Reminiscence – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 28 Feb 2024 09:39:34 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Reminiscence – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা https://rupaliparda.com/archives/29993 https://rupaliparda.com/archives/29993#respond Wed, 28 Feb 2024 09:39:34 +0000 https://rupaliparda.com/?p=29993 মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ ওপৰেৰে, আৰু ৰৈ গৈছিল এটা বিশেষ ঘৰত। মহানগৰীৰ লো-চিমেণ্টৰ ঘৰৰ মাজত “বিশেষ ভাৱে ঠিয়”হৈ থকা ইকৰা-মাটিৰে সজা “বিশেষ” ঘৰটোত। –আমি যে এই চৰ্চাৰ আৰম্ভনীতে চিনেমাৰ টুকুৰাৰ কথা উল্লেখ কৰিছোঁ, চিনেমাৰ টুকুৰা কেইটাৰ এই ঘৰটোৰ সৈতে সম্পৰ্ক আছে।
–কেনে ধৰণৰ সম্পৰ্ক?
–ঘৰটোতে চিনেচিন্তা কৰিছিল, নিৰ্মাণ কৰিছিল ৩০ খনকৈ অসমীয়া চিনেমা।
–কোনে?
–ঘৰটোৰেৈ বাসিন্দাই। চিত্ৰনাট্য লিখিছিল, পৰিচালনা কৰিছিল, সংগীত কৰিছিল, অভিনয় কৰিছিল, গীত গাইছিল।
–চিনেমা আৰু সংগীততে শেষ নাছিল। খেলৰ সৈতেও সম্পৰ্ক আছিল “ঘৰ”টোৰ। এগৰাকী বাসিন্দা আছিল ভাল ক্ৰিকেটাৰ। ৰঞ্জি ট্ৰফি খেলিছিল। আন এগৰাকী আছিল ভাল ফুটবল খেলুৱৈ। এই খেল-প্ৰীতি, খেল-সম্পৰ্কৰ বাবেই ঘৰটোলৈ আহিছিল দেশৰ আগ শাৰীৰ কেইবা গৰাকীও খেলুৱৈ। ঘৰটোৰ সম্মুখৰ বাৰান্দাত দুখন কাঠৰ বেঞ্চ আছে। সেই বেঞ্চত বহি ৰাতি দুপৰলৈ আড্ডা দিছিল।
–কেমেৰা ঘৰটোৰ ভিতৰলৈ সোমাইছিল। সুন্দৰ, পৰিপাটি। ডিজাইন কৰোটা জন যে চৌখিন আছিল সন্দেহ নাই। ডিজাইন কৰিছিল, লতাশিল খেল পথাৰৰ পৰা দেখা বলিউডৰ চিনেমাৰ চেট যেন লগা ঘৰটো সাজিছিল চন্দ্ৰধৰ বৰুৱাই। ঘৰটোৰ দুৱাৰ মুকলি কৰিছিল ১১ নৱেম্বৰ ১৯২৩ -ত। ১১ নৱেম্বৰ ২০২২-ত ১০০ বছৰ সম্পূৰ্ণ হ’ল ঘৰটোৰ।
–১০০ বছৰীয়া এই ঘৰটোক বিষয় বস্তু হিচাবে লৈয়ে নিৰ্মাণ কৰিছে “বৰুৱাৰ সংসাৰ” তথ্যচিত্ৰ খন। গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত ইতিমধ্যে প্ৰদৰ্শিত তথ্যচিত্ৰ খনৰ চিত্ৰনাট্য-পৰিচালনা উৎপল বৰপূজাৰীৰ। ১ঘণ্টা ১০ মিনিটত লেখক-পৰিচালক গৰাকীয়ে ঘৰটোৰ লগতে ঘৰটোত বা ঘৰটোৰ পৰা হোৱা চিনেকৰ্মৰ ইতিহাস আমাক দেখুৱাইছে আমনি নোপোৱাকৈ। কেৱল তথ্যৰ বাবে তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কেমেৰা ডিজাইন আৰু পৰিপাটি সম্পাদনাৰে “বৰুৱাৰ সংসাৰ” -ক উপভোগ্য “তথ্য-চিনেমা”লৈ ৰূপান্তৰ কৰিছে। এই খিনিত ক’বলৈ মন গ’ল পৰিচালক গৰাকীৰ প্ৰতিটো চিনেকৰ্মৰে প্ৰথম চমক– বিষয়বস্তু নিৰ্বাচন আৰু কেমেৰা ডিজাইন।
(পূৰ্বে চাইছিলোঁ উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ “মাস্ক আর্ট অব মাজুলী”। এই প্ৰজন্মক, উত্তৰ পুৰুষক গৱেষণাত সহায় কৰিব পৰা তথ্যচিত্ৰ। এই একে ধৰণৰ সহায় কৰিব “বৰুৱাৰ সংসাৰে”-ও। এই তথ্যচিত্ৰ খন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশত প্ৰদৰ্শনৰ প্রয়োজনীয়তা অনুভৱ কৰিছোঁ। ঠাউকতে পাব পৰাকৈ কোনো OTT প্লেটফর্মত দিলেও বিশেষকৈ চিনেমা চৰ্চা কৰা সকল উপকৃত হ’ব। আৰু এটা কথা– অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে অসমৰ বিদ্যালয়, মহাবিদ্যালয়ত “বিশেষ” অসমীয়া চিনেমা দেখুৱাই বুলি শুনিছিলোঁ। আমাৰ ধাৰণাত “বৰুৱাৰ সংসাৰ”ও “বিশেষ”। অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানত প্ৰদৰ্শন কৰিব পাৰে।)
–এতিয়া আহিছোঁ, ঘৰটোৰ বাসিন্দা কেইগৰাকীৰ প্ৰসংগলৈ। লতাশিল খেল পথাৰৰ পূব দিশত থকা চন্দ্ৰনাথ বৰুৱাই সজোৱা সুদৃশ্য অসম আৰ্হিৰ ঘৰটো সাংস্কৃতিক মন্দিৰলৈ ৰূপান্তৰ কৰিছিল পত্নী জোনপ্ৰভাই। সংগীত-চিনে চৰ্চা কৰিছিল তেওলোকৰ সন্তান– পদ্মাৱতী বৰুৱা (ছোৱালী), দ্বৈত্যেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, ৰম্ভা বৰুৱা ( ছোৱালী), নৃপেন(নীপ) বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, প্ৰতিভা বৰুৱা (ছোৱালী), ৰমেন বৰুৱা, বিভা বৰুৱা (ছোৱালী), নীৰেন বৰুৱা, দ্বিপেন বৰুৱাই। সংগীত, অভিনয়ৰ সৈতে জড়িত আছিল প্ৰতি গৰাকী। পাছৰ সময় চোৱাত আন বাটেৰেও বাট বুলিছিল।বিষয়বস্তু “বিশেষ ঘৰ”টো যদিও ঘৰটোৰ বাসিন্দা, ঘৰটোত হোৱ সৃষ্টি কৰ্মক কম দৈৰ্ঘতে স্পষ্ট কৰি গৈছে পৰিচালকে।
তথ্যচিত্ৰ খন সাংস্কৃতিক অনুষ্ঠান সূৰ্য্য আৰু জেমিনী ফুকন প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই। মুখ্য সহ পৰিচালক ভাস্কৰজ্যোতি দাস, চিনেমাটোগ্ৰাফ ঋতুৰাজ শিৱমৰ, সম্পাদক কৰিছে ঝুলনকৃষ্ণ মহন্তই, চাউণ্ড ডিজাইনাৰ আৰু মিক্সিং ইঞ্জিনীয়াৰ দেৱজিৎ গায়ন আৰু গৱেষক তথা সহকাৰী পৰিচালক মনস্বিনী মহন্ত।

]]>
https://rupaliparda.com/archives/29993/feed 0 29993
অৱনী ৰঞ্জন পাঠকৰ চিনেমা –উৎপল মেনা https://rupaliparda.com/archives/29916 https://rupaliparda.com/archives/29916#respond Mon, 19 Feb 2024 01:46:26 +0000 https://rupaliparda.com/?p=29916 অৱনী ৰঞ্জন পাঠক– সংগীতৰ মানুহ।

অৱনী ৰঞ্জন পাঠকৰ চিনেমা --উৎপল মেনা 8শ্ৰব্য সংকলন– “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক– “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত– “বৰষা ৰাতি নিবিড় মায়া সানি…” (কণ্ঠ: মালবিকা বৰা, কথা: হীৰেন গোস্বামী), “শদিয়াত ঢুলীয়াই ঢোলত চাপৰ মাৰি ধুবুৰী ৰজন জনাই…” (কণ্ঠ: মনোৰঞ্জন গগৈ, কথা: তফজ্জুল আলি), “কণ্ঠ নিগৰি নিগৰি বোৱালা কতনো সুৰৰে ধাৰ…” (কণ্ঠ: জুবিন গাৰ্গ, কথা: জ্যোতিৰ্ময় কলিতা)। আৰু ভালে মান “সুৰ” আছে।

অৱনী ৰঞ্জন পাঠকৰ চিনেমা --উৎপল মেনা 9২০০২ -ত চিত্ৰগৃহলৈ আহিছিল “প্ৰেম ভৰা চকুলো”। প্ৰবীন বৰাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা। সংগীত: অৱনী-ভবেন। এই যুটীৰ শ্ৰব্য সংকলন (শ্ৰব্য গ্ৰামোফোন ৰেকৰ্ড, কেচেট, চিডি)– “নিৰিবিলি জোনাক ৰাতি” “চিনাকি সুহুৰী, “ঢুলীয়া নাচনী”, “মহানগৰী”,”হিটচ অফ অৱনী- ভবেন” “নাচনী”, “মনে মনে মৰমেৰে”, “মনালিচা” আদি। এই যুটীৰ অৱনী– অৱনী ৰঞ্জন পাঠক।

অৱনী ৰঞ্জন পাঠকৰ চিনেমা --উৎপল মেনা 10অৱনী ৰঞ্জন পাঠকৰ এটি সাংগীতিক চিনে খোজ– এনিমেটেড চিনেমা “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” (পৰিচালনা: ডালিম পাঠক)। সংগীত পৰিচালনাৰ লগতে চিনেকৰ্মটো ব্যস্ত হয়। লিখে, পৰিচালনা কৰে দুখন তথ্যচিত্ৰ– “ফাগুনৰ ৰং” (বিষয়:বৰপেটাৰ হোলী উৎসৱ), “জাপি”। আৰু এখোজ– লিখে, পৰিচালনা কৰে চিনেমা (feature cinema) — “অন্তিম নিৰ্ণয়”। কুশান চৌধুৰীৰ প্ৰযোজনা। প্ৰযোজক গৰাকীয়ে অৱনী ৰঞ্জন পাঠকৰ পৰিচালনাৰে আৰু এখন চিনেমা নিৰ্মাণ কৰিব। ঘোষণা কৰা চিনেমা খনৰ নাম– “নীলা চাদৰ”। যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে নতুন চিনেমা খনৰ নাম ঘোষণা কৰাৰ পাছতে প্ৰদৰ্শন কৰে “অন্তিম নিৰ্ণয়”।

অৱনী ৰঞ্জন পাঠকৰ চিনেমা --উৎপল মেনা 11–আহিছোঁ চিনেমা খনলৈ। বিষয়বস্তু দুৰ্বল নাছিল। কাহিনীৰ গতিত দুটি কিশোৰ পৰ্দালৈ আহে। পঢ়া-শুনাত মন দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে। টকা উপাৰ্জনৰ সপোন দেখে, বাট বিছাৰে। আৰু এদিন বাট বিছাৰি পায়– ড্ৰাগছৰ ব্যৱসায় কৰি টকা উপাৰ্জনৰ বাট। বাটত পিছল খালে, দুই কিশোৰ পুলিছৰ চকুত পৰে, কাৰাগাৰত বন্দী হয়। ড্ৰাগছ কি বুজি নোপোৱা সৰল মনৰ দুই কিশোৰক কাৰাগাৰৰ পৰা মুকলি কৰি আনি বিদ্যালয়ৰ বাট দেখুৱাই এন জি অ’ এটাৰ কৰ্মীয়ে।

অৱনী ৰঞ্জন পাঠকৰ চিনেমা --উৎপল মেনা 12–চিনেমা খনৰ “নায়িকা” এজিঅ’ কৰ্মী। (ৰং-তুলিকাৰে দুই কিশোৰক কেনভাচত আকাৰ দিয়ে “নায়িকা”ই। দুই কিশোৰ বিন্দু আৰু “নায়িকা” বিন্দুৰ সংযোগ স্থাপন কৰে। পৰিচালকৰ চিন্তা ইমানলৈ পৰিপাটি আছিল। কিন্তু দুই বিন্দুক সৰল ৰৈখিক গতি দিয়াত ব্যৰ্থ। আমাৰ মনলৈ অহা ধাৰণা– গল্প লেখকৰ লগত যেন কৰোবাত সম্পৰ্ক স্থাপনত ব্যৰ্থ চিত্ৰনাটকাৰ-পৰিচালক। কাহিনীকাৰৰ ‘অনুভৱ’ যেন কেমেৰাত বন্দি কৰাত ব্যৰ্থ। কেমেৰাৰ ভাষা প্ৰয়োগেৰে কাহিনীক গতি দিয়েৰ ধেৰ সুযোগ আছিল।) পৰিচালক-লেখকে “নায়িকা” গৰাকীক লৈ এটা প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে, গুঠিছে। গুঠিছে এটা আৰ্থিক হেচাত জীৱন পাৰ কৰা পৰিয়ালৰ কাহিনী। সংযোগ কৰিছে কেইবাটাও “চৰিত্ৰ”। এনে চৰিত্ৰও গুঠিছে, যি কেইটা চৰিত্ৰ কাহিনীৰ গতিত সমস্যা হৈছে।

অৱনী ৰঞ্জন পাঠকৰ চিনেমা --উৎপল মেনা 13চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত আমাৰ অনুভৱ– লেখক ৰেডিঅ’ নাটকৰ ওচৰত থাকিল, পৰিচালক “চিনেমা”ৰ আঁতৰত থাকিল। (লেখক-পৰিচালক গৰাকীৰ আন এক পৰিচয়– অল ইণ্ডিয়া ৰেডিঅ’ৰ বিষয়া। হয়তো চিত্ৰনাট্য, সংলাপ ৰচনাৰ সময়ত ৰেডিঅ’ৰ নাটকৰ শৈলীৰ মাজৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলে।) কেমেৰাৰ ভাষা প্ৰয়োগ, সংলাপ, চৰিত্ৰ নিৰ্মাণত পৰিচালক-লেখকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল।
আমি নিশ্চয় আশা কৰিব পাৰোঁ– “নীলা চাদৰ”ত পৰিপাটি চিনেসুখ অনুভৱৰ সুযোগ দিব পৰিচালক অৱনী ৰঞ্জন পাঠকে।

অৱনী ৰঞ্জন পাঠকৰ চিনেমা --উৎপল মেনা 14আমি এনেদৰেও আশাৰ বাট দেখিছোঁ– অৱনী ৰঞ্জন পাঠক মূলত সংগীতৰ মানুহ। গতিকে “নীলা চাদৰ” মাজত অনুভৱৰ সুযোগ দিব নিৰ্মল সাংগীতিক চিনেচিন্তাৰ।

]]>
https://rupaliparda.com/archives/29916/feed 0 29916
দৰথীৰ বিষয়ে –উৎপল মেনা https://rupaliparda.com/archives/29875 https://rupaliparda.com/archives/29875#respond Mon, 22 Jan 2024 05:46:15 +0000 https://rupaliparda.com/?p=29875 দৰথীৰ বিষয়ে --উৎপল মেনা 16
“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা।
চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল– সেই সময়ত পৰিচালক গৰাকী আমাৰ পৰিচিত নাছিল, চিনেমা খনৰ পূৰ্ব ধাৰণা নাছিল। আৰু আমি পৰ্দাত দেখিছিলোঁ সতেজ বিষয়বস্তুৰ নতুন চিনেচিন্তাৰ চিনেকৰ্ম। অনুভৱ কৰিছিলোঁ পৰিপাটি dark comedy এখনৰ চিনে-আনন্দ।
চিনেমা খনৰ দৰেই আমাৰ বাবে surprise আছিল– মৌকণ (চিনেমা খনৰ “নায়িকা”) -ৰ চৰিত্ৰত অভিনয় কৰা ডৰথী ভৰদ্বাজ। মুকলি অভিনয়, সংলাপ প্রক্ষেপণে চুই গৈছিল, মনত ৰৈ গৈছিল।
–ডৰথীৰ অভিনয়ৰ আনন্দ দ্বিতীয়বাৰ লৈছিলোঁ “জলছবি”ত (পৰিচালক: জয়ছেং জয় দহোতীয়া), তাপসীৰ চৰিত্ৰত। তাপসীৰ আশা, সপোন চিনেমা খনৰ বিষয়বস্তু। শিক্ষা শেষ কৰি তাপসী উভতি আহে নিজৰ ঘৰ খনলৈ। মাক-দেউতাক আৰু ভায়েকক লৈ তাপসী হতৰ ঘৰখন। চহৰৰ পৰা তাই লৈ আহিছিল “আধুনিকতা” (তাপসীৰ প্ৰতি দেউতাক: তই এই বোৰ কাপোৰ নিপিন্ধিবি!), হাতত “মোবাইল”। তাই হয়তো ভাবিছিল, তইৰ হাতৰ মুঠিতে সকলো! গাওঁত থাকিয়ো তাই সপোন বোৰ বাস্তৱ কৰিব পাৰিব! (কেইটামান শ্বটেৰে আজিৰ, বাস্তৱৰ “মোবাইলৰ পৃথিৱী” খন দেখুৱাইছে পৰিচালকে।) কিন্তু বাস্তৱত? ইণ্টাৰনেট আছে, ঘণ্টাৰ পাছত ঘণ্টা কাৰেণ্ট নাই, সময়ত চাকৰিৰ বাবে দি আহা ইণ্টাৰভিউটোৰ খবৰ “নেট”ত চাব পৰা নাই। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট চৰকাৰী কাৰ্যালয়টোত, নিৰ্দিষ্ট কৰ্মচাৰী গৰাকী নাই, “আজি নহব, কাইলৈ আহিব” উত্তৰ লৈ ঘৰলৈ উভতি আহে। –তাপসীৰ “সপোন যাত্ৰা”ত সহায় নকৰে মাক-দেউতাক, ভায়েকে। আঁতৰি যায় প্রেমাস্পদো। আৰু এদিন জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত লাহে লাহে হেৰাই যাবলৈ ধৰে। মাক-দেউতাকৰ ইচ্ছাত বিয়াত বহে। কিন্তু জীৱন পূৰ্ণ হোৱাৰ আগতেই স্বামীক হেৰুৱাই। ঘৰলৈ উভতি আহে।
–তাপসী ৰৈ নাযায়, নিজকে নতুন ৰূপত প্ৰতিস্থা কৰে, জীৱন বাটত নিজক নতুন গতি দিয়ে, জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ। দৰ্শকে সংগীতৰ তাল তালে ভায়েকৰ সৈতে নৃত্য কৰি থকা (ইমানতে ৰূপালী গল্পটো শেষ) তাপসীক মনত ৰাখি অনুভৱ কৰে– জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়।
–চৰিত্ৰটোৰ প্ৰতি কৰা ন্যায় আমাৰ আনন্দৰ কাৰণ।
তৃতীয়বাৰ দৰথীৰ অভিনয়ে চুই গ’ল “অনুনাদ” (পৰিচালক: ৰীমা বৰা) কৰা অভিনয়ৰে। আৰ্থিক হেচাৰ মাজত সপোন দেখা, সপোন সাকাৰৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা ছোৱালী এজনীৰ চৰিত্ৰত কৰা অভিনয়ো মুকলি, মনত ৰৈ যোৱা।
–চতুৰ্থবাৰ দৰথীৰ অভিনয় দেখিলোঁ, “সত্য-THE TRUTH”ত। ৰূপজ্যোতি বৰঠাকুৰৰ পৰিচালনা।
–আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ পৰিচালকে দৰথীৰ নামেৰে এগৰাকী অভিনেত্ৰী পালে যাৰ চেহেৰাত ইলা কাকতিৰ দৰে “হাঁহি সৌন্দৰ্য” আছে, মলয়া গোস্বামী-ৰুণু দেৱীৰ দৰে অভিনয় শক্তি আছে।

]]>
https://rupaliparda.com/archives/29875/feed 0 29875
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা https://rupaliparda.com/archives/29849 https://rupaliparda.com/archives/29849#respond Tue, 09 Jan 2024 03:07:11 +0000 https://rupaliparda.com/?p=29849 চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা।

এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 20
সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া চিনেমাৰ) লেখা এটা ছপা হোৱাৰ আগতে চকু ফুৰাই এজনে কৈছিল –ইয়াত “চোৰ” বাদ পৰিছে। লগে লগে আমি চিনেমা চৰ্চা কৰা, খবৰ ৰখা ইজনৰ লগত-সিজনৰ লগত চৰ্চা কৰি চিনেমা খনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। জানিবলৈ চেষ্টা কৰা বাটত ধাৰণা কৰিছিলোঁ– নতুন চিনেচিন্তা মন-মগজুত লৈ থকা চিনেকৰ্মী। অসমীয়া চিনেমাৰ উত্তৰণৰ বাট বহলাব পৰা পৰিচালক-লেখক।

এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 21
–নাই, “চোৰ” আমি আজিৰ তাৰিখতো চোৱাৰ সুযোগ পোৱা নাই। আমাৰ ধাৰণা যে অশুদ্ধ নহয় উমান পালোঁ “এটা নিৰ্জন দুপৰীয়া”ৰ পোষ্টাৰত। সামাজিক মাধ্যমত, চিত্ৰ ৰসিক সকলৰ মাজত চৰ্চাৰ বিষয় হোৱা প্ৰথম পোষ্টাৰ খনে মনলৈ আনি দিছিল “জল সাগৰ”, “খাৰিজ”, “অৰণ্যেৰ দিনৰাত্ৰি” ইত্যাদি।

এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 22
খঞ্জনৰ নতুন চিনেকৰ্মটোৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল।
আমাৰ আগ্ৰহৰ কথা কোৱাত খঞ্জনে ক’লে– ” ‘এটা নিৰ্জন দুপৰীয়া’ আজিৰ সময়ৰ চিনেমা। এহাল ডেকা গাভৰুৱে কিছু একান্ত ব্যক্তিগত সময় কটাবলৈ যাওঁতে সমাজৰ হাতত কেনেকৈ নিৰ্যাতিত হয় তাৰেই এক অৱলোকন। …এই চিনেমা খন বহু কেইটা দিশৰ পৰা (অসমীয়া চিনেমাৰ ক্ষেত্ৰত) ব্যতিক্ৰম। প্ৰায় দুই ঘণ্টাৰ চিনেমা খনত সৰ্বমুঠ ৫০ টা শ্বট আছে। সৰ্বাধিক দৈৰ্ঘৰ শ্বটতো হৈছে প্ৰায় ১২ মিনিটৰ। দ্বিতীয়তে চিনেমা খনৰ কাহিনীভাগ মাত্ৰ এটা দিনৰ। অসমীয়া চিনেমাত এনে ধৰণৰ চিনেকৰ্ম দেখিবলৈ নাই। তৃতীয়তে এই চিনেমা খনত যথেষ্ঠ বোল্ড দৃশ্য থকাৰ বাবে চেন্সৰ বোৰ্ডৰ পৰা এ চাৰ্টিফিকেট লাভ কৰিছে।”
আমি জানিব বিচাৰিছিলোঁ খঞ্জন কিশোৰ নাথৰ ভিতৰত থকা “চিনেমাৰ মানুহ” জনক।
খঞ্জনে জনালে– “চিনেমাৰ ধাৰণা মোৰ বাবে সময় সাপেক্ষে সলনি হৈ থাকে। শৈশৱ আৰু কৈশোৰ কালত চিনেমা মোৰ বাবে আছিল অন্তহীন এক বিস্ময়। যৌৱনত চিনেমা এক ৰোমাণ্টিক ভাৱনা আৰু আজিৰ সময়ত চিনেমা জীৱনৰ অন্য নাম। মোৰ বাবে চিনেমা হল জীৱনৰ এক কলাত্মক ৰূপ যাৰ জৰিয়তে জীৱনৰ বিভিন্ন সময়,ৰূপ আদিবোৰ এক বেলেগে দৃষ্টিকোণৰ পৰা ৰূপায়িত কৰিব পাৰি।
চিনেমা ব্যৱসায় নে কলা সেয়া ব্যক্তি বা পৰিস্থিতি সাপেক্ষে ভিন্ন হব পাৰে। কিন্তু ব্যক্তিগত ভাৱে মই ভাবোঁ যে চিনেমা মূলত এক কলা। এই কলাত যিহেতু যথেষ্ঠ অৰ্থ জঢ়িত হৈ আছে সেয়ে ইয়াক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাবই লাগিব। কিন্তু কেৱল মাত্ৰ বজাৰৰ কথা ভাবি চিনেমা নিৰ্মাণ কৰাটো আচলতে নিজকে ফাকি দিয়াৰ দৰে কথা। চিনেমাৰ বজাৰ ভাল হ’ব নে বেয়া হ’ব সেয়া সম্পূৰ্ণ পৰিকল্পিত প্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিব। অসমৰ দৰে এখন ঠাইত আমাৰ দৰে পৰিচালকে ধাৰাবাহিক ভাৱে চিনেমা নিৰ্মাণ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান। কাৰণ আমি চিনেমা বজাৰক লক্ষ্য কৰি নিৰ্মাণ নকৰোঁ।”

।। অতীতচাৰণ ।।
“চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়াটোত মই ২০০৬ বৰ্ষৰ পৰাই জঢ়িত হৈ আছোঁ। প্ৰথম অৱস্থাত ছুটি চিনেমাৰে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। ২০০৯ বৰ্ষত চিনেমা পৰিচালনাৰ পাঠ্যক্ৰম কৰিবলৈ মুম্বাইলৈ যোৱাৰ আগতেই মই তিনিখন ছুটি ছবি নিৰ্মাণ কৰিছিলোঁ। তাৰ ভিতৰত “সূৰ্যসন্ধান” নামৰ চিনামা খনে সেই সময়ত ভালেকেইটা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল। পৰবৰ্তী সময়ত ২০১২ বৰ্ষত “চাকনৈয়া” নামৰ এখন ছুটি চিনেমা কৰোঁ, যিখন প্ৰায় ২০ টা মান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত মই ২০১৩ বৰ্ষত মোৰ প্ৰথম খন পূৰ্ণ দৈৰ্ঘ্য চিনেমা “চোৰ” ৰ কাম আৰম্ভ কৰোঁ। অৰ্থৰ অভাৱত চিনেমা খন সম্পূৰ্ণ কৰোঁ ২০১৭ বৰ্ষত। এই চিনেমা খনেও বহু কেইটা চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হোৱাৰ লগতে বঁটা পাবলৈ সক্ষম হৈছিল। উল্লেখ্য যে এই চিনেমা খনে শ্ৰেষ্ঠ নতুন পৰিচালক, শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ বৰ্ষত আকৌ কাৰ্বি ভাষাত ছুটি চিনেমা কৰা হৈছিল। নাম আছিল “কাঁচিচিনিথু”।এই খনে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ছুটি ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল।” –খঞ্জন কিশোৰ নাথে ক’লে।

]]>
https://rupaliparda.com/archives/29849/feed 0 29849
চামেলি মেমচা’ব আৰু দুই চামেলি –উৎপল মেনা https://rupaliparda.com/archives/29808 https://rupaliparda.com/archives/29808#respond Thu, 28 Dec 2023 07:42:17 +0000 https://rupaliparda.com/?p=29808 চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 27পঢ়িছিলোঁ– “চামেলি মেমচা’ব। নিৰোদ চৌধুৰীৰ গল্প। নিৰোদ চৌধুৰীৰ “শব্দ-চয়ন”, নিৰোদ চৌধুৰীৰ “কাহিনী”ৰ যিমান আকৰ্ষণ শক্তি, সিমানেই চিনে শক্তি একে নামৰ অসমীয়া চিনেমা খনৰ।

“অসম দেশৰ বাগিচাৰে ছোৱালী…” (ঊষা মংগেশকাৰ) “জিগিজা গিজাও …” (ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), “হাৱা নাই বতাচ নাই…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “হায়ৰে প্ৰাণেৰ বাচা মোৰ…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “অ’ বিদেশী বন্ধু” (ভূপেন হাজৰিকা) — গীতকেইটা, গীত কেইটাৰ চিত্রায়ন আজিও মনত সেউজ হৈ আছে। প্রথমবাৰ যেতিয়া চাইছিলোঁ ‘চায়াবাজি’ বুলিয়ে চাইছিলোঁ। ১৯৭৮-৮০। সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ ‘ছায়াবাজি’ আহিছিল। বিভিন্ন তথ্যচিত্র দেখুৱাইছিল। মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল। এদিন চাইছিলোঁ ‘অসম দেশৰ বাগিচাৰে ছোৱালী…’ গীতটো আৰু নাটকীয় কিছু অংশ। পাছত, চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত ৰূপালী গল্পটো চাইছিলোঁ। সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো। পৰবৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য। ৰূপালী গল্পটো চাহ বাগিছা এখনৰ। আৰু ‘নায়ক’ ব্রিটিছ। (কাহিনী: পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন। এদিন চিনাকি হয় ব্রিটিছ চাহাব বার্কলীৰ সৈতে। আচহুৱা প্ৰকৃতিৰ। সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল; কিন্তু বাগিছা এৰা নাছিল। চাকৰি তেতিয়া এৰি দিছিল, যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। সমাজে কয়, চামেলিৰ মাকে ভাবে –চামেলীয়ে বাকলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে।
চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 28
— কোন চামেলি! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলি। অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলি, তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব। চামেলীৰ ঘৰৰ, সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্রহণ কৰিছিল। এদিন চামেলি মা হবলৈ ওলাল। গর্ভবতী অৱস্থাত ধৰা পৰে চামেলিৰ– দেহত কুষ্ঠৰোগ। এনে বেয়া সময়তে তাই মা হয়। এজনী ছোৱালী সন্তান জন্ম দিয়ে। সন্তানটোক লৈ বার্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে। বুজিব নোৱাৰিলে মাতৃৰ মমতা! সন্তানটোক চাবলৈ নাপায়, ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে।

আৰু সন্তানটো!

চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 29সন্তানটো শাৰীৰিকভাবে বাধাগ্রস্থ। চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে।) অসমত থকা ব্রিটিছ চাহাব এজনে যেনেধৰণৰ ‘ভাষা’ ক’ব পাৰে, চাহ বাগিছাৰ ‘চৰিত্ৰ’বোৰে যেনেধৰণৰ ভাষা কয়, তেনে ধৰণৰ সংলাপ চিনেমাখনত ব্যৱহাৰ কৰিছে। যাৰ বাবে দর্শকে প্রতিটো চৰিত্ৰক ‘বাস্তৱ’ত দেখিছে।
“অসম দেশৰ বাগিচাৰে ছোৱালী…” (ঊষা মংগেশকাৰ) “জিগিজা গিজাও …” (ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), “হাৱা নাই বতাচ নাই…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “হায়ৰে প্ৰাণেৰ বাচা মোৰ…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “অ’ বিদেশী বন্ধু” (ভূপেন হাজৰিকা) — গীতকেইটা, গীত কেইটাৰ চিত্রায়ন আজিও মনত সেউজ হৈ আছে। প্রথমবাৰ যেতিয়া চাইছিলোঁ ‘চায়াবাজি’ বুলিয়ে চাইছিলোঁ। ১৯৭৮-৮০। সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ ‘ছায়াবাজি’ আহিছিল। বিভিন্ন তথ্যচিত্র দেখুৱাইছিল। মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল। এদিন চাইছিলোঁ ‘অসম দেশৰ বাগিচাৰে ছোৱালী…’ গীতটো আৰু নাটকীয় কিছু অংশ। পাছত, চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত ৰূপালী গল্পটো চাইছিলোঁ। সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো। পৰবৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য। ৰূপালী গল্পটো চাহ বাগিছা এখনৰ। আৰু ‘নায়ক’ ব্রিটিছ। (কাহিনী: পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন। এদিন চিনাকি হয় ব্রিটিছ চাহাব বার্কলীৰ সৈতে। আচহুৱা প্ৰকৃতিৰ। সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল; কিন্তু বাগিছা এৰা নাছিল। চাকৰি তেতিয়া এৰি দিছিল, যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। সমাজে কয়, চামেলিৰ মাকে ভাবে –চামেলীয়ে বাকলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে।
চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 30— কোন চামেলি! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলি। অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলি, তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব। চামেলীৰ ঘৰৰ, সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্রহণ কৰিছিল। এদিন চামেলি মা হবলৈ ওলাল। গর্ভবতী অৱস্থাত ধৰা পৰে চামেলিৰ– দেহত কুষ্ঠৰোগ। এনে বেয়া সময়তে তাই মা হয়। এজনী ছোৱালী সন্তান জন্ম দিয়ে। সন্তানটোক লৈ বার্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে। বুজিব নোৱাৰিলে মাতৃৰ মমতা! সন্তানটোক চাবলৈ নাপায়, ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে।

আৰু সন্তানটো!
সন্তানটো শাৰীৰিকভাবে বাধাগ্রস্থ। চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে।) অসমত থকা ব্রিটিছ চাহাব এজনে যেনেধৰণৰ ‘ভাষা’ ক’ব পাৰে, চাহ বাগিছাৰ ‘চৰিত্ৰ’বোৰে যেনেধৰণৰ ভাষা কয়, তেনে ধৰণৰ সংলাপ চিনেমাখনত ব্যৱহাৰ কৰিছে। যাৰ বাবে দর্শকে প্রতিটো চৰিত্ৰক ‘বাস্তৱ’ত দেখিছে।
–চিনেমাখনৰ চৰিত্ৰ নিৰ্মাণ আন এক যোগাত্মক দিশ। ব্ৰিটিছ চাহাবৰ চৰিত্ৰটোৰ বাবে জর্জ বেকাৰৰ বাহিৰে আন কোন হব পাৰে? বাকলী চাহাবৰ লগতে বিনীতা বৰগোহাঁইক লৈ চামেলি চৰিত্ৰটোও দর্শকক চুব পৰাকৈ নিৰ্মাণ কৰিছে। সাহিত্যৰ ভাষাৰ লগতে কেমেৰাৰ ভাষাৰো ব্যৱহাৰ সুপৰিকল্পিত।

চিনেমা খনৰ কেইটামান তথ্য:

— এই ক’লা-বগা অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১০ অক্টোবৰ ১৯৭৫ ত। চিত্ৰনাট্যকাৰ-পৰিচালক: আব্দুল মজিদ। চিত্ৰগ্ৰহণ: বিজয় দে। সম্পাদক: প্ৰণৱ ঘোষ। বিনীতা বৰগোহাঁই, জৰ্জ বেকাৰৰ লগতে অভিনয় কৰিছিল হাদি আলম বৰা, আব্দুল মজিদ, ৰাণী পাঠক, তিলমিজুৰ ৰহমান আদিয়ে। এই চিনেমা খনৰ সংগীতৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত (১৯৭৫ চনত) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (23rd National Film Awards)।

চিনেমা খনৰ (মুক্তিৰ সময়ত ) প্ৰিণ্টৰ সংখ্যা আছিল ৫টা। (সেই সময়ৰ “টকাৰ মূল্য”ত চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ ১৫ হাজাৰ টকা। Box office Collection প্ৰায় ৪ লাখ টকা।) এটা প্ৰিণ্ট আজিৰ তাৰিখতো আছে– অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ আৰ্কাইভত। (প্ৰিণ্টটো চিনেমা খনৰ নিৰ্মাতাৰ পৰিয়ালৰ ফালৰ পৰা সংৰক্ষণৰ বাবে ASFFDC-ক দিছে। আনহাতে ডিজিটেল সংস্কৰণো কৰি ৰাখিছে পৰিচলকৰ পৰিয়ালে।
এই চিনেমা খন 48 IffI 2017 Homeg শিতানত প্ৰদৰ্শিত হৈছিল। যত পৰিয়ালৰ লোকো উপস্থিত আছিল।

বিশেষ তথ্য, যি “তথ্য” মনত ৰাখি আমি গৌৰৱ কৰিব পাৰোঁ– অসমীয়া “চামেলি মেমচা’বৰ সফলতাৰ পাছত নিৰ্মাণ হৈছিল আৰু দুখন– “চামেলি”।
হিন্দী আৰু বাংলা “চামেলি”। বাংলা “চামেলী মেমসাহেব”ৰ চিত্ৰনাট্য-পৰিচালনা ইন্দৰ সেনৰ। চামেলীৰ চৰিত্ৰটোত আভিনয় কৰিছিল ৰাখীয়ে। বাৰ্কলী চাহাবৰ চৰিত্ৰত জৰ্জ বেকাৰে বাংলা খনতো অভিনয় কৰিছে। অন্যান্য চৰিত্ৰত– অনিল চট্টোপাধ্যায়, তৰুণকুমায়, নিমু ভৌমিক, চিন্ময় ৰায়, গীতা দে, সংহিতা মুখোপাধ্যায় কুমকুম মুখোপাধ্যায় তপতী ভট্টাচার্য আদিয়ে। এই খনৰো সংগীত ভূপেন হাজৰিকাৰ। গীতৰ কথা: পুলক বন্দ্যোপাধ্যায় আৰু শিবদাস বন্দ্যোপাধ্যায়। গীত কেইটাত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাৰ লগতে হেমন্ত মুখোপাধ্যায়, আশা ভোছলে, ঊষা মঙ্গেশকাৰ আৰতি মুখোপাধ্যায়ে। –অসমীয়া খনৰ দৰে এইখনো ব্যৱসায়িক দিশত সফল হৈছিল। মুক্তিৰ সময়ত প্ৰিণ্ট আছিল ১৫টা।
১৯৭৯ চনত চিত্ৰগৃহলৈ আহিছিল হিন্দী “চামেলি মেমেচা’ব” (चमेली मेमसाब)। চিত্ৰনাট্য-পৰিচালনা অজিত লাহিড়ীৰ। অভিনয় কৰিছিল টম অলটাৰ,মিঠুন চক্ৰৱৰ্তী, আভা ধুলীয়া, জন মেকেঞ্জী, সুসন্ত সন্যাল, অঞ্জন শ্ৰীবাস্তৱ, কেৰল ইভান্স অলটাৰ, মিচেছ ফ্ৰেডী ষ্ট্ৰাউড আদিয়ে। এই খনৰ সংগীত ভূপেন হাজৰিকা, ৰবিশঙ্কৰ শর্মাৰ (ৰবি)।

]]>
https://rupaliparda.com/archives/29808/feed 0 29808
Jayanta Hazarika: The Melodic Maestro of Assamese Music https://rupaliparda.com/archives/29654 https://rupaliparda.com/archives/29654#respond Wed, 20 Sep 2023 16:23:36 +0000 https://rupaliparda.com/?p=29654 Introduction

On the occasion of the birth anniversary of legendary singer Jayanta Hazarika, lets learn about the life and musical journey of an iconic Assamese singer and composer from Assam. Explore his early life, music career, achievements, and the lasting legacy he left behind in the world of Assamese music.

Early Life and Family

Jayanta Hazarika’s musical talent as he was born into a renowned musical family in Mangaldai, Assam, on September 20, 1943. Jayanta fondly known as ‘Rana Da’ was the ninth child of Nilakanta Hazarika and Shantipriya Hazarika. Notably, his elder brother Bhupen Hazarika, who preceded him by 17 years, was already a legendary figure in Assamese music.

Musical Upbringing

Jayanta Hazarika’s upbringing was immersed in music, with all his siblings deeply involved in this art form. From a very young age, he was exposed to the enchanting world of melodies, and at the age of nine, he displayed his musical talent by composing a song written by his elder brother, Nripen Hazarika. This early exposure to music laid the foundation for Jayanta’s future in the music industry.

Education and Early Career

Jayanta Hazarika pursued his high school education at Sonaram High School in Guwahati. In 1962, he faced a setback when he failed his matriculation examination. Undeterred, he embarked on a journey to Calcutta, where he recorded two songs with HMV. This marked the beginning of his professional music career and set him on a path to becoming an iconic figure in Assamese music.

Collaboration with Bhupen Hazarika

Upon returning from Calcutta, Jayanta Hazarika began collaborating with his elder brother, Bhupen Hazarika. Together, they worked on various musical projects, with Jayanta often assisting Bhupen as a music director. Their partnership and musical synergy produced timeless melodies that continue to captivate audiences today.

Marriage and Family

In 1969, Jayanta Hazarika married Manisha Hazarika from Calcutta. Their union was blessed with a son, Mayukh Hazarika, born on January 13, 1971. Both Manisha Hazarika and Mayukh Hazarika followed in Jayanta’s footsteps and established themselves as accomplished singers, further contributing to the family’s musical legacy.

Musical Journey and Contributions

Jayanta Hazarika’s musical journey was marked by his versatility and dedication to the art. He lent his musical talent to a wide range of projects, including playback singing, music direction for feature films, and compositions for documentaries and stage plays.

Playback Singing and Early Success

Jayanta Hazarika’s career as a playback singer took off with the songs “Aagoli botahe kopale kolore paat” and “Krishnachura Krishnachura,” recorded with HMV. These songs quickly gained popularity and established him as a promising talent in the Assamese music industry.

Music Direction

In addition to his singing career, Jayanta Hazarika ventured into music direction. He began as an assistant music director for the film ‘Maniram Dewan’ and continued to work on several other films. Notably, he collaborated with Bhupen Hazarika as an assistant music director for ‘Loti-Ghoti’ and ‘Chikmik Bijuli.’ Jayanta also took on small roles in Assamese movies such as ‘Loti-Ghoti’ and ‘Chikmik bijuli.’

Compositions for Films

Jayanta Hazarika’s creative genius extended to composing music for feature films. He composed music for movies like ‘Bonoria Phul,’ ‘Niyoti,’ ‘Brishti,’ ‘Dharmakaai,’ and ‘Natun Asha.’ ‘Natun Asha’ is particularly noteworthy as Manisha Hazarika completed the music for this film following Jayanta’s untimely demise. Additionally, Jayanta worked as a music director for several documentary films, leaving his mark on diverse genres within the music industry.

Music for Stage Plays

Jayanta Hazarika’s talents weren’t limited to the silver screen. He also ventured into composing music for stage plays. His compositions enriched productions like Phani Sarma’s ‘Siraj’ and Prafulla Bora’s ‘Baan.’ He maintained a close association with the ‘Pragoti Shilpi Sangha’ in Guwahati and contributed to various stage productions by the group. Furthermore, he lent his musical expertise to a mobile theatre group named ‘Lakhimi Theatre’ from Goalpara, which was established in memory of Pramathesh Barua.

In 1977, Jayanta Hazarika collaborated with lyricist Nirmalprabha Bordoloi to compose an impressive total of 17 songs for five plays by this theatre group within a span of just three days, between September 13 and 16. In an interview with AIR, Guwahati, he expressed his profound enjoyment in creating music for stage plays, demonstrating his commitment to diverse facets of the music world.

Xur Bahini and Social Activism

In 1977, Jayanta Hazarika founded ‘Xur Bahini,’ an institution that aimed to assist flood victims in Assam. This noble endeavor involved street performances to collect donations for those in need. ‘Xur Bahini’ showcased the power of music in uniting communities and supporting humanitarian causes.

Musical Instruments and Innovation

Jayanta Hazarika’s musical prowess extended to mastering various musical instruments, including the guitar, domra, mandolin, accordion, tabla, and harmonica. He had a penchant for collecting traditional musical instruments from around the world, showcasing his commitment to musical diversity. Remarkably, he could simultaneously play the harmonium in two different octaves, a testament to his exceptional talent.

Musical Style and Influence

Jayanta Hazarika’s music was characterized by a unique fusion of traditional Assamese tunes with Western instruments. His innovative approach introduced a distinct flavor to modern Assamese songs, captivating audiences with unconventional preludes and interludes. Collaborating with lyricist Nirmalprabha Bordoloi, Jayanta created melodies that continue to resonate as everlasting classics in Assam’s musical landscape.

Jayanta Hazarika’s life and musical journey represent a significant chapter in the rich tapestry of Assamese music. His contributions as a singer, composer, and music director have left an indelible mark. Moreover,

his commitment to social causes and his establishment of ‘Xur Bahini’ highlight his dedication to making a positive impact beyond the realm of music. Jayanta Hazarika’s legacy lives on, and his melodies continue to enchant and inspire generations of music enthusiasts.

]]>
https://rupaliparda.com/archives/29654/feed 0 29654
|| দিলীপ কুমাৰ হাজৰিকা আৰু নাই: শ্ৰদ্ধাঞ্জলি ||–উৎপল মেনা https://rupaliparda.com/archives/29647 https://rupaliparda.com/archives/29647#respond Mon, 18 Sep 2023 05:42:28 +0000 https://rupaliparda.com/?p=29647 || দিলীপ কুমাৰ হাজৰিকা আৰু নাই: শ্ৰদ্ধাঞ্জলি ||--উৎপল মেনা 33১৪ ছেপ্টেম্বৰ। নিশা। “নিয়মীয়া বাৰ্তা” কাকতৰ সাংবাদিক হেমন্ত মজুমদাৰৰ “ফোন”– দিলীপ কুমাৰ হাজৰিকা আৰু নাই। স্বাভাৱিক খবৰ! মানি লব নোৱাৰা খবৰ! বুকু বিষোৱা খবৰ!
“বুকু হম হম কৰে…”ৰ কথা কৈছিল দিলীপ কুমাৰ হাজৰিকাই। চন: ২০০২। বাৰ, তাৰিখ মনত নাই। ৭-৮ বছৰ পাছত কৰ্মস্থান মুম্বাইৰ পৰা প্ৰত্যৱৰ্তন কৰি দৈনিক কাকত “আজি”ৰ সম্পাদনা বিভাগত জড়িত হৈছিলোঁ। মোক “আজি”ৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ কক্ষলৈ মতাই আনি দিলীপ কুমাৰ হাজৰিকাই বলিউড কেন্দ্ৰীক ইটো-সিটো কথা সুধিছিল। সুধিছিল “দিল হুম হুম কৰে…” কেন্দ্ৰীক ইটো-সিটো কথা। আৰু কৈছিল “মণিৰাম দেৱান”ৰ কথা। “সেই সময়ত (“মণিৰাম দেৱান” চিত্ৰগৃহলৈ আহিছিল ১০ জানুৱাৰী, ১৯৬৪ -ত। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬২ চনত। একে লেথাৰিয়ে চিত্ৰগ্ৰহণৰ কাম হোৱা নাছিল। কলিকতাৰ (কলকাতাৰ) ইন্দ্ৰপুৰী ষ্টুডিঅ’ত এৰা এৰিকৈ দীৰ্ঘ সময় চিত্ৰগ্ৰহণৰ কাম চলিছিল।) চিনেমা বুলিলেই মই পাগল আছিলোঁ। পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মোক কৈছিল– ‘তুমি পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিবা! মোক পাই কোনে! আৰু কেইদিন পাছতে শুনিলোঁ মোৰ ওঁঠত গীত থাকিব। ভূপেন হাজৰিকাই গোৱা গীত– ‘বুকু হম হম কৰে…’। চিত্ৰায়ণৰ আগতে গীতটো মোক কেইবাবাৰো শুনোৱা হৈছিল। গীতৰ ৰিহাৰ্ছেলৰ সময়ত, ৰেকৰ্ডিঙৰ সময়তো শুনিছিলোঁ, কলিকতাৰ ‘হিন্দুস্থান ৰেকৰ্ডিং ষ্টুডিঅ’ত’। বুকু হম হমাই গৈছিল। আজিও বুকু হম হমাই, সেই সময়ৰ কথা মনলৈ আহিলে। চিনেমা খনৰ নামত ইমানেই পাগল হৈছিলো, আন সকলো কাম বাদ দি কলিকতাতে আছিলোঁ, চিনেমা খনৰ নিজৰ চৰিত্ৰটোৰ লগতে ইটো-সিটো কাম কৰি।”

|| দিলীপ কুমাৰ হাজৰিকা আৰু নাই: শ্ৰদ্ধাঞ্জলি ||--উৎপল মেনা 34

“মণিৰাম দেৱান”ৰ পাছৰ সময় চোৱাত দিলীপ কুমাৰ হাজৰিকাই অভিনয় কৰিছিল “ককাদেউতা নাতি আৰু হাতী”, “পিতাপুত্ৰ”, “ৰং”, “প্ৰভাতী পখীৰ গান”, “প্ৰতিমা”, “ভাই ভাই”, “বহাগৰ দুপৰীয়া”, “সপোন” আদিত। কম ফুটেজৰ চৰিত্ৰত। “অভিনয় আৰু লেখা মোৰ নিচা। মোৰ নিচাৰ কথা জানেই বাবে ভাইমন (মুনিন বৰুৱা) হতে মোৰ বাবে সৰুকৈ চৰিত্ৰ ৰচনা কৰে, অজিত (অজিত কুমাৰ ভূঞা) হতে লিখিবলৈ কাকতত ঠাই দিয়ে।”
কাকত-আলোচনীৰ columnist আছিল দিলীপ কুমাৰ হাজৰিকাৰ আন এক পৰিচয়। সমাজৰ, ৰাজনীতিৰ কথা লিখিছিল যদিও পৰিচয় পাইছিল চিত্ৰ সাংবাদিক হিচাবে। ৬০ দশকৰ আৰম্ভনীতে, সেই সময়ৰ “অসম বাণী” কাকতৰ সম্পাদক সতীশ চন্দ্ৰ কাকতিয়ে কাকত খনৰ চিনেমাৰ পৃষ্ঠাটো সজাবলৈ (সম্পাদনা কৰাৰ) দায়িত্ব দিছিল দিলীপ কুমাৰ হাজৰিকাক। “মই লেখা এটা লৈ সতীশ চন্দ্ৰ কাকতিৰ ওচৰলৈ গৈছিলোঁ। মোৰ বয়স ২২-২৩ বছৰ। (দিলীপ কুমাৰ হাজৰিকাৰ জন্ম: ১৫ জুন ১৯৩৩।) শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত নাম লগাইছিলোঁ। তাৰ পাছত গৌহাটী বিশ্ববিদ্যায়, আইন কলেজ। কটন কলেজত পঢ়ি থকা সময়তে মোক বহুতে নাটক, চিনেমাৰ বিষয়ে লিখা মানুহ বুলি জানিছিল। শিৱসাগৰত থকা সময়ত “সেউজীয়া সমাজ”ৰ হৈ নাটক কৰিছিলো। সেই সময়ত অভিনয় কৰাৰ লগতে নাটকৰ বিষয়ে সাংবাদিকতা কৰিবলৈ প্ৰেৰণা পাইছিলো পৰাগধৰ চলিহাৰ। গুৱাহাটীলৈ অহাৰ পাছত প্ৰেৰণা দিছিল সত্য প্ৰসাদ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, প্ৰবীণ ফুকন, মোৰ মামা তিলক দাস আদিয়ে। মঞ্চত, অনাটাৰ কেন্দ্ৰত নাটকৰ কাম কৰাৰ লগতে লিখা-মেলা কৰো বুলি সতীশ চন্দ্ৰ কাকতিয়ে জানিছিল বাবে মোক পৃষ্ঠা সজাবলৈ সুযোগ দিছিল।”

১৯৬২ চনত “মণিৰাম দেৱান” চিনকৰ্মৰ বাবে কলিকতাত এবছৰৰো বেছি সময় থাকিবলৈ বাধ্য হোৱাত “অসম বাণী”ৰ কাম এৰিবলগীয়া হৈছিল। চিনেমা খনৰ কাম শেষ হোৱাৰ পাছত, ১৯৬৩ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা “নৱযুগ”ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হয়। লগতে দিকুহা নামেৰে “অসম বাণী”ত আৰম্ভ কৰে এটা নতুন শিতান “এক মিনিট”। এই নাম আৰু শিতান কম সময়তে জনপ্ৰিয় হয়। পাছলৈ এই নামেৰে, এই শিতান লিখিছিল “পূৰ্বাঞ্চল” আৰু অন্যান্য কাকততো। দিকুহাৰ “এক মিনিট” গ্ৰন্থ আকাৰতো প্ৰকাশ পাইছে।

“এক মিনিট”ৰ লেখন শৈলীৰে আকৰ্ষণ কৰা দিকুহাক আমি ইমান ওচৰৰ পৰা নাপালো হেতেন, যদিহে “আজি” কাকতৰ সম্পাদনা বিভাগ মোৰ কৰ্মস্থলী নহ’ল হেতেন! “আজি”ৰ লগতে “নতুন সময়”ৰ নিৰ্দিষ্ট পৃষ্ঠা কেইটামান মোৰ দায়িত্বত আছিল। দায়িত্বত থকা পৃষ্ঠা কেইটাৰ ভিতৰত চিনেমাৰ পৃষ্ঠাও আছিল। প্ৰতি সপ্তাহত চিনেমাৰ পৃষ্ঠ কেইটাত চকু ফুৰাই এটা বাক্যয়ে কৈছিল– “keep it up”। চিনেমাৰ সমালোচনা লিখি প্ৰায়ে সমস্যাত পৰিছিলোঁ। “সমস্যা” পৰিলে মোৰ ওচৰত ঠিয় হৈছিল। সমালোচনাৰ নামত “সমালোচনা” লিখিবলৈ উৎসাহ দিছিল। মোৰ “অসমীয়া চিনেমা” গ্ৰন্থ খন দি কু হা, দিলীপ কুমাৰ হাজৰিকাৰ তাগিদাতে আৰম্ভ কৰিছিলোঁ। গ্ৰন্থ খনৰ বাবে তথ্যৰে সহায় কৰিছিল। এটা লেখা লিখি দিছিল। আমি যেতিয়া “অসমীয়া প্ৰতিদিন”, “নিয়মীয়া বাৰ্তা”ৰ সম্পাদনা বিভাগত কাম কৰিছিলোঁ, তেতিয়াও লেখাৰে, তথ্যৰে সহায় কৰিছিল।
এই গৰাকী ব্যক্তিৰ মৃত্যু! কেনেকৈ মানি লব পৰা খবৰ হব পাৰে! কেনেকৈ বুকু নিবিষোৱা খবৰ হব পাৰে!

]]>
https://rupaliparda.com/archives/29647/feed 0 29647
হেম চন্দ্ৰ বৰাৰ নতুন চিনেমা: “সংকল্প”ৰ পাছত “এয়েতো জীৱন” –উৎপল মেনা https://rupaliparda.com/archives/29530 https://rupaliparda.com/archives/29530#respond Fri, 23 Jun 2023 06:16:10 +0000 https://rupaliparda.com/?p=29530 “সংকল্প” –এখন অসমীয়া চিনেমা।
“শিল্পীৰ পৃথিৱী” –এখন অসমীয়া আলোচনী।
দুটা মাধ্যমৰ, এই দুটা “কাম”ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম।

হেম চন্দ্ৰ বৰা

হেম চন্দ্ৰ বৰা “সংকল্প”ৰ পৰিচালক, “শিল্পীৰ পৃথিৱী” প্ৰকাশক। –ইমানেই নহয়!
হেম চন্দ্ৰ বৰা আছিল শিক্ষক। গুৱাহাটী কমাৰ্ছ কলেজত পঢ়ুৱাইছিল। কাৰণ জনা নাযায় (জানিব বিছৰা নাই) , শিক্ষকতা বাদ দিয়ে। আৰু এদিন খোজ দিয়ে চিনেমাৰ ক্ষেত্ৰ খনত। প্ৰযোজনা কৰে চুটি চিনেমা “সন্ধান” (১৯৭৪)। তাৰ পাছত “নিয়তি” (চিত্ৰগৃহলৈ আহে ২৪ মাৰ্চ ১৯৭৮ত) নিৰ্মাণ কৰে ইন্দুকল্প হাজৰিকাৰ পৰিচালনাৰে।

১৯৭৯। দেৱ কুমাৰ বৰাৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল অসমীয়া চিনেমা “নিশাৰ চকুলো”। এই চিনেমা খনেৰে আৰু দুখোজ আগবাঢ়ে– হেম চন্দ্ৰ বৰাই। পৰিচালনাত সহায় কৰে, মূল চৰিত্ৰ এটাত অভিনয়ো কৰে।

হেম চন্দ্ৰ বৰা

১৯৮৬ চনত আৰু এখোজ। সৱল খোজ। স্বাধীন পৰিচালনা “সংকল্প” চিত্ৰগৃহলৈ আহে।
“সংকল্প”ৰ দৰ্শক হৈছিলোঁ। আৰু এবাৰ দৰ্শক হোৱাৰ সুযোগ পালোঁ, যোৱা ১২ মাৰ্চ (২০২৩) -ত,
জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰক্ষা গৃহত। আকৌ এবাৰ অনুভৱ কৰিলোঁ– এক পৰিপাটি চিনেকৰ্ম। কাহিনী নিৰ্মাণ কৰিছে অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি। বয়স কম আছিল যদিও সেই আন্দোলন আমি দেখিছিলোঁ, অনুভৱ কৰিছিলোঁ। দেখা, অনুভৱ কৰা সেই আন্দোলন কেন্দ্ৰীক ৰূপালী গল্পটোত “কল্পনা” স্বাভাৱিকতে আছিল যদিও “কল্পনাৰ প্ৰলেপ” অনুভৱ কৰা নাছিলোঁ। নকৰাৰ কাৰণ চিনেমাৰ ভাষা (cinematic language) -ৰ পৰিপাটি প্ৰয়োগ। শ্বট নিৰ্বাচন আৰু সু-গাণিতিক প্ৰয়োগে, মেডহীন সাহিত্যৰ ভাষা প্ৰয়োগে নান্দনিক সৌন্দর্য বঢ়াইছে। পৰিচালকক সহায় কৰিছে ৰঞ্জিত শৰ্মাৰ চিত্ৰনাট্যই।

চিনেমা খনত “অসম আন্দোলন” আছে, সিমান খিনিলৈ আছে, যিমান খিনিলৈ ৰাখিলে, চিনেমা খন প্ৰাসংগিক হৈ থাকিব। আন্দোলনৰ গতি দ্ৰুত হৈছে, আৰু সিমানতে চিনেমা খন শেষ কৰিছে।
আমাৰ অনুভৱত চিনেমা খনৰ প্ৰতিটো চৰিত্ৰ “বাস্তৱ”ৰ পৰা চিত্ৰনাট্যলৈ আনিছে। আৰু তপন দাস, সঞ্জীৱ হাজৰিকা, পূৰৱী শৰ্মা, প্ৰঞ্জল শইকীয়া আদিৰ বাস্তৱিক অভিনয় (realistic acting) -ৰে চৰিত্ৰবোৰ নিৰ্মাণ কৰিছে। আমাৰ অনুভৱত– চিনেমা খনৰ অভিনয়ৰ লগতে ডঃভূপেন হাজৰিকাৰ সংগীতে, স্বপন নায়কৰ কেমেৰাৰ কামে চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছে।

হেম চন্দ্ৰ বৰা

চিনেমা খন চোৱাৰ পাছত চিনেমা পৰিচালক-লেখক পদুম বৰুৱাই লিখিছিল– “… ‘সংকল্প’ৰ প্ৰাক-প্ৰদৰ্শনী চাই অসমত সুস্থ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে যে শিল্পৰ মাধ্যমটোৰ স্বকীয় প্ৰকাশ-ভঙ্গী আৰু কাৰিকৰী দিশ সম্পৰ্কীয় প্ৰয়োজনীয় ন্যূন্যতম জ্ঞানৰ উপৰিও এটা প্ৰকৃত সংস্কৃতি পৰায়ণ মানসিকতা আৰু মানৱীয় মূল্যবোধৰ অধিকাৰী হোৱাটো নিত্যান্ত বাঞ্চনীয় সেই কথা আগতকৈ ন-দি ক’ব পৰা হ’লো। ‘সংকল্প’ নিঃসন্দেহে এখন উল্লেখযোগ্য সাফল্য অৰ্জন কৰা সুস্থ কলাধৰ্মী ছবি। সেই স্তৰত আসমীয়া চলচ্চিত্ৰৰ দুখীয়া ভঁৰাললৈ এটা লেখত ল’বলগীয়া দান। …” (“অগ্ৰদূত”/ ৯ নৱেম্বৰ ১৯৮৬)

“সংকল্প”ৰ পাছত?
“হেৰাই থাকিল” পৰিচালক গৰাকী!
২০ আগষ্ট ২০২২। এটা খবৰ, এখন চুটি চিনেমাৰ। মোৰ WhatsApp নম্বৰত। মন দিয়া নছিলোঁ।
২৫ ছেপ্টেম্বৰ ২০২২ -ত এটা “পেপাৰ কাটিং”। চকুত পৰিল হেম চন্দ্ৰ বৰাৰ নাম। “হেম চন্দ্ৰ বৰাৰ ‘হাৰিকেন’লৈ পাঁচটাকৈ বঁটা”।

“হেম চন্দ্ৰ বৰা পৰিচালিত আৰু ড° জয়ন্তী চুতীয়া প্রযোজিত ‘হাৰিকেন’ নামৰ চলচ্চিত্ৰখনে কলকাতাত শেহতীয়াকৈ অনুষ্ঠিত ‘টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত পাঁচটাকৈ বঁটা পাবলৈ সক্ষম হৈছে। হেমচন্দ্ৰ বৰালৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটা, হেম চন্দ্ৰ বৰালৈ শ্রেষ্ঠ শিশু পাৰিবাৰিক ছবিৰ সন্মান, অনিন্দিতা ৰুদ্ৰাজ আৰু গ্ৰন্থিক বৰালৈ ক্ৰমে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য, লগতে বৰাৰ ‘দিবাস্বপ্ন’ নামৰ চলচ্চিত্ৰখনো ইতিমধ্যে মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে অন্তৰ্ভুক্ত হৈছে।”
–হেম বৰা চিনেকৰ্মত ব্যস্ত, মইহে খবৰ ৰখা নাছিলোঁ!

মনত খেদ ভাৱ লৈ চিনেকৰ্মী গৰাকীৰ সৈতে যোগাযোগ কৰিলোঁ। ক’লো “হাৰিকেন” চোৱাৰ মন।
যথা সময়ত চালো। কোভিড কাল কেন্দ্ৰীক চুটি চিনেমা। আৰ্থিক সমস্যৰ হেচাত কিশোৰ কালত খোজ দিয়া চুটি চিনেমা খনৰ “নায়ক”ৰ কোভিড কালৰ সময়ত আৰ্থিক হেচা আৰু বাঢ়িছে। “নায়ক” খোৱা-লোৱাৰ সমস্যা আছেয়ে; কিন্তু মূল সমস্যা– এটা মোবাইল ফোন। অনলাইন শিক্ষা আৰম্ভ হৈছে, এটা “ক্লাছ কৰিব পৰা” মোবাইল ফোন নথকা বাবে শিক্ষাৰ পৰা বঞ্চিত হৈছে– “নায়ক”। (এন “নায়ক” আমাৰ সমাজত ধেৰ আছে। আৰু এয়াই চুটি চিনেমা খনৰ বিষয়বস্তু।) –এটা মন চুই যোৱা কাহিনী।

হেম চন্দ্ৰ বৰা

📌কিছু দিন পাছতে হেম চন্দ্ৰ বৰাই দিলে আৰু এটা ভাল খবৰ। এখন নতুন চিনেমাৰ খবৰ। চুটি নহয়, পূৰ্ণ দৈৰ্ঘৰ চিনেমা। চিত্ৰনাট্য সাজু। চিনেমা খনৰ কাহিনী আৰু প্ৰযোজনা লেখিকা জয়ন্তী চুতীয়াৰ। নাম ৰাখিছে (সললি হ’ব পাৰে) — “এয়েতো জীৱন”।

]]>
https://rupaliparda.com/archives/29530/feed 0 29530
Rabha Divas: Celebrating the Life and Legacy of Kalaguru Bishnu Prasad Rabha https://rupaliparda.com/archives/29518 https://rupaliparda.com/archives/29518#respond Tue, 20 Jun 2023 15:53:03 +0000 https://rupaliparda.com/?p=29518 Today, June 20, is Rabha Divas, a day to celebrate the life and legacy of Kalaguru Bishnu Prasad Rabha. Bishnu Rabha was a renowned cultural figure from Assam, known for his contributions in the fields of music, dance, painting, literature, and political activism. He was one of the pioneers of the people’s cultural movement in Assam, and his work helped to shape the modern Assamese identity.

Kalaguru Bishnu Prasad Rabha

Rabha’s Life and Work:

Bishnu Prasad Rabha was born on January 31, 1909 in Dacca, Bengal Presidency, British India. Rabha was one of the most dominant figures to contribute to the literary, cultural and political field of Assam. His extraordinary versatility helped to endear him to the people of Assam. He was an artist, singer, lyricist, music composer, actor, litterateur and architect.

After independence, Rabha continued to work in the arts, and he helped to develop a new genre of Assamese music called Rabha Sangeet. Rabha Sangeet is a fusion of classical and folk music, and it often deals with themes of social justice and liberation.

Rabha was also a prolific writer, and he wrote several plays, novels, and short stories. His works often explored the themes of poverty, exploitation, and the need for social change.

Rabha was a director and actor, known for Siraj (1948) and Era Bator Sur (1956). He was previously married to Mohini Rabha.

Bishnu Prasad Rabha was awarded the title “Kalaguru” by Dr. Sarvapalli Radhakrishnan at Varanasi for his mesmerizing “Tandava” dance of Lord Shiva. The Kalaguru was a painter par excellence.

Rabha died in 1969, in Tezpur, Assam but his legacy continues to inspire people in Assam and around the world. He is remembered as a great artist, a dedicated freedom fighter, and a tireless advocate for social justice.

How is Rabha Divas Celebrated?

Rabha Divas is celebrated in Assam with a variety of cultural events, including music performances, dance recitals, and art exhibitions. There are also lectures and discussions about Rabha’s life and work.

One of the most popular events of Rabha Divas is the Rabha Sangeet competition. This competition is open to singers of all ages, and it provides a platform for young people to showcase their talents.

Rabha Divas is also a time for people to come together and celebrate the rich culture of Assam. It is a day to remember the contributions of Bishnu Prasad Rabha, and to reaffirm the commitment to building a better future for the state.

]]>
https://rupaliparda.com/archives/29518/feed 0 29518
ভূপেন হাজৰিকাৰ চিনেমা/২ ||– Utpal Mena https://rupaliparda.com/archives/28898 https://rupaliparda.com/archives/28898#respond Wed, 09 Mar 2022 04:07:33 +0000 https://rupaliparda.com/?p=28898 ‘জীৱন তৃষ্ণা’– অসিত সেনৰ পৰিচালনা। ২৫ ডিচেম্বৰ ১৯৫৭ত চিত্ৰগৃহলৈ অহা ১৪০ মিনিট দৈৰ্ঘৰ চিনেমা খন ব্যৱসায়িক দিশত সফল হৈছিল। সফলতাৰ এটা কাৰণ আছিল সংগীত।

“সাগৰ সঙ্গমত…”ৰ লগতে ব্যৱহাৰ কৰিছিল “আকৌ নতুন প্ৰভাত হব …” , “হে জয় ৰঘুৰ নন্দন…” গীতদুটাত ব্যৱহাৰ কৰা সুৰ। আৱহ সংগীততো সংগীততো “ভৃপেন্দ্ৰ সুৰ” স্পষ্ট।

–উত্তম কুমাৰে কৈছিল, “ভূপেন হাজৰিকাৰ অসাধাৰণ সংগীত কৰ্মই মোক মুগ্ধ কৰিছিল। “জীবন তৃষ্ণা”ৰ চিত্ৰগ্ৰহন আৰম্ভ হোৱাৰ দুদিনমান আগতে ভূপেন হাজৰিকাক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰন কৰিছিলো। সেইদিনা মোক শুনাইছিল এটা অসমীয়া গীত– ‘সাগৰ সংগমত কতনা সাঁতৰিলো/
তথাপিটো হোৱা নাই ক্লান্ত…’। মই তেতিয়ালৈকে জনা নাছিলো মোৰ ওঁঠত যে এই সুৰ ব্যৱহাৰ কৰিব। সেই সুৰ মোৰ মনৰ মাজত সোমাই আছিল বাবেই চিত্ৰায়নৰ সময়ত সহজতে ওঁঠ মিলাইছিলো। পৰৱৰ্তী সময়ত মই অভিনয় কৰা দুখন ছবিৰ বাবে ভূপেন হাজৰিকাৰ গীত বিচাৰিছিলো। নিদিলে। তেতিয়া মই বুজিছিলো–, ভূপেন হাজৰিকাই বজাৰ বিছাৰি কলিকতালৈ অহা নাই।…” (উৎস: Indian Movie News)

–ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আন এখন বাংলা চিনেমা “জোনাকিৰ আলো”। এই চিনেমা খনৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, লতা মংগেশকাৰে। চিনেমা খনত এটা বাউল গীত ব্যৱহাৰ কৰিছিল। কণ্ঠদান কৰিছিল পূৰ্ণদাসে।

–এই খিনিতে চৰ্চা কৰিব পাৰি “অসিত সেন” প্ৰসংগ। ভূপেন হাজৰীকাৰ বাংলা চিনেযাত্ৰাত অসিত সেনৰ সহায় অশ্বিকাৰ কৰিব নোৱাৰি। “সহায়”ৰ পৰিবৰ্তে আমি নিশ্চয় এনেদৰেও কব পাৰো–, ভূপেন হাজৰিকাৰ সংগীতেৰে নিজৰ চিনেমাৰ সৌন্দৰ্য বঢ়াইছিল।

“সীমানা পেৰিয়ে”– ভূপেন হজৰিকাই “সুৰ” ৰচনা কৰা আন এখন বাংলা চিনেমা। বাংলাদেশৰ চিনেমা। চিনেমা খনৰ সংগীত পৰিচাল কৰিছিল বুলি কোৱা হয়; কিন্তু “সুৰ”হে নয়ীম গহৰ, কবি ফজল চাহাবুদ্দিনে লিখা ( অনুবাদ!) গীতৰ। গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু আবিদা চুলতানাই। আবিদাই কণ্ঠদান কৰা “বিমূর্ত এই ৰাত্রি আমাৰ…” চিনেমা খনৰ বিশেষ চৰ্চা বুলি হৈছিল। চিনেমা খনত ব্যৱহাৰ হোৱা আন দুটা গীত– “মেঘ থম থম কৰে…”, “আজ জোৎস্না ৰাতে…”। এই তিনিটা গীতৰ লগতে চিনেমা খনৰ কাহিনীৰ দাবিত আদিবাসী ভাষাৰ এটি গীতো ব্যৱহাৰ কৰিছিল।

–১৯৭৭ চনত চিত্ৰগৃহলৈ অহা “সীমানা পেৰিয়ে”ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৭৫ চনৰ পৰা। বন্ধু এজনৰ সৈতে পৰিচলক আলমগীৰ কবিৰ আহিছিল ভূপেন হাজৰিকাক লগ কৰিবলৈ। ভূপেন হাজৰিকাই শুনাইছিল– (ৰচনা কাল : ১৯৭১)
“বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
এখনি নীলা চাদৰ..
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ …”

“এই গীতটো মোৰ চিনেমাত লাগিব! গীতটোৰ সুৰে মোক চুই গৈছে। এই গীতটোৱে নহয়, চিনেমা খনৰ সংগীত আপুনিয়ে কৰিব লাগিব।” বুলিছিল আলমগীৰ কবিৰে। কবিৰে চিনেমাৰ কাহিনী, বিষয়বস্তু শুনাইছিল সংগীতসূৰ্যক।
–আন এদিন আলমগীৰ কবিৰ আহি ভূপেন হাজৰিকাৰ ওচৰ পালে, গায়িকা এগৰাকীক লৈ। নাম– আবিদা সুলতানা। আবিদাৰ কণ্ঠত “বিমূৰ্ত…” ৰেকৰ্ডিং কৰাৰ মন পৰিচালক কবিৰৰ। পৰিচালক গৰাকীয়ে সংগীতসূৰ্যক ক’লে –, আবিদাই সংগীতসূৰ্যৰ সুৰত গীত গাবলৈ ভয় অনুভৱ কৰিছে! “দাদা, আপুনি মোক গীতৰ বিষয়বস্ত বুজাই দিয়ক। গাবলৈ চেষ্টা কৰিম। আপোনাৰ বেয়া লাগিলে মই গোৱা গীতটো ৰাখিব নালাগে।” –আবিদাই কৈছিল। সংগীতসূৰ্যই বুজাই দিছিল। আৰু সেই গীতটোই আবিদা চুলতানাক সংগীতৰ সুৰীয়া বাট কাটি দিছিল। পৰৱৰ্তী সময়ত গায়িকা গৰাকীয়ে ৪৫০ৰো (চিনেমাৰ) অধিক গীতত কণ্ঠদান কৰিছে। আবিদা চুলতানা বাংলাদেশত জনপ্ৰিয় চিনেমা-আধুনিক গীত, ৰবীন্দ্র সঙ্গীত আৰু নজৰুল সঙ্গীতৰ গায়কীৰ বাবে। “ভূপেন দাদাৰ ‘বিমূৰ্ত…’ই মোক শ্ৰোতাৰ ওচৰলৈ নিছিল। ভূপেন দাদাৰ সুৰ, শিকোৱা পদ্ধতিয়ে মোক বহুত শিকাইছিল। গীত গোৱাৰ আগতে কেনে ধৰণৰ কচৰৎ কৰিব লাগে, সেয়া ভূপেন দাদাৰ পৰা শিকিছিলো। দাদাই কৈছিল, গীত এটা গোৱাৰ আগতে গীতটোৰ মাজত সোমাই বুজি লব লাগে। চিনেমাৰ গীত হ’লে পৰিচালকে গীতটো কেনেদৰে ব্যৱহাৰ কৰে, গীতিকাৰ-সুৰকাৰ ভাৱ কেনেধৰণৰ বুজি লব লাগে।” –আবিদা চুলতানাই কৈছিল। (উৎস: দৈনিক জনকণ্ঠ, দৈনিক পূর্বকোণ)

]]>
https://rupaliparda.com/archives/28898/feed 0 28898