পেলালে এৰা বাটত। ‘সুৰ’ৰ সন্ধানত। ‘মাটিৰ সুৰ’ বিচাৰি জয়ন্ত সোমাই পৰিল চাহ শ্রমিক মিন্নী, লচমী, বুঢ়া কছাৰী, হাৰাণহঁতৰ মাজত। নিশাই যি সময়ত কলকাতাৰ ডেকা চাহ ব্যৱসায়ী ভূপেনৰ হাতত নিজকে বিলাই দিয়ে, সেই সময়ত জয়ন্ত ব্যস্ত থাকে বড়ো হালোৱা ভুজলং, ৰতনপুৰৰ হাৰাণহঁতৰ ‘সুৰ’ৰ মাজত। জয়ন্তৰ ওচৰলৈ আহে ‘মৰম, গান, মাটিৰ সুৰৰ প্ৰতীক’ মিন্নী। মিন্নীক কিন্তু জয়ন্তই বিচাৰিও গ্ৰহণ কৰিব নোৱৰিলে। মিন্নীৰ ওচৰত সি পৰাজয় হ’ল। মিন্নীয়ে চিঞৰি ক’লে– “বাবু, তোৰ সাহস নাই।” জয়ন্তই মিছা অপবাদ ল’ব লগা হয়। জয়ন্তই শেষত ঝুগনুৰ হাতত মিন্নীক গতাই দিয়ে। উন্মোচন হয় মিন্নী চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ ‘অবৈধ’ সন্তান। চিনেমাখনৰ কাহিনীত দেখা যায় বহু পোৱাৰ পিছতো এৰা বাটত পিছল খায় নায়ক জয়ন্তই।
(চিনেমাখনৰ কাহিনী স্পষ্টকৈ উল্লেখ কৰিব পৰা নাই। নোৱাৰাৰ কাৰণ ১৯৯৭ চনত মুম্বাইৰ এখন ‘চিনেমা উৎসৱ’ত চিনেমাখনৰ যিটো প্রিন্ট চাইছিলোঁ, তাত সংলাপবোৰ স্পষ্ট নাছিল।)
সংগীত: মুকলি মনেৰে ক’ব পাৰি ‘এৰা বাটৰ সুৰ’ বিশুদ্ধ মিউজিকেল চিনেমা (“এৰা বাটৰ সুৰ” একটি হিট মিউজিক্যাল ভারতীয় চলচ্চিত্র, যা অসমীয়া সিনেমার ইতিহাসে একটি যুগান্তকারী সৃষ্টি।” উৎস: আনন্দ বাজাৰ পত্ৰিকা)
। ‘বিষয়বস্তু’ৰ কথা মনত ৰাখি সংগীত পৰিচালক ভূপেন হাজৰিকাই গীত, আৱহ সংগীত ব্যৱহাৰ কৰিছিল। হেমাংগ বিশ্বাসৰ মতে- ‘এৰাবাটৰ সুৰ’- এৰা বাটৰ কথা নহয়, সংগীতধর্মী কথাছবি হিচাপে ইয়াৰ মূল্য নিৰূপণ কৰিব লাগিব। সেই ফালৰ পৰা ‘এৰাবাটৰ সুৰ’ক ভাৰতৰ প্ৰথম শ্ৰেণীৰ সংগীতপ্রধান চিনেমাবোৰৰ প্ৰথম শাৰীত থিয় দিব পৰাৰ যোগ্যতা আছে। ‘তানচেন’ৰ পৰা ‘ঝনক ঝনক পায়েল বাজে… লৈকে ভাৰতীয় শাস্ত্রীয় সংগীত-নৃত্যৰ যি আলেখ্য পোৱা যায়, সেই ধাৰাত লোকগীত, লোকনৃত্যৰ আলম লৈ ‘এবাবাটৰ সুৰ’-এ নতুন বৈশিষ্ট্য আনিছে। সেই ফালৰ পৰা ‘এৰাবাটৰ সুৰ’ পায়নিয়াৰ।’ উল্লেখযোগ্য দিশটো হ’ল এই প্ৰজন্মৰ বাবে ‘চিনেমা’খন অচিনাকি, কিন্তু ‘চিনেমা’খনত ব্যৱহাৰ কৰা ‘জোনাকৰে কঠি অসমীৰে মাটি …’ (কণ্ঠ: লতা মংগেশকাৰ), ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানে কাক…’ (কণ্ঠ: ভূপেন হাজৰিকা, হেমন্ত কুমাৰ), ‘গুম গুম মেঘে গৰজিলে ..(কণ্ঠ: ভূপেন হাজৰিকা, হেমন্ত কুমাৰ), ‘সাগৰ সংগমত কতনা সাঁতুৰিলোঁ …’ (কণ্ঠ: ভূপেন হাজৰিকা), ‘জনকপুৰৰ জানকীয়ে মিচিক-মাচাককৈ হাঁহে …’ চিনাকি। গীত চিত্ৰায়ণৰ প্ৰতিটো শ্বটেই নান্দনিক।
অভিনয় : ‘নায়ক’ জয়ন্তৰ চৰিত্ৰত বিজয় শংকৰে কৰা অভিনয় সেই সময়ৰ সমালোচকৰ পছন্দৰ নাছিল। বিষ্ণু ৰাভা (ভুজলং কাকা), ফণী শৰ্মা (হাৰাণ), তছদ্দুক ইউছুফ (ৰূপেন), প্রীতি ধাৰা (মিন্নী)ৰ অভিনয় আছিল হৃদয় স্পৰ্শ কৰিব পৰা।
শেষত:
“এৰা বাটৰ সুৰ”ৰ নায়ক জয়ন্তক বহুতে ভূপেন হাজৰিকা বুলি ক’ব খোজে।

চিনেমা খনৰ প্রযোজক, পৰিচালনা, সংগীতঃ ডঃ ভূপেন হাজৰিকা।
চিত্রগ্রহণ: অনিল গুপ্ত/সম্পাদকঃ তৰুণ দত্ত
অভিনয়ত: ফণী শৰ্মা, বিষ্ণু ৰাভা, বিজয় শংকৰ, ইভা আচাও, ত্যব্দুর ইউচুফ, প্রীতিধাৰা, বলৰাজ সাহনী (অতিথি), ছায়া দেবী, পুণ্য দুবৰা, স্বাগত স্বাগতা চক্রবর্তী, ৰেবেকা আচাও, মিনতি দাস, লৰেটা বুথ, অনিল দাস, ৰমেশ শৰ্মা, ভূপেন নবিশ, শুক্লা বায়, অরণী গোহাঁই বৰুৱা, গিৰিজা বববা
চিত্রগৃহলৈ আহিছিল: ৩০ নৱেম্বৰ, ১৯৫৬।

]]>
https://rupaliparda.com/archives/32424/feed 0 32424
জুবিন | শ্ৰদ্ধাঞ্জলি –উৎপল মেনা https://rupaliparda.com/archives/32205 https://rupaliparda.com/archives/32205#respond Sat, 20 Sep 2025 07:24:08 +0000 https://rupaliparda.com/?p=32205 জুবিন

কেৱল অসমৰ সংগীত শিল্পী নাছিল। অসমীয়া ভাষাৰ সংগীতৰ শিল্পী নাছিল, ভাৰতৰ কেইবাটাও ভাষাত সংগীত কৰ্ম কৰিছিল জুবিন গাৰ্গে। কথাটো এনেদৰে কলেও ভুল নহব– কোনটো ভাৰতীয় ভাষাত গীত গোৱা নাছিল জুবিনে! অসমীয়া, বাংলা, ওড়িয়া, তামিল, তেলুগু, কন্নড়, মালয়ালম, মাৰাঠীকে ধৰি ভাৰতৰ প্ৰায় কেইটা ভাষাতে গীত গাইছে, সুৰেৰে সজাইছিল। ইমানেই নহয়, বড়ো, কোচ-ৰাজবংশী (কমতাপুৰী/ গোৱালপাৰীয়া), চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী আদি গীতকো নিজৰ কণ্ঠৰে, গায়কীৰে জনপ্ৰিয় কৰিছিল।অসমৰ লোক গীত-সংগীতক জনপ্ৰিয় কৰিছিল।

এবাৰ কথা প্ৰসংগত জুবিনে কৈছিল– “অসমৰ প্ৰতিটো ভাষা, উপ-ভাষাৰ সংগীত চহকী হ’লেহে, প্ৰকৃততে অসমীয়া গীত চহকী হ’ব। আৰু মই ভাবো– গীতৰ, সংগীতৰ কোনো ভৌগলিক সীমা নাই। মই সকলো ভাষাতে গীতৰ কাম কৰি ভাল পাওঁ; কিন্তু অসমত থাকি, অসমীয়া ভাষাত, অসমৰ উপ-ভাষা বোৰত কাম কৰি বেছি ভাল পাওঁ।… বলিউড মই বেয়া পাওঁ! বলিউদত যান্ত্ৰিকতা বেছি। বলিউদত সৃষ্টিকৰ্ম কম, তৈয়াৰ বেছি হয়। সেই বাবেই মই বলিউদ এৰিলোঁ, মুম্বাই এৰি অসম পালোঁ। মই এনেদৰে ভাবোঁ– বলিউদক যদি মোৰ প্ৰয়োজন আছে, মোক বিছাৰি অসমলৈ আহিব।”

বলিউদৰ চিনেমাত জুবিনে কণ্ঠ দিছিল, জনপ্ৰিয় হৈছিল। বিশেষ ভাবে চৰ্চালৈ আহিছিল “য়ে আলী…”ৰে। “য়া আলি…”ৰে (চিনেমা: গেংষ্টাৰ) বলিউদত উজলিছিল জুবিন কণ্ঠ। জুবিনে এই গীতটোৰে লাভ কৰিছিল ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড– শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ (পুৰুষ) শিতানত। ফিল্মফেয়াৰ এৱাৰ্ড আদিৰ মঞ্চতো চৰ্চা হৈছিল “য়া আলি” জুবিনৰ।

জুবিন
জুবিন কেৱল কণ্ঠশিল্পী নাছিল। লেখক, অভিনেতা, পৰিচালকো (নাটক, চিনেমা, সংগীত) আছিল। পৰিচালনা কৰিছিল তিনিখন অসমীয়া চিনেমা– “তুমি মোৰ মাথো মোৰ”, “মিছন চাইনা”, “কাঞ্চনজংঘা”। ইয়াৰে “মিছন চাইনা“ৰে আসমীয়া চিনেমাৰ বহল বাট কাটিছিল, অসমীয়া চিনেমাৰ “বহল” বজাৰ-চিন্তা কৰিছিল। জুবিনে কৈছিল– “আৰ্ট আমাক লাগিব! আৰ্ট চিনেমাত মই অভিনয় কৰিছোঁ– “মনযায়”, “দীনবন্ধু” আদিত। কিন্তু আমাক বজাৰ লাগিব। বহল বজাৰ লাগিব। অসমৰ বাহিৰতো বজাৰ লাগিব। বজাৰৰ বাবে আমি বিগ-বাজেটৰ চিনেমা নিৰ্মাণ কৰিব লাগিব। মই বজাৰৰ বাবে চিনেমা নিৰ্মাণত গুৰুত্ব দিছোঁ। পাছত আৰ্ট চিনেমাও কৰিম।” এই খিনিতে উল্লেখ কৰিব পাৰি যে জুবিনৰ চিনে-চিন্তা, বজাৰ-চিন্তাৰে ইতিমধ্যে সাজু হৈছে আন এখন অসমীয়া চিনেমা– “ৰৈ ৰৈ বিনালে”।

জুবিন
|| জুবিন নিৰ্মাণ ||
জুবিন” নিৰ্মাণ পৰ্ব আৰম্ভ হৈছিল ১৯৯২-৯৪-ৰ সময় চোৱাত। কেছেটৰ বজাৰলৈ আহিছিল “অনুৰাধা” (১৯৯২), “অনামিকা” (১৯৯২), “মায়া” (১৯৯৪)। ক’ব পাৰি “মায়” জুবিনৰ সংগীত কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট। জুবিনৰ কণ্ঠ, কথা, সুৰেৰে নিৰ্মিত “মায়া, মায়া মাথো মায়া …”ৰে অসমৰ সংগীত ৰসিকৰ মাজত “সাংগীতিক মায়া”ৰ সৃষ্টি কৰিছিল। বিশেষকৈ যুৱ সমাজৰ মাজত “জুবিন ইমেজ”-এ আকাৰ লৈছিল এই গীতটোৰে। সংকলটোত আছিল আৰু সাতটা গীত– “নিৰিবিলি গধুলি. ” (কথা:জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ-কবিতা কৃষ্ণমূৰ্তি), “জোনাকে…” (কথা: কপিল ঠাকুৰ, কণ্ঠ: জুবিন গাৰ্গ), “ফুলেৰে সজালোঁ…” (কথা: হীৰেন ভট্ট, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), “দূৰে দূৰে…” (কথা-কণ্ঠ: জুবিন গাৰ্গ), “জোনাশ গলা …” (কথা-কণ্ঠ: জুবিন গাৰ্গ), “উন্মনা …” (কথা-কণ্ঠ: জুবিন গাৰ্গ),”উজাগৰী …(কথা-কণ্ঠ: জুবিন গাৰ্গ)। এই শ্ৰব্য সংকলনৰ পাছৰে পৰা “এন কেৰ জুবিন”মানেই “জনপ্ৰিয় গীত”ৰ ধাৰণাই শ্ৰোতাক চুলে।

জুবিন
বিনৰ “অনামিকা”ৰ জনপ্ৰিয় গীত দুটা হ’ল –“গানে কি আনে…” কথা: হীৰেন ভট্টাচাৰ্য, কণ্ঠ: জুবিন গাৰ্গ), “অনামিকা…” (কথা-কণ্ঠ: জুবিন গাৰ্গ)। সংকলনটোৰ আন কেইটা গীত– “পথে পথে…” ( কথা: সবিতা শৰ্মা কণ্ঠ:কবিতা কৃষ্ণমূৰ্তি) ,”হিয়া দহে…” কথা-কণ্ঠ: জুবিন গাৰ্গ),
“প্ৰীতিৰ সুবাসে…” কথা: ৰেনু শৰ্মা, কণ্ঠ:জুবিন গাৰ্গ ), “মনৰ নিজানত… ( কথা-কণ্ঠ:জুবিন গাৰ্গ), “কিয় জানো আজি…” কথা: জুবিন গাৰ্গ, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি-জুবিন গাৰ্গ), “শুনা শুনা…” কথা: জুবিন গাৰ্গ , কণ্ঠ:জুবিন গাৰ্গ-কবিতা কৃষ্ণমূৰ্তি)। –এই গীত ৮ টাৰ “অনামিকা…” আৰু “শুনা শুন…” গীত দুটিৰ সুৰ যুটীয়াভাৱে জুবিন আৰু উৎপল শৰ্মাৰ। বাকীকেইটি গীতৰ সুৰকাৰ জুবিনৰ। শ্ৰোতাই গায়কী আৰু সুৰৰ মাজত অনুভৱ কৰিছিল– অসমীৰ থলুৱা সুৰৰ সৈতে পশ্চিমীয়া ৰক সংগীতৰ মিশ্ৰণ ঘটাই নিৰ্মণ কৰা “নতুন ধৰণৰ অসমীয়া গীত”।

এন কে প্ৰডাক্‌চনৰ বেনাৰত নিৰ্মাণ কৰা এই শ্ৰব্য সংকলটোৱে লাহে লাহে বজাৰ দখল কৰে। –এই সংকলটোত স্বাভাৱিকতে “জুবিন”ক বিশ্বাসত লোৱা নাছিল, কবিতা কৃষ্ণমূৰ্তিৰ সৈতে জুবিনক হাইলাইটলৈ অনিবলৈ চেষ্টা কৰিছিল। কিন্তু সময়ত জুবিন চৰ্চালৈ আহিছিল নিজৰে গায়কী শক্তিৰে। যি গায়কী শক্তিয়ে পূৰ্ণতা পাইছিল “মায়া”ত। মনত আছে, ভালদৰে মনত আছে জুবিনৰ সাংগিতিক উত্থান স্পষ্ট হৈছিল। আৰু জুবিনৰ উত্থানত শংকিত হৈছিল সেই সময়ৰ কেইবা গৰাকীয়ো জনপ্ৰিয় সংগীত শিল্পী, গায়ক। এই যে শংকিত হৈছিল, সেই সকলৈ সংবাদ মাধ্যমৰ সহায়ত এটা ঢৌ বোৱাবলৈ চেষ্টা কৰিছিল এই বুলি– জুবিনে অসমৰ থলুৱা সংগীতৰ ক্ষতি কৰিব। জুবিনে পশ্চিমৰ সুৰেৰে অসমীয়া থলুৱা সুৰত দাগ লগাব। এনে ধৰণৰ চৰ্চাক মিছা বুলি প্ৰমাণ কৰি অসমৰ লোকাসংগীতকো জনপ্ৰিয় কৰিছিল।

জুবিন

|| জুবিনে অভিনয় কৰা চিনেমা ।।

ৰাজনীতি, কাঞ্চনজংঘা. দ্য আণ্ডাৰৱ’ৰ্ল্ড, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা. গানে কি আনে, সাত নম্বৰৰ সন্ধানত, অহেতুক, ৰ’দৰ চিঠি, ৰামধেনু, মন যায়, দীনবন্ধু, প্ৰেম আৰু প্ৰেম,তুমি মোৰ মাথোঁ মোৰ, ডক্তৰ বেজবৰুৱা ২, ৰৈ ৰৈ বিনালে, চিকাৰ আদি।

জুবিন

|| জুবিনৰ অসমীয়া এলবাম ||
অনামিকা, অনুৰাধা, মায়া, আশা, জুবিনৰ গান, ৰং, মুক্তি, জানমনি, শব্দ, স্নিগ্ধ জোনাক, মেঘৰ বৰণ, পাখি, ৰাংঢালী, সপোন, হিয়া মন, শিশু, বান্ধৈ, আকৌ হিয়া মন, চিনাকি মন, পকা ধানে ৰিঙিয়াই, লাজুকী মন, যন্ত্ৰ, ডেউকা, চিনাকি সুৰ, আছেনে কোনোবা হিয়াত, মুখা, সন্ধ্যা, বৰষুণ, উন্মনা মন, ৰিঙা ৰিঙা মন
দিলৰুবা, উৰণীয়া মন, জোনাকী মন, ৰুমাল, মোৰ প্ৰিয় গীত, অভিমানী মন, মোৰ গানত জ্বলে, অবুজন মন, গান, সোণালী মন, ৰুণজুন, ৰ’ক, বাঁহী, পথ, কিং, ৰংমন, মনে মনে, নিৰিবিলি গধূলি, আলসুৱা মন, চিনাকি সুৰ, ভৰ দুপৰীয়া, হিৰ’, সপোনৰ সুৰ, কোন তুমি, সন্ধ্যাতৰা খণ্ড-১, সন্ধ্যাতৰা খণ্ড-২, পাৰিজাত, মা,  চিলা

জুবিন

|| হিন্দী আৰু বঙালী এলবাম ||

চান্দিনী ৰাত (১৯৯৫)
চন্দা (১৯৯৬)
য়ুঁহী কভী (১৯৯৮)
স্পৰ্শ (২০০০-০১)
শ্ৰদ্ধাঞ্জলি (খণ্ড ১,২,৩)
মেৰে লিয়ে (২০০১)
নূপুৰ (২০০১)
জিন্দেগী(২০০৭)
পাকীজা (২০১২)
চুফী ইশ্ক (২০১৭)

]]>
https://rupaliparda.com/archives/32205/feed 0 32205
।। ৰাফ cut : ভূপেন হাজৰিকাৰ গীতৰ ৰবীন্দ্ৰ ৰহস্য ইত্যাদি ।।– উৎপল মেনা https://rupaliparda.com/archives/28483 https://rupaliparda.com/archives/28483#respond Sun, 07 Sep 2025 01:37:28 +0000 https://rupaliparda.com/?p=28483

ৰহা (Raha,) লৈ নহয়, ৰোহা (Roha) লৈ গৈছিলো। মহাৰাষ্ট্রৰ ৰায়গড় জিলাৰ এখন চহৰ ৰোহা। মুম্বাইৰ পৰা ১২০ কিলোমিটাৰ দক্ষিণ-পূৱত চহৰ খন। এই চহৰ খনতে কোঙ্কন ৰেলেৱে আৰম্ভ, চেণ্ট্ৰেল ৰেলেৱেৰ শেষ সীমা। চহৰ খন কুণ্ডলিকা (Kundalika) নদীৰ পাৰত, কলাছগিৰি (Kalasgiri) পাহাৰৰ মাজত। মুম্বাইৰ পৰা ৰেলেৰে ৩ ঘণ্টা ৩৪ মিনিটৰ বাট। আমি ৰেলেৰে গৈ নিৰ্দিষ্ট সময়ত ৰোহা পাইছিলো ১৯৯৫ চনৰ মাৰ্চ মাহৰ এটা দিনত। আমি বাট বিচাৰিছিলো।
মই এজনক কৈছিলো– ‘মুম্বাইৰ পৰা আহিছো।’
মাৰাঠি ভাষাত মোক কৈছিল–‘তুমি মাৰাঠি নাজানা!’
মই কৈছিলো–‘নজানো। মই অসমৰ। মই অসমীয়া।’
এইবাৰ হিন্দী ভাষাত কৈছিল–‘অসমীয়া! তেনেহ’লে দিল হুম হুম গোৱা’।
–অদ্ভুত কথা! মই অপ্ৰস্তুত হৈছিলো।
‘মই গীত গোৱা মনুহ নহয়।’
‘ময়ো জানো তুমি গায়ক নহয়। ময়ো নহয়।’বুলি দিল হুম হুম গালে, ‘সুৰ’ত থাকি। আৰু ক’লে ‘তুমি অসমীয়া নহয়। হ’লে ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰিলা হয়, গৌৰৱ কৰিবলৈ ভূপেন হাজৰিকাৰ গীত শিকিলা হয়!’
— সেই দিনা ‘অসমীয়া হব নোৱাৰা’ৰ লাজে আজিও মাজে মাজে লাজ দিয়ে। আৰু এবাৰ, ৰোহাৰ বিশাল ঘাট্‌নে নামৰ সেই সংগীত ৰসিক গৰাকীয়ে আৰু এবাৰ লাজ দিলে যোৱা ২০ ছেপ্তেম্বৰ, ২০২১ত।
প্ৰথমবাৰ লগ পোৱাৰ পিছত বিশাল ঘাট্‌নেৰ সৈতে আমাৰ বন্ধুত্ব ক্ৰমে ওচৰ হৈছিল। মাৰাঠি কাকত-আলোচনীৰ ‘সংগীত বিশ্লেষক’ বিশালে ‘ভূপেন হাজৰিকা’ কেন্দ্ৰীক কেইবাটাও লেখা লিখিছে। যোৱা ২০ ছেপ্তেম্বৰত কথা প্ৰসংগত ক’লো– ভূপেনদাৰ এটা গীত ‘ৰবীন্দ্ৰ সংগীত’ৰ মাজত সমোৱা হৈছে। এই প্ৰসঙ্গত চৰ্চা অনুভৱ কৰিছো। মোৰ কথাই বিশালক হহুৱালে। ক’লে–‘নতুন নহয়। এই প্ৰসঙ্গত মই লিখিছো, এবছৰ মানেই হ’ল। আৰু এটা গীত নহয়, কেইবাটাও।’ আৰু কিছু সময় পিছতে এটা ‘লিংক’ দিলে। হয়, এটা নহয়, ৪৫টা। গীত ৪৫টাৰ মাজত আছে– ‘মই এটি যাযাবৰ…, ‘মানুহে মানুহৰ বাবে…’, ‘দোলা হে দোলা…’, ‘ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…’, ‘এটি কোলি দুটি পাত…’, ‘এটুকুৰা আলসুৱা মেঘ ভাহি যায়…’, ‘আমি একেখন নাৱৰে যাত্ৰী…’, ‘কি যে তোমাৰ সংগ প্ৰিয়া…’, ‘ সহস্ৰ জনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম…’, ‘তুমি নতুন পুৰুষ…’, ‘আকাশী গংগা বিচৰা নাই …’ আদি সেউজ সুৰেৰে বন্ধা, ভূপেনদাৰ কথাৰ স্পৰ্শ থকা বাংলা গীত, ভূপেনদাৰ কণ্ঠত।
কথাটো এনেদৰে কব পাৰি বকলাত “ৰবীন্দ্ৰ সংগীত”, ভিতৰত ভূপেন হাজৰিকাৰ গীত। Description ত ভূপেন হাজৰিকাৰ আৰু শিৱদাস বেনাৰ্জীৰ গীত বুলি উল্লেখ কৰিছে।
বকলাত ৰবীন্দ্ৰ সংগীত কিয়?
–“বিজ্ঞাপন কৌশল”?(যদি “বিজ্ঞাপন কৌশল”– ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি এনে বিজ্ঞাপন কৌশল প্ৰয়োগ কৰিব কিয়?)
–ভুল, ইচ্ছাকৃত ভুল?(ইচ্ছাকৃত ভুলেৰে “ভূপেন্দ্ৰ সংগীত”ক অপ্ৰাংগীক কৰিব খোজা নাইতো!)
–আৰু এক ষড়যন্ত্ৰৰ আৰম্ভনী? (এয়া নহব বুলি কব নোৱাৰি– সময়ত এই গীত বোৰ শিৱদাস বেনাৰ্জীৰ নামত ৰৈ যাব বাংলা সংগীতৰ ক্ষেত্ৰ খনত।)
‘কাৰণ’, ‘কাৰণ বিশ্লেষণ’ অপ্ৰাসংগীক। সত্য কথা– “ভূপেন্দ্ৰ সংগীত”ৰ ক্ষতি হৈছে। আজিৰ তাৰিখতে এই ক্ষতিৰ বিৰূদ্ধে প্ৰতিবাদ নকৰিলে আৰু ক্ষতি নহব বুলি ভবাৰ যুক্তি নাই। ইতিমধ্যে ‘জোনাকৰে ৰাতি অসমীৰে মাটি /জিলিকি জিলিকি পৰে/ মলয়াৰে এছাটি দুহাতে সাবটি…’ৰ সুৰ হেমন্ত কুমাৰৰ হৈ যোৱাৰ দৰে আৰু নহব বুলি ভবাৰ যুক্তি নাই।
‘জোনাকৰে ৰাতি …’ৰ ৰচনা কাল ১৯৫৬।
ডঃ ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা ‘এৰা বাটৰ সুৰ’ত (সংগীত, কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভূপেন হাজৰিকাৰ) ব্যৱহাৰ হৈছে। ‘এৰা বাটৰ সুৰ’ চিত্ৰগৃহলৈ আহিছিল ১৯৫৬ চনত। চিত্ৰগৃহলৈ অহাৰ পিছতে অসমৰ লগতে কলকাতাৰ (কলিকতা) সংবাদ মাধ্যমতো চৰ্চ হৈছিল ‘এৰা বাটৰ সুৰ’, ‘জোনাকৰে ৰাতি…’। ‘জোনাকৰে ৰাতি…’ৰ সুৰেৰেই নিৰ্মাণ কৰা হিন্দী গীত এটা ব্যৱহাৰ কৰিছিল পৰিচালক লেখৰাজ ভকৰীয়ে (Lekhraj Bhakri) ১৯৫৮ চনত চিত্ৰঘৃহলৈ অহা ‘চাহাৰা’ (Sahara) চিনেমা খনত। চিনেমা খনৰ সংগীত হেমন্ত কুমাৰৰ। ‘জোনাকৰে ৰাতি…’ৰ গায়িকা লতা মংগেশকাৰৰ কণ্ঠতে ৰেকৰ্ডিং হৈছিল হিন্দী গীতটো। ‘কিংষ্টাৰ’ নামৰ সাপ্তাহিক কাকত খনে হেমন্ত কুমাৰৰ ‘টপ-টেন’ হিন্দী গীতৰ তালিকাত ‘জোনাকৰে ৰাতি…’ৰ সুৰেৰে নিৰ্মাণ কৰা গীতটোও ৰাখিছে। গতিকে ব্যখ্যাৰ প্ৰয়োজন নাই হেমন্ত কুমাৰৰ ‘সুৰ’ বুলিহে অসমৰ বাহিৰৰ সংগীত ৰসিকে মনত ৰাখিব, চৰ্চা কৰিব ‘জোনাকৰে ৰাতি…’ৰ সুৰ।
কথা প্ৰসংগত অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কৈছিল–‘সেই সময়ত মই মোম্বাইত (মুম্বাই) আছিলো। ভূপেনদাই চিনেমাৰ পাৰ্টি এটালৈ মোকো লৈ গৈছিল। সেই পাৰ্টিতে লতা মংগেশকাৰে ভূপেনদাক অনুৰোধৰ সুৰত কৈছিল–‘মই জোনাকৰে ৰাতি আৰু এবাৰ গাব বিছাৰো, হিন্দীত। আপুনি যদি অনুমতি দিয়ে!’ সেই দিনায়ে গীতৰ সুৰটো ব্যৱহাৰ কৰাৰ অনুমতি দিছিল হেমন্ত কুমাৰক।…’ –ধৰি ললো অনুমতি দিছিল! কিন্তু ‘সুৰকাৰ ভূপেন হাজৰিকা’ৰ সৃষ্টিৰ স্বীকৃতি?

]]>
https://rupaliparda.com/archives/28483/feed 0 28483
|| ৰুবুলৰ “ৰক্ষক” আৰু… || –উৎপল মেনা https://rupaliparda.com/archives/30259 https://rupaliparda.com/archives/30259#respond Fri, 07 Jun 2024 16:40:44 +0000 https://rupaliparda.com/?p=30259 || ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 11

চিনেমাত অভিনয় কৰিব বিছৰা, পৰিচালনা কৰিব বিছৰা এজন যুৱক– ৰুবুল দাস। তৃতীয় খন অসমীয়া চিনেমা সাজু কৰিছে স্থানীয় বজাৰ চিন্তাৰে। পৰিচালক গৰাকীৰ প্ৰথম খন স্বাধীন পৰিচালনা– “ফুটপাথৰ হিৰো” (২০১৯)। আমি পৰিচালক গৰাকীৰ দ্বিতীয় খন পৰিচালনাৰহে দৰ্শক হৈছোঁ– ঈশ্বৰ (২২ ডিচেম্বৰ, ২০২২)। চিনেমা খন চোৱাৰ পাছত আমাৰ অনুভৱ লিখিছিলোঁ এনেদৰে– “…চিনেমা খনত সকলো আছে–, প্ৰেম, উৎকণ্ঠা, মাৰপিট (কব পাৰি, Action cinema), গীত ইত্যাদি সকলো আছে। আছে চম্পক শৰ্মা আদি অভিনেতাৰ “নাটকীয় অভিনয়” (dramatic acting)। দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলী প্ৰয়োগৰ চেষ্টাও কৰিছে পৰিচালকে। (এইবোৰ একাংশ দৰ্শকে ভাল পাব পাৰে!) চেষ্টা নকৰিলে, চিনেমা খনৰ গল্পটো পৰিপাটি কৰিবলৈ। চিনেমাৰ ভূগোল, ইতিহাস ইত্যাদিৰ কথা নকলোৱে বা, পৰিচালক গৰাকী “গল্প”ৰ পৰায়ে বহু দূৰত। চিনেমা খনৰ প্ৰসংগত ইমান খিনিয়ে ক’ব পাৰি– এখন অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িল। –আশা ৰাখিছোঁ, পৰিচালক গৰাাকীয়ে আগলৈ (আৰু যদি চিনেমা পৰিচালনা কৰে) “চিত্ৰনাট্য”ত পৰিশ্ৰম কৰিহে আগবাঢ়িব। (আৰু নিলিখো।)”
আৰু নিলিখো বুলি লিখিছিলোঁ এই কাৰণেই– লিখাৰ বাট নাছিল। আৰু পৰিচালক গৰাকীয়ে যে চিনে যাত্ৰাৰ বাবে শুদ্ধ বাট পোৱা নাছিল এই কথাও আমি অনুভৱ কৰা কৰিছিলোঁ। কিছুদিন পূৰ্বে ৰুবুলক লগ পোৱাৰ পাছত আমি স্পষ্ট হ’লো– আমাৰ ধাৰণা যে শুদ্ধ আছিল।

|| ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 12
–আমাক ৰুবুলে জনালে, আৰু এখন চিনেমা সাজু কৰিছে। নাম ৰাখিছে– “ৰক্ষক”। চিনেমা খনৰ কাহিনী পৰিচালকৰ। চিত্ৰনাট্য-সংলাপ: ৰমা বৰ্মন, জিতু ৰায়মেধিৰ। পৰিচালকে চৰিত্ৰ নিৰ্মাণ কৰিছে অতুল পাচনি, মুকুল দাস, পল ফুকন, অৰূপ বৈশ্য , প্ৰাঞ্জনা দত্ত, অনিৰুদ্ধ পাঠক, প্ৰয়াত জয়ন্ত দাস, ৰুবুল দাস,ভায়োলিনা বৰুৱা, জুলী হাজৰিকা, নৱাগতা লিজামনি,মণিৰাম ৰাজবংশী, কাজল ৰয়, কাঞ্চন চৌধুৰী আদিক লৈ। সংগীত পৰিচালনা হিমাংশু দেৱ চৌধুৰীৰ। চিত্ৰগ্ৰহণ বেদব্ৰত বৰা, সুৰেশ বড়ো, অভি দাসৰ। ডি আই কালাৰিষ্ট: সুজিত কৰ্মকাৰ। চিনেমা খনত গীতো আছে। গীতত কণ্ঠদান কৰিছে দীক্ষু শৰ্মা, নীল আকাশ, পাপৰি গগৈ, হৰ্ষিতা দাস, কস্তুৰী পাঠকে।

|| ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 13
“ৰক্ষক” চিত্ৰগৃহলৈ অহা নাই। আহিব! পৰিচালক গৰাকীয়ে হাতত লৈছে আৰু এখন চিনেমা। চিনেমি খনৰ শুভ মহুৰৎ অহা ১৪জুন।
–আমি আশা ৰাখিছোঁ “ৰক্ষক” আৰু নতুন চিনেমা খন পৰিপাটি হ’ব! পৰিচালকে নিশ্চয় পৰিপাটি চিত্ৰনাট্য লৈ চিনেকৰ্ম কৰিছে, কৰিব!

]]>
https://rupaliparda.com/archives/30259/feed 0 30259
বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা https://rupaliparda.com/archives/29993 https://rupaliparda.com/archives/29993#respond Wed, 28 Feb 2024 09:39:34 +0000 https://rupaliparda.com/?p=29993 মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ ওপৰেৰে, আৰু ৰৈ গৈছিল এটা বিশেষ ঘৰত। মহানগৰীৰ লো-চিমেণ্টৰ ঘৰৰ মাজত “বিশেষ ভাৱে ঠিয়”হৈ থকা ইকৰা-মাটিৰে সজা “বিশেষ” ঘৰটোত। –আমি যে এই চৰ্চাৰ আৰম্ভনীতে চিনেমাৰ টুকুৰাৰ কথা উল্লেখ কৰিছোঁ, চিনেমাৰ টুকুৰা কেইটাৰ এই ঘৰটোৰ সৈতে সম্পৰ্ক আছে।
–কেনে ধৰণৰ সম্পৰ্ক?
–ঘৰটোতে চিনেচিন্তা কৰিছিল, নিৰ্মাণ কৰিছিল ৩০ খনকৈ অসমীয়া চিনেমা।
–কোনে?
–ঘৰটোৰেৈ বাসিন্দাই। চিত্ৰনাট্য লিখিছিল, পৰিচালনা কৰিছিল, সংগীত কৰিছিল, অভিনয় কৰিছিল, গীত গাইছিল।
–চিনেমা আৰু সংগীততে শেষ নাছিল। খেলৰ সৈতেও সম্পৰ্ক আছিল “ঘৰ”টোৰ। এগৰাকী বাসিন্দা আছিল ভাল ক্ৰিকেটাৰ। ৰঞ্জি ট্ৰফি খেলিছিল। আন এগৰাকী আছিল ভাল ফুটবল খেলুৱৈ। এই খেল-প্ৰীতি, খেল-সম্পৰ্কৰ বাবেই ঘৰটোলৈ আহিছিল দেশৰ আগ শাৰীৰ কেইবা গৰাকীও খেলুৱৈ। ঘৰটোৰ সম্মুখৰ বাৰান্দাত দুখন কাঠৰ বেঞ্চ আছে। সেই বেঞ্চত বহি ৰাতি দুপৰলৈ আড্ডা দিছিল।
–কেমেৰা ঘৰটোৰ ভিতৰলৈ সোমাইছিল। সুন্দৰ, পৰিপাটি। ডিজাইন কৰোটা জন যে চৌখিন আছিল সন্দেহ নাই। ডিজাইন কৰিছিল, লতাশিল খেল পথাৰৰ পৰা দেখা বলিউডৰ চিনেমাৰ চেট যেন লগা ঘৰটো সাজিছিল চন্দ্ৰধৰ বৰুৱাই। ঘৰটোৰ দুৱাৰ মুকলি কৰিছিল ১১ নৱেম্বৰ ১৯২৩ -ত। ১১ নৱেম্বৰ ২০২২-ত ১০০ বছৰ সম্পূৰ্ণ হ’ল ঘৰটোৰ।
–১০০ বছৰীয়া এই ঘৰটোক বিষয় বস্তু হিচাবে লৈয়ে নিৰ্মাণ কৰিছে “বৰুৱাৰ সংসাৰ” তথ্যচিত্ৰ খন। গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত ইতিমধ্যে প্ৰদৰ্শিত তথ্যচিত্ৰ খনৰ চিত্ৰনাট্য-পৰিচালনা উৎপল বৰপূজাৰীৰ। ১ঘণ্টা ১০ মিনিটত লেখক-পৰিচালক গৰাকীয়ে ঘৰটোৰ লগতে ঘৰটোত বা ঘৰটোৰ পৰা হোৱা চিনেকৰ্মৰ ইতিহাস আমাক দেখুৱাইছে আমনি নোপোৱাকৈ। কেৱল তথ্যৰ বাবে তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কেমেৰা ডিজাইন আৰু পৰিপাটি সম্পাদনাৰে “বৰুৱাৰ সংসাৰ” -ক উপভোগ্য “তথ্য-চিনেমা”লৈ ৰূপান্তৰ কৰিছে। এই খিনিত ক’বলৈ মন গ’ল পৰিচালক গৰাকীৰ প্ৰতিটো চিনেকৰ্মৰে প্ৰথম চমক– বিষয়বস্তু নিৰ্বাচন আৰু কেমেৰা ডিজাইন।
(পূৰ্বে চাইছিলোঁ উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ “মাস্ক আর্ট অব মাজুলী”। এই প্ৰজন্মক, উত্তৰ পুৰুষক গৱেষণাত সহায় কৰিব পৰা তথ্যচিত্ৰ। এই একে ধৰণৰ সহায় কৰিব “বৰুৱাৰ সংসাৰে”-ও। এই তথ্যচিত্ৰ খন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশত প্ৰদৰ্শনৰ প্রয়োজনীয়তা অনুভৱ কৰিছোঁ। ঠাউকতে পাব পৰাকৈ কোনো OTT প্লেটফর্মত দিলেও বিশেষকৈ চিনেমা চৰ্চা কৰা সকল উপকৃত হ’ব। আৰু এটা কথা– অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে অসমৰ বিদ্যালয়, মহাবিদ্যালয়ত “বিশেষ” অসমীয়া চিনেমা দেখুৱাই বুলি শুনিছিলোঁ। আমাৰ ধাৰণাত “বৰুৱাৰ সংসাৰ”ও “বিশেষ”। অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানত প্ৰদৰ্শন কৰিব পাৰে।)
–এতিয়া আহিছোঁ, ঘৰটোৰ বাসিন্দা কেইগৰাকীৰ প্ৰসংগলৈ। লতাশিল খেল পথাৰৰ পূব দিশত থকা চন্দ্ৰনাথ বৰুৱাই সজোৱা সুদৃশ্য অসম আৰ্হিৰ ঘৰটো সাংস্কৃতিক মন্দিৰলৈ ৰূপান্তৰ কৰিছিল পত্নী জোনপ্ৰভাই। সংগীত-চিনে চৰ্চা কৰিছিল তেওলোকৰ সন্তান– পদ্মাৱতী বৰুৱা (ছোৱালী), দ্বৈত্যেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, ৰম্ভা বৰুৱা ( ছোৱালী), নৃপেন(নীপ) বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, প্ৰতিভা বৰুৱা (ছোৱালী), ৰমেন বৰুৱা, বিভা বৰুৱা (ছোৱালী), নীৰেন বৰুৱা, দ্বিপেন বৰুৱাই। সংগীত, অভিনয়ৰ সৈতে জড়িত আছিল প্ৰতি গৰাকী। পাছৰ সময় চোৱাত আন বাটেৰেও বাট বুলিছিল।বিষয়বস্তু “বিশেষ ঘৰ”টো যদিও ঘৰটোৰ বাসিন্দা, ঘৰটোত হোৱ সৃষ্টি কৰ্মক কম দৈৰ্ঘতে স্পষ্ট কৰি গৈছে পৰিচালকে।
তথ্যচিত্ৰ খন সাংস্কৃতিক অনুষ্ঠান সূৰ্য্য আৰু জেমিনী ফুকন প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই। মুখ্য সহ পৰিচালক ভাস্কৰজ্যোতি দাস, চিনেমাটোগ্ৰাফ ঋতুৰাজ শিৱমৰ, সম্পাদক কৰিছে ঝুলনকৃষ্ণ মহন্তই, চাউণ্ড ডিজাইনাৰ আৰু মিক্সিং ইঞ্জিনীয়াৰ দেৱজিৎ গায়ন আৰু গৱেষক তথা সহকাৰী পৰিচালক মনস্বিনী মহন্ত।

]]>
https://rupaliparda.com/archives/29993/feed 0 29993