Rupaliparda.com
"মদৰ বিপনী খুলি দিয়া উচিত"- ঋষি কাপুৰ 1

“মদৰ বিপনী খুলি দিয়া উচিত”- ঋষি কাপুৰ

ক’ৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপটোৱে মানুহক এতিয়া সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে। হাজাৰ হাজাৰ লোকে “ক’ৰ’ণা ভাইৰাছ” ৰ ফলত মৃত্যুৰ কাষ চাপিছে। মৃত্যুৰ সংখ্যা কমিব এৰি ই ক্ৰমশ বাঢ়িহে গৈছে। ইয়াৰ বাবে বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে সমগ্ৰ দেশত ২১ দিনৰ লক-ডাউন ঘোষণা কৰিছিল। এনেক্ষেত্ৰতে বলীউড অভিনেতা ঋষি কাপুৰে কৰা এটা টুইট ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ঋষি কাপুৰে উক্ত ষ্টেটাছ যোগে কয় যে,”চৰকাৰে সন্ধিয়া সময়ছোৱাত প্ৰত্যেক মদৰ বিপনী খুলি দিব লাগে। মোক আপোনালোকে ভুল নুবুজিব; কিন্তু ব্যক্তি এজন ঘৰত সোমাই থাকি মানসিক ভাৱে দূৰ্বল হৈ পৰে। ডাক্তৰ-পুলিচ আদিও এই সকলোবোৰৰ পৰা অকণমান মুক্ত হোৱাটো প্ৰয়োজন। এনেও এইবোৰটো এতিয়াও “ব্লেক” ত বিক্ৰী হৈয়ে আছে।”


অভিনেতা গৰাকীয়ে চৰকাৰলৈ কৰা এনে আহ্বানৰ পিছত চাৰিওফালে তেওঁৰ টুইটে চৰ্চা লাভ কৰিছে। কিছু ইউজাৰে তেওঁৰ টুইটত কমেন্ট কৰি কয় যে, ” চিন্তনীয় এই মনৰ সৈতে মদ খোৱাটো আৰু অধিক ভয়ংকৰ হৈ পৰিব।” ইয়াৰ লগতে আনজনে কয় যে, ” মদৰ দোকানবোৰ খুলি দিলে তাত বহু মানুহে ভিৰ কৰিব আৰু লগতে পৰিস্থিতি আৰু অধিক গম্ভীৰ হৈ পৰিব।”

"মদৰ বিপনী খুলি দিয়া উচিত"- ঋষি কাপুৰ 2


উল্লেখ্য যে, ঋষি কাপুৰে “ক’ৰ’ণা ভাইৰাছ” ক কেন্দ্ৰ কৰি চলি থকা দেশৰ এই প্ৰক্ৰিয়াটোত অধিক সক্ৰিয়ৰূপে অংশগ্ৰহণ কৰিছে। তেওঁ নিজৰ টুইটৰ দ্বাৰা চীন দেশকো প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছিল। আপোনালোকক জনাই থওঁ যে, চীনৰ উহান মাৰ্কেটৰ পৰা আৰম্ভ হোৱা এই মাৰাত্মক বেমাৰটিয়ে বৰ্তমান সমগ্ৰ বিশ্ব নিজ আগ্ৰাসনত লৈছে। কিন্তু এতিয়া উহান বা চীনত পৰিস্থিতি অধিক স্বাভাৱিক হৈ পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform