চিনেমাখনৰ প্ৰতিটো মূল চৰিত্ৰই ‘নায়ক-নায়িকা’৷ পিতা-পুত্ৰ-পুত্ৰীক লৈ এটা পৰিয়াল৷ পিতাৰ চৰিত্ৰটোত অভিনয় কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্য৷ দুই সন্তান– তপন দাস, মৃদুলা বৰুৱাক লৈ নিৰ্মাণ কৰিছে চৰিত্ৰ দুটা৷ সুখৰ নহয়, আৰ্থিক সমস্যাৰ মাজত কক্বকাই থকা পৰিয়াল৷ মাকৰ গহনা বন্ধকত থৈহে পিতৃৰ চিকিৎসা কৰে জীয়ৰীয়ে৷ পুত্ৰ হিচাবে তপন দাসে অভিনয় কৰা চৰিত্ৰটো শিক্ষিত কিন্তু নিবনুৱা৷ অন্যায় সহ্য কৰিব নোৱাৰে, সেইটোৱে তাৰ দোষ৷ –আন এটা পৰিয়ালৰ নিবনুৱা যুৱক এজন৷ সি কয়– ‘সংগীতৰ বাহিৰে মই আন কথা চিন্তা কৰিব নোৱাৰো৷’ গীত লিখে, সুৰ দিয়ে৷ পুৱা দেৰিলৈকে বিছনা নেৰে, বিছনাত পৰি পৰিয়ে বৌৱেকৰ গালি শুনি থাকে৷ চৰিত্ৰটো নিৰ্মাণ কৰিছে প্ৰাঞ্জল শইকীয়াক লৈ৷– নিবনুৱা হৈ নাথাকি ‘কাম’ৰ পিছে পিছে দৌৰা আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সঞ্জীৱ হাজৰিকাক লৈ৷ তেনেদৰে বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, পূৰৱী শৰ্মা, মিৰেল কুদ্দুছক লৈ নিৰ্মাণ কৰিছে আন চাৰিটা চৰিত্ৰ৷ –এই চৰিত্ৰকেইটাক পৰিচালক মুনিন বৰুৱাই লৈ আহে এটা সংঘলৈ৷ সংঘটো হৈ পৰে দেশৰ প্ৰতীক৷ ‘চৰিত্ৰ’কেইটাই সংঘটো সুন্দৰভাৱে গঢ়িব খোজে, অৰ্থাৎ সুন্দৰ দেশ নিৰ্মাণ কৰিব খোজে৷ সংঘটো ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰে ৰাজনৈতিক নেতা, দালাল ইত্যাদিয়ে৷ নেতা, দালালসকলেই যেন দেশৰ ‘সমস্যা’৷ গঢ়িব নাজানে, ভাঙিব জানে৷ চিনেমাখনৰ শেষত সংঘটো ভঙাত ব্যৰ্থ হয় নেতা-দালাল…৷ চিনেমাখন শেষ কৰে অসমীয়াতে কোৱা ‘we shall Over come…’ গীতটোৰে, যিটো গীত জড়িত নাগৰিক অধিকাৰ আন্দোলনৰ সৈতে৷ এই গীতটোৰ ব্যৱহাৰ অৰ্থৱহ৷ ‘নিবনুৱা সমস্যা’ স্পষ্ট হৈ পৰা এই চিনেমাখনৰ নাম– ‘প্ৰভাতী পখীৰ গান’৷ চিত্ৰগৃহলৈ আহিছিল ২৭ মাৰ্চ, ১৯৯২ চনত৷ সন্দেহ নৰখাকৈ ক’ব পাৰি– ‘প্ৰভাতী পখীৰ গান’ পৰিচালক মুনিন বৰুৱাৰ শ্ৰেষ্ঠ ‘চিনেকৰ্ম’৷ আজিও চিনেমাখন দিগদাৰ ‘অনুভৱ’ নকৰাকৈ চাব পাৰি৷– চিনেমাখনৰ চুই যোৱা প্ৰথম দিশটো স্বাভাৱিকতে পৰিচালনা শৈলী আৰু বিষয়বস্তু৷ চমক ‘বিষয়বস্তু’ৰ বিন্যাস আৰু অভিনয়৷ প্ৰতিটো ‘চৰিত্ৰ’ৰে স্বাভাৱিক অভিনয়৷ ‘কম ফুটেজ’ত অৰুণ নাথক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ চৰিত্ৰটোৰ মুখত দিয়া এটা সংলাপ আছিল– “সততে ৩০ টকা ফিজ লোৱা ডাক্তৰজনে অসময়ত চিকিৎসা কৰিবলৈ যদি ১০০ টকা লয়, সেই চিকিৎসকজন ব্লেকাৰ নে আগতে গৈ টিকট কাটি ‘সময়’ত চিনেমা চাবলৈ যোৱাজনৰ পৰা কেইটামান টকা বেছিকৈ লোৱা ‘চৰিত্ৰ’টো ব্লেকাৰ?” [হুবহু সংলাপটো মনলৈ আনিব পৰা নাই৷]– হয়, অৰুণ নাথে অভিনয় কৰা ‘চৰিত্ৰ’টো ব্লেকাৰৰ৷ নিশা মাতাল হৈ ক্ষোভ উজাৰে৷ –চিনেমাখনত পৰিচালকে দুটা প্ৰেমৰ ‘কাহিনী’ ৰচনা কৰিছে, তপন দাস-পূৰৱী শর্মা, মৃদুলা বৰুৱা-সঞ্জীৱ হাজৰিকাক লৈ৷ ৰচনা কৰিছে- অসমীয়া সংস্কৃতিৰ দুৰ্দশাৰ ছবিখনো৷ অসমীয়া সংস্কৃতি চৰ্চা কৰাজনৰ স্থান কাৰোবাৰ শ্ৰাদ্ধত৷ জীয়াই থকাজনৰ বাবে নহয়, মৃতজনৰ আত্মাৰ বাবেহে যেতিয়া অসমীয়া শিল্পীয়ে ‘গীত’ গোৱাৰ পৰিৱেশ হয়, তেতিয়া ক্ষোভ প্ৰকাশ নহ’ব নে? – ক্ষোভ প্ৰকাশ হয় বিদ্যুৎ চক্ৰৱৰ্তীক লৈ নিৰ্মাণ কৰা ‘চৰিত্ৰ’টোৰ মুখেৰে৷ ‘চৰিত্ৰ’টোৰ দেউতাকে গোটেই জীৱন ‘অসমীয়া সংস্কৃতি’ চৰ্চা কৰি কি পালে? শৰাই-গামোচা৷ ‘চৰিত্ৰ’টোৱে ক্ষোভেৰে কয়– ‘সেই গামোচা শিল্পীৰ পেটত বান্ধিবলৈহে৷ পৰিচালকে এটা বুদ্ধিদীপ্ত ছিকুৱেন্স ৰচনা কৰিছে–‘চৰিত্ৰ’টোৱে ঢোল বজাইছে, ‘চৰিত্ৰ’টোৰ শিল্পী দেউতাকে গামোচাৰে তৈয়াৰ কৰা দীঘল ‘সাঁকো’ এখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছে৷ ‘সাঁকো’ ভাঙি শিল্পীগৰাকী মাটিত পৰে, আৰু ভিতৰৰ পৰা ভাঁহি আহে কান্দোন– ‘শিল্পী’ৰ মৃত্যু৷ – সুন্দৰ ছিকুৱেন্স, সুন্দৰ চিনেমা৷
You may also like
মজ’লী | চিনেচৰ্চা–উৎপল মেনা
“মজ’লী” চালোঁ (International Guwahati film fastival 2024 -ত)। এই অসমীয়া চিনেমা খনৰ লেখক-পৰিচালক নৱজ্যোতি বৰা। পৰিচালকৰ প্ৰথম স্বাধীন পৰিচালনা (feature cinema)। প্ৰথম পৰিচালতে পৰিচালকে পৰিপাটি চৰিত্ৰ...
|| সুন্দৰপুৰ কেঅছ / চিনেচৰ্চা || –উৎপল মেনা
কেমেৰাৰ ফ্ৰেমত সত্ৰাধিকাৰ, কিংকৰ। কেমেৰা-ছাবজেক্ট মুভমেণ্ট। সত্ৰাধিকাৰ: কৰ্মক্ষেত্ৰ মনেই কুৰুক্ষেত্ৰ। ইয়াত ভাগে ভাগে কোনোবাই কৌৰৱ পক্ষত থিয় হ’ব কোনোবাই পাণ্ডৱ। কৃষ্ণ কিন্তু এজনেই। প্ৰায়বিলাক তেওঁৰেই সৃষ্টিৰ জ্ঞান...
বিশিষ্ট চিত্ৰ সমালোচক উৎপল দত্ত আৰু বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হ’ল ‘ৰূপকাৰ বঁটা’
যোৱা ৫ জানুৱাৰীত মহানগৰীৰ পূৱ-শৰণীয়াস্থিত পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভ চৌহদত অনুষ্ঠিত এক অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক, লেখক তথা ৰূপকাৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত প্ৰদান কৰা...
বৰলুইত প্ৰডাকচনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ডিফলু’ৰ শুভাৰম্ভণি
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত বৰলুইত প্ৰডাকচনে এইবাৰ নিৰ্মাণ কৰিব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি...
জয় হনুমেন/ চিনেচৰ্চা –উৎপল মেনা
“জয় হনুমেন” চিনেমা খনৰ এটা সংলাপ– “ভুল দেখিও মনে মনে থকাটো এটা শব্দহীন পাপ।” চিনেমাৰ ভাষাৰ পৰিপাটি ব্যৱহাৰৰ মাজত মগজু চুই যোৱা, মনত ৰৈ যোৱা সাহিত্যৰ ভাষা (শব্দ)। এনে ধৰণৰ আৰু কেইবাটাও...
Add comment