Rupaliparda.com
নৱপ্ৰজন্মৰ শিল্পী প্ৰাচুৰ্য্যৰ কন্ঠৰে "এই আকাশ বৰ বিশাল"- 1

নৱপ্ৰজন্মৰ শিল্পী প্ৰাচুৰ্য্যৰ কন্ঠৰে “এই আকাশ বৰ বিশাল”-

অসমত নৱপ্ৰজন্মই বিভিন্নধৰণে দৰ্শকক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। “স্পন্দন” ৰে শ্ৰোতাৰ স্পন্দন বঢ়োৱা শিল্পী প্ৰাচুৰ্য্য বৰগোঁহাইয়ে পুৰণি অসমীয়া গীতক সুঁৱৰি জয়ন্ত হাজৰিকাৰ এটি গীতত দিলে নিজ কন্ঠ। জনপ্ৰিয় “এই আকাশ বৰ বিশাল” গীতটিত নিজ কন্ঠ নিগৰাই “লক ডাউন” ৰ আমনিদায়ক সময়ছোৱাত শ্ৰোতাক মনোৰঞ্জন কৰোৱাৰ চেষ্টা কৰিছে এই গৰাকী শিল্পীয়ে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ প্ৰথমটো গীত “স্পন্দন” ৰ কথা তথা গীতটিৰ ভিডিঅ’ৰ বাবে গোৱাত লোৱা দৃশ্যগ্ৰহণ ইমানেই মন পৰশা আছিল যে ই মুক্তি লাভ কৰাৰ পিছতেই লাভ কৰিবলৈ সক্ষম হৈছিল শ্ৰোতা ও দৰ্শকৰ বহুল সমাদৰ।

https://youtu.be/8vqrkQ0tEok\


চৰাইদেউ জিলাৰ সোণাৰি নগৰত জন্মগ্ৰহণ কৰা প্ৰাচুৰ্য্যক সৰুতেই মাতৃয়ে দিহানামৰ পৰা নিচুকনি গীতলৈ সমস্ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ পিছতেই শিল্পী গৰাকীৰ অসমীয়া থলুৱা সংগীতৰ প্ৰতি থকা আকৰ্ষণৰ বাবে সংগীতৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছিল। প্ৰাচুৰ্য্যৰ বৰগোঁহাইক সংগীতৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো নিৰ্দ্দিষ্ট শিক্ষাগুৰু নাছিল; তেওঁৰ সংগীতৰ যাত্ৰাত সকলোৱে কিছু কিছু পৰিমাণে বৰঙণি যোগাইছিল। উল্লেখ্য যে, সংগীতৰ লগতেই এই গৰাকী শিল্পী ভাল ঢোল বাদক। তেওঁ বিভিন্ন মঞ্চানুষ্ঠানত সুন্দৰ ঢোল বজাই থকা ভিডিঅ’ ইতিমধ্যে চচিয়েল মিডিয়া যোগে দৰ্শকে দেখিছে।

নৱপ্ৰজন্মৰ শিল্পী প্ৰাচুৰ্য্যৰ কন্ঠৰে "এই আকাশ বৰ বিশাল"- 2


নৱপ্ৰজন্মই সাহিত্য-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কোনো অৱদান আগ নবঢ়াই বুলি ক’লে একেবাৰে ভুল কোৱা হ’ব;কিয়নো প্ৰাচুৰ্য্যৰ দৰে উদাহৰণ বহুতো বৰ্তমানেও অসমত আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform