Rupaliparda.com
"এক টুকড়া ধূপ" ত এইবাৰ ঋতৃষাৰ কন্ঠঃ 1

“এক টুকড়া ধূপ” ত এইবাৰ ঋতৃষাৰ কন্ঠঃ

মুম্বাইস্থিত অসম জীয়ৰী ঋতৃষাই প্ৰায়ে তেওঁৰ ন-ন কনচেপ্টৰ দ্বাৰা শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। বলীউডৰ সংগীত ক্ষেত্ৰখনৰ সৈতেও কম-বেছি পৰিমাণে জড়িত হৈছে এইগৰাকী কন্ঠশিল্পী। বিগত বছৰে বলীউড ছবি “কৱীৰ সিং” ৰ এটি জনপ্ৰিয় গীত “পেহলা পেহলা প্যাৰ” ত নিজ কন্ঠ নিগৰাই শ্ৰোতাৰ পৰা ঋতৃষাই লাভ কৰিছিল বহুল সঁহাৰি। জনপ্ৰিয় গীতাৰিষ্ট চমু শীলৰ সৈতে লগ হৈ কোনো অন্য বাদ্যযন্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ উক্ত গীতটিত কন্ঠ নিগৰাইছিল কন্ঠশিল্পী ঋতৃষাই।

https://www.instagram.com/p/B89Ff-rgNRN/?utm_source=ig_web_copy_link


এনে পৰিপ্ৰেক্ষিততে, আকৌ এবাৰ এনে এক ন- প্ৰকল্পৰ সৈতে সাজু হৈছে ঋতৃষা। তাপসি পান্নুৰ আহিবলগীয়া ছবি “থপ্পড়” ত অন্তৰ্ভূক্ত “এক টুকড়া ধূপ” শীৰ্ষক গীতটিত এইবাৰ নিজ কন্ঠ দিছে ঋতৃষাই। ইতিমধ্যে গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰে লাভ কৰিছে মুক্তি। আজি ঋতৃষা শৰ্মাৰ ব্যক্তিগত ইউটিউব চেনেলত গীতটিক মুকলি কৰি দিয়া হ’ব বুলি চচিয়েল মিডিয়া যোগে জনাইছে কন্ঠশিল্পী গৰাকীয়ে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.