Rupaliparda.com
আইমী, বৰষা আৰু নিশিতাৰ "Quarantine" সময়ঃ 1

আইমী, বৰষা আৰু নিশিতাৰ “Quarantine” সময়ঃ

“লক-ডাউন” ৰ আজি চতূৰ্থটো দিন। কোনোবাখিনিত যেন ৰৈ গৈছে ভাৰতবৰ্ষ। বিশ্বৰ এনে ভয়ংকৰ পৰিস্থিতি য’ত প্ৰতিটো ঘন্টাত নাই কমেও একোজনকৈ লোকৰ মৃত্যু হৈছে তাতেও আকৌ মিনিটত একোজন ব্যক্তি সোমাই পৰিছে “ক’ৰ’ণা ভাইৰাছ” ৰ আগ্ৰাসনত। জনশূণ্য হৈ পৰিছে ৰাষ্টা-ঘাট; চাৰিওফালে কেৱল শূণ্যতা বিৰাজ কৰিছে দেশত। জনসাধাৰণে এইকেইটা দিনত নিজকে ব্যস্ত ৰাখিছে চচিয়েল মিডিয়াত নহ’লে কিতাপ পঢ়াত; আন কিছুমানে পৰিয়ালৰ সৈতে সময় কটাইছে। সমান্তৰালকৈ সাধাৰণজনে কৰা কিছু কৰ্মৰ দৰেই এইবাৰ চিলেব্ৰেটীসমূহকো কৰা দেখিবলৈ পোৱা গৈছে সেই একেই কাম। বাহিৰলৈ ওলাই যাব নোৱাৰাৰ ফলত অসমীয়া ছবিক্ষেত্ৰৰ কেইবাগৰাকীও অভিনেত্ৰী চচিয়েল মিডিয়াত একটিভ হৈ পৰা দেখিবলৈ পোৱা গৈছে।


অভিনেত্ৰী বৰষা ৰাণী বিষয়াই দৰ্শকক এনে নাথাকিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ এটি ফিটনেছ ভিডিঅ’ আপলোড কৰে চচিয়েল মিডিয়াত। বলীউডৰ অভিনেত্ৰী সকলৰ দৰেই নিজ দেহৰ প্ৰতি সজাগ বৰষা ৰাণীয়ে নিজৰ বাসগৃহ টোকে জিমক্ষেত্ৰলৈ পৰিণত কৰি তুলিছে। আনহাতে, অভিনেত্ৰী নিশিতা গোস্বামীয়েও নিজৰ পূৰণি কালৰ কেইখন মান ফটো ইনষ্টাগ্ৰামত আপলোড কৰি “ক’ৰ’ণা সময়” কটাইছে। চুটি চুলিৰে সৈতে ১৭ বছৰীয়া নিশিতা গোস্বামীৰ ফটোত এতিয়া অনুৰাগীৰ কমেন্টো দেখিবলৈ পোৱা গৈছে।

https://www.instagram.com/p/B-ONKs-pxHL/?utm_source=ig_web_copy_link


আনহাতে, আইমী বৰুৱাই নিজ পুত্ৰ-কন্যাৰ সৈতে ঘৰতে সময় কটোৱা দেখিবলৈ পোৱা গৈছে। ঘৰতে কৰা ৰহৰ মাহ কাটিছে অভিনেত্ৰী গৰাকীৰ লগতে তেওঁৰ দুই সন্তানে। বিগত বহু দিনৰ পৰাই এনে কিছু ভিডিঅ’ আপলোড কৰি দৰ্শকক মনোৰঞ্জন কৰাই আহিছে অভিনেত্ৰী আইমী বৰুৱাই।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform