Rupaliparda.com
ঘৰতে বহি মোবাইলত দৰ্শকে উপভোগ কৰিব "জানমণি ২০২০"- 1

ঘৰতে বহি মোবাইলত দৰ্শকে উপভোগ কৰিব “জানমণি ২০২০”-

সম্পূৰ্ণ ৭ টা বছৰৰ অন্তত দৰ্শকৰ মাজলৈ আহি আছে “জানমণি”। কোনো ভিচিডিৰ কাহিনী নহয়; এইবাৰ এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জানমণি ২০২০”। ইতিমধ্যে বহু প্ৰত্যাশিত এই ছবিখনৰ মুকলি কৰা হৈছে ট্ৰেইলাৰ। মুঠ ৬২ টা স্থানত প্ৰচাৰ চলোৱাৰ মানসেৰে আগবাঢ়িছিল ছবিখনৰ সমগ্ৰ কলা-কুশলী; কিন্তু কিছু সময়ৰ পিছতে বন্ধ কৰি দিয়া ছবিখনৰ প্ৰচাৰ। ক’ৰ’ণা ভাইৰাছৰ ফলত হোৱা বিশ্বৰ এই গুৰুত্বৰ সময়ছোৱাত সকলো ফালেই আটাইবোৰ স্কুল-কলেজ, ব্যৱসায় প্ৰতিষ্ঠানকে আদি কৰি বন্ধ কৰি ৰখা হৈছে চিত্ৰগৃহ সমূহো। ইয়াৰ ফলত, ছবিগৃহত মুক্তি দিয়াৰ পৰা হঠাৎ ৰৈ যাবলগীয়া হ’ল জানমণি ২০২০। দৰ্শকেও বহু উৎসাহ ও আশাৰ সৈতে বাট চাই ৰৈছিল উক্ত ছবিখনৰ বাবে আৰু অৱশেষত এক ব্যতিক্ৰমী পন্থা হাতত লৈ মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে এই ছবিখন।


এতিয়া মোবাইলতে অসমৰ লগতে সমগ্ৰ বিশ্বই চাব পাৰিব “জানমণি ২০২০”। ব’হাগ বিহুৰ পূৰ্বেই অৰ্থাৎ ১০ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনক মুক্তি দিয়া হ’ব “এন কে বিগষ্টাৰ” নামে এটা মোবাইল এপত; য’ত সাধাৰণ জনে ঘৰতে বহি উপভোগ কৰিব পাৰিব এই ছবিখন। ইয়াৰ উপৰিও এই এপটোত থাকিব বিভিন্ন অসমীয়া ছবি আৰু গান। তথাকথিত সমাজৰ একাংশ লোকৰ মানসিক তুচ্চ চিন্তাধাৰাৰ ওপৰত কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনীভাগ।

ঘৰতে বহি মোবাইলত দৰ্শকে উপভোগ কৰিব "জানমণি ২০২০"- 2


ইয়াত “জানমণি” চৰিত্ৰটি ৰূপায়ন কৰিছে দিগাংগনা বৰাই। বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য , সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে দীপাংকৰ মহন্ত, দীপজ্যোতি মহন্ত, অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া,ভৱানী ভূঞা, উদয় শংকৰ, সূৰ্য শইকীয়া, বৈশালী নৱ মেধি, ৰাজমণি ভূঞা, অপৰ্ণা তামুলী, বাসৱ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform