Rupaliparda.com
ড° ভূপেন হাজৰিকাৰ ভতিজা, জয়ন্ত হাজৰিকাৰ পুত্ৰ শিল্পী "ময়ূখ হাজৰিকা"- 1

ড° ভূপেন হাজৰিকাৰ ভতিজা, জয়ন্ত হাজৰিকাৰ পুত্ৰ শিল্পী “ময়ূখ হাজৰিকা”-

Mayukh Hazarika and the Brahmaputra Balladeers ৰ মূখ্য শিল্পী ও অসম সন্তান ময়ূখ হাজৰিকা। সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ বিভিন্ন গীতত নিজ কন্ঠ প্ৰদান কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল এই গৰাকী অসমীয়া শিল্পী। এজন গায়ক, গীতিকাৰ আৰু সুৰকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰা ময়ূখ হাজৰিকা অসমীয়া শিল্পীৰ সকলৰ মাজৰ এক খ্যাতনামা যুঁটি জয়ন্ত হাজৰিকা আৰু মনীষা হাজৰিকাৰ পুত্ৰ। ১৯৭১ চনত জন্মগ্ৰহণ কৰা ময়ূখ হাজৰিকাৰ ৭ বছৰ বয়সত মৃত্যু হৈছিল তেওঁৰ পিতৃ জয়ন্ত হাজৰিকাৰ। মাতৃৰ সৈতে গানৰ শিক্ষা গ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা এই শিল্পী গৰাকীয়ে খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে।

ড° ভূপেন হাজৰিকাৰ ভতিজা, জয়ন্ত হাজৰিকাৰ পুত্ৰ শিল্পী "ময়ূখ হাজৰিকা"- 2


দেউতাক তথা খুৰাকৰ পৰা বংশানুক্ৰমে অহা গীতৰ প্ৰতি থকা শ্ৰদ্ধাই ময়ূখ হাজৰিকাক এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰাইছিল। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে তেওঁৰ কন্ঠ তথা নিজা সুৰ আৰু কথাৰে মুক্তি লাভ কৰিছিল এলবাম “চকুৱে যদি কথা কয়”। তেওঁৰ আন কেইখনমান এলবাম হৈছে ক্ৰমেঃ

শ্বিলঙৰে গধূলি (২০০২)

চকুৱে যদি কথা কয় (২০০৯)

মনৰ মৰম (২০১২)

Assamese Modern Songs (২০১২)

All Time Greats Jayanta Hazarika (২০১২)

অনুৰাধা (২০১২)

অসমৰ চিৰযুগমীয়া গীত (২০১২)

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform