Rupaliparda.com
ক'ৰ'ণাৰ ভয়াৱহতাৰ ফলত অষ্ট্ৰেলিয়া ট্ৰীপ আধাতে সামৰি উভতিছিল নীতি মোহনঃ 1

ক’ৰ’ণাৰ ভয়াৱহতাৰ ফলত অষ্ট্ৰেলিয়া ট্ৰীপ আধাতে সামৰি উভতিছিল নীতি মোহনঃ

বলীউডৰ কন্ঠশিল্পী নীতি মোহন কিছুদিন পূৰ্বে তেওঁৰ ব্যক্তিগত ট্ৰীপক কেন্দ্ৰ কৰি অষ্ট্ৰেলিয়ালৈ গৈছিল। এই ট্ৰীপটোত কন্ঠশিল্পী গৰাকীৰ সৈতে তেওঁৰ স্বামী আৰু দুই ভগ্নী মুক্তি আৰু শক্তি মোহনো আছিল; কিন্তু “ক’ৰ’ণা ভাইৰাছ” ৰ বাঢ়ি অহা ভয়াৱহতাৰ বাবে নীতি মোহন আৰু তেওঁৰ সপৰিয়ালে অষ্ট্ৰলিয়াৰ ট্ৰীপ আধাতে সামৰি ভাৰতলৈ উভতি আহে। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত নীতিয়ে নিজ কথা ব্যক্ত কৰা অনুসৰি, অষ্ট্ৰেলিয়াত ক’ৰ’ণা ভাইৰাছে দেখা দিয়া মাত্ৰকে অতি কম সময়ৰ ভিতৰত তাত ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছিল। ইয়াৰ লগতে, নীতিয়ে কয় যে, “যেতিয়া হলীউড তাৰকা টম হেক্স আৰু ৰীটা বিল্সন “ক’ৰ’ণা” ত আক্ৰান্ত হোৱা বুলি আমি শুনিবলৈ পাইছিলো তেতিয়া ইয়াতকৈ অধিক ভয়ানক আৰু আমাৰ বাবে একোৱে নাছিল। আমি ভাৱিছিলো যে এইটো যদি তেওঁলোকৰ গাত হ’ব পাৰে তেনেহ’লে ই আমাৰ গালৈয়ো আহিব পাৰে। আৰু, আমাক তেতিয়ালৈ মা-দেউতাও উভতি অহাৰ আদেশ দি পেলাইছিল।”

ক'ৰ'ণাৰ ভয়াৱহতাৰ ফলত অষ্ট্ৰেলিয়া ট্ৰীপ আধাতে সামৰি উভতিছিল নীতি মোহনঃ 2


ইয়াৰ উপৰিও তেওঁ কয় যে তেওঁলোক যেতিয়া ১৭ মাৰ্চৰ সলনি ১২ মাৰ্চৰ দিনাই ঘূৰি আহিছিল তেতিয়া চিংগাপুৰ আৰু ডুবাই হৈ তেওঁলোক আহিবলগীয়া হৈছিল ভাৰতলৈ; উক্ত দুয়োটা স্থানতে তেতিয়ালৈ মাৰাত্মক ৰূপ ধাৰণ কৰি পেলাইছিল ক’ৰ’ণাই। নীতিয়ে আগলৈ কয়,” আমি যেতিয়া এয়াৰপোৰ্ট বোৰত প্ৰৱেশ কৰিছিলো তেতিয়া সকলোবোৰ খালি হৈ পৰিছিল; আনকি যেতিয়া আমি ভাৰত আহি পাইছিলো তেতিয়ালৈ ইয়াতো সকলোবোৰ খালি হৈ পৰিছিল।”

https://www.instagram.com/p/B-CciDwhkiK/?utm_source=ig_web_copy_link


উল্লেখ্য যে, গায়িকা গৰাকীৰ সৈতে উভতি অহা সপৰিয়ালৰ গাত ক’ৰ’ণাৰ কোনো লক্ষণ ধৰা নপৰাৰ পিছতো তেওঁলোকে নিজকে বিগত ১৪ দিন তেওঁলোকৰ পোনাৰ “ফাৰ্ম হাউচ” ত নিজক আছুঁতীয়াকৈ ৰাখি থয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform