Rupaliparda.com
এগৰাকী পৰিচালকৰ লগতে এজন সুদক্ষ অভিনেতা বিশ্বজিৎ বৰাঃ 1

এগৰাকী পৰিচালকৰ লগতে এজন সুদক্ষ অভিনেতা বিশ্বজিৎ বৰাঃ

অসমীয়া ছবি পৰিচালক সমূহৰ ভিতৰত এগৰাকী জনপ্ৰিয় পৰিচালক হৈছে বিশ্বজিৎ বৰা। ফাৰ্ষ্ট কাৰ্বন নিউট্ৰেল মু্ভি “এইচা য়েহ জাহা” শীৰ্ষক বলীউড ছবিখনৰ দ্বাৰা পৰিচালকৰ কেৰিয়াৰ আৰম্ভ কৰা এইগৰাকী পৰিচালকে দুখনকৈ অসমীয়া ছবি “বহ্নিমান” তথা “ৰক্তবীজ” ৰ নিৰ্মাণ কৰি অসমীয়া ছবি জগতত নিজৰ স্থিতি মজবুত কৰে। এইটো বৰ্ষতে আকৌ এবাৰ এই গৰাকী পৰিচালকৰ দ্বাৰা নিৰ্মিত ছবি “লখিমী” য়ে লাভ কৰিব মুক্তি।

এগৰাকী পৰিচালকৰ লগতে এজন সুদক্ষ অভিনেতা বিশ্বজিৎ বৰাঃ 2


এগৰাকী পৰিচালকৰ সৈতে বিশ্বজিৎ বৰা এগৰাকী সুদক্ষ অভিনেতাও। তেওঁ কেইবাখনো থিয়েটাৰত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰে কেইবাখনো নাটৰ। গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা এইগৰাকী পৰিচালকে তেওঁৰ প্ৰথমখন হিন্দী ছবি “এইচা য়েহ জাহা” ৰ বাবে “চতূৰ্থ অৰুণাচল ফিল্ম সমাৰোহ” ত লাভ কৰে “শ্ৰেষ্ঠ ফিছাৰ ফিল্ম ২০০৭” ৰ বঁটা।

এগৰাকী পৰিচালকৰ লগতে এজন সুদক্ষ অভিনেতা বিশ্বজিৎ বৰাঃ 3
এগৰাকী পৰিচালকৰ লগতে এজন সুদক্ষ অভিনেতা বিশ্বজিৎ বৰাঃ 4


চলিত বৰ্ষৰে ২৪ এপ্ৰিলত তেওঁৰ শেহতীয়াকৈ নিৰ্মিত ছবি “লখিমী” য়ে লাভ কৰিব মুক্তি। ইতিমধ্যে উক্ত ছবিখনৰ দুটি গীত তথা টিজাৰে সমাদৰ লাভ কৰিছে দৰ্শকৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform