Rupaliparda.com
"থলাইবী" ত কংগনাৰ ফাৰ্ষ্ট লুক পোষ্টাৰে আচম্বিত কৰিছে দৰ্শককঃ 1

“থলাইবী” ত কংগনাৰ ফাৰ্ষ্ট লুক পোষ্টাৰে আচম্বিত কৰিছে দৰ্শককঃ

যেতিয়াৰ পৰা কংগনা ৰাণাওঁটৰ ছবি “থলাইবী” ৰ ঘোষণা কৰা হৈছে তেতিয়াৰ পৰা এই ছবিখনৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছে দৰ্শক বৃন্দ। পূৰ্ব মূখ্যমন্ত্ৰী জয়ললিতাৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেত্ৰী কংগনাই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈ পৰিছে। বৰ্তমান পূূৰ্ব মূখ্যমন্ত্ৰী জয়ললিতাৰ জন্মদিনৰ দিনাই এই ছবিখনত কংগনাৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে । পোষ্টাৰ খন প্ৰত্যক্ষ কৰি একাংশ দৰ্শক উৎসাহিত হোৱাৰ লগতে আচম্বিত হৈ পৰাও দেখিবলৈ পোৱা গৈছে।

"থলাইবী" ত কংগনাৰ ফাৰ্ষ্ট লুক পোষ্টাৰে আচম্বিত কৰিছে দৰ্শককঃ 2

কংগনাৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুক্তি পোৱাৰ পিছতেই ই চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জয়ললিতাৰ হুবহু ৰূপ পোৱা গৈছে কংগনাৰ তাত। উল্লেখ্য যে, এই ছবিখনৰ বাবে কংগনাই নিজৰ ওজনো বৃদ্ধি কৰি লৈছিল। ২৬ জুন তাৰিখে তিনিটা সংস্কৰণ অৰ্থাৎ হিন্দী, তামিল, তেলেগু ভাষাত মুক্তি লাভ কৰিব এই ছবিখন।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.