প্ৰথম অসমীয়া ছবি “জয়মতী” আছিল যদিও এই ছবিখন বাণিজ্যিক ভাৱে সফল হোৱা নাছিল। অসমীয়া ছবিত সফলতাৰ ধাৰা বোৱাই অনা প্ৰথমখন ছবি হৈছে “ছিৰাজ”। এই ছবিখনৰ একে নাম তথা একে কাহিনীকেই লৈ ভূপেন হাজৰিকাই ১৯৮৮ চনত “ছিৰাজ” পৰিচালনা কৰে। প্ৰথমখন ছবি “ছিৰাজ”-এ মুক্তি লাভ কৰিছিল ১৯৪৮ চনত। বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখন চাবলৈ দূৰ দূৰণিৰ পৰা গাড়ী ভাৰা কৰি দৰ্শক আহিছিল বুলিও শুনিবলৈ পোৱা যায়।

বৰ্তমান পূৰণি “ছিৰাজ” ৰ প্ৰিন্ট পাবলৈ নাই। ছবিখন নিৰ্মাণত নাটনি হোৱা বাবে চন্দ্ৰধৰ গোস্বামীয়ে তেওঁৰ নিজ “নিপন” নামে জাহাজখন বিক্ৰী কৰি ২০ হাজাৰ টকা দিয়ে। “ছিৰাজ” ত এটা নিষ্পাপ প্ৰেমকাহিনীৰ দ্বাৰা তথাকথিত সমাজব্যৱস্থাৰ নিৰ্দয়তাৰ প্ৰকাশ কৰা হৈছে। সমাজখনে প্ৰত্যেকটো সময়তে কৰা জাতিভেদ নাইবা উচ্চ-নীচৰ সমীকৰণে প্ৰেমৰ নিষ্ঠুৰ অৱসান ঘটোৱা দেখুওৱা হৈছে চিনেমাখনত। “ছিৰাজ” ত “সাৱিত্ৰী” ৰ চৰিত্ৰটোৱে নিজ প্ৰেমক শ্ৰদ্ধা-ভক্তি কৰি অৱশেষত যেনেদৰে বিদায় ল’বলগীয়া হ’ল; তাতেই প্ৰতিফলিত কৰা হৈছে সমাজৰ কঠোৰতম নিয়মক। অৱশ্যে চিনেমাখনৰ শেষভাগ ঋণাত্মক নাছিল; সমাজ লগতে দৰ্শকক এটা ধনাত্মক বাৰ্তা প্ৰদান কৰিছিল।


এই ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা, ভৱ হাজৰিকা, চন্দ্ৰধৰ গোস্বামী , বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, অম্বিকা পাটোৱাৰী, সত্যেন শৰ্মা, হৰেন শৰ্মা, সুৰেন শৰ্মা, ভবেন দাস, চামচুল হুদা, শিৱ ভট্টাচাৰ্য্য, মোচলেহ উদ্দিন আহমেদ, তুলসী দাস, হিতেশ্বৰ মহন্ত, হৰেন ভট্টাচাৰ্য্য, বীৰেন বৰবৰা, নিৰূপমা, কল্পনা ভট্টাচাৰ্য, অনুপমা ভট্টাচাৰ্য, ৰাণী পাঠক, প্ৰীতিধাৰা, কিৰণবালা, অৱন্তী আৰু
মাইনীয়ে
Add comment