Rupaliparda.com
ডোনাল্ড ট্ৰাম্পে কৰিলে "দি দি এল জে" ও "শ্বোলে" ৰ প্ৰশংসাঃ 1

ডোনাল্ড ট্ৰাম্পে কৰিলে “দি দি এল জে” ও “শ্বোলে” ৰ প্ৰশংসাঃ

আমেৰিকা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প বৰ্তমান ব্যস্ত ভাৰত ভ্ৰমণত। সোমাবাৰে ৰাষ্ট্ৰপতি গৰাকীৰ লগতে তেওঁৰ জী-জোঁৱাইও আহি উপস্থিত হৈছে এহমদাৱাদত। ৰাষ্ট্ৰপতি গৰাকীৰ উপস্থিতিক কেন্দ্ৰ কৰিয়ে আয়োজিত “নমস্তে ট্ৰাম্প” অনুষ্ঠানৰ আদৰণি বক্তব্যত ডোনাল্ড ট্ৰাম্পে বলীউডৰ ছবিৰ প্ৰশংসা কৰে। “শ্বাহৰুখ-কাজল” তথা “অমিতাভ-ধৰ্মেন্দ্ৰ” অভিনীত বলীউড ছবি ক্ৰমে “দিলৱালে দুলহানিয়া লে যায়েংগে” ও “শ্বোলে” ছবি দুখন পৃথিৱীৰ সকলো ব্যক্তিৰে প্ৰিয় ছবি বুলি ট্ৰাম্পে কয়।

ডোনাল্ড ট্ৰাম্পে কৰিলে "দি দি এল জে" ও "শ্বোলে" ৰ প্ৰশংসাঃ 2


ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰপতি গৰাকীয়ে আয়ূসমান খুৰানা অভিনীত শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি “শুভ মংগল জ্যাদা সাৱধান” ৰো প্ৰশংসা কৰিছিল। উল্লেখ্য যে, বলীউডৰ সবাতোকৈ ৰোমান্টিক ছবি “দি দি এল জে” য়ে ইতিমধ্যে সম্পূৰ্ণ কৰিলে নিজ ১০০০ টা সপ্তাহ। আনহাতে, বৃহৎ ব্লকব্লাষ্টাৰ ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “শ্বোলে”। ছবিখনত ব্যৱহৃত সংলাপ বৰ্তমানেও জনসাধাৰণৰ মুখে মুখে জনপ্ৰিয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.