“জয় হনুমেন” চিনেমা খনৰ এটা সংলাপ– “ভুল দেখিও মনে মনে থকাটো এটা শব্দহীন পাপ।” চিনেমাৰ ভাষাৰ পৰিপাটি ব্যৱহাৰৰ মাজত মগজু চুই যোৱা, মনত ৰৈ যোৱা সাহিত্যৰ ভাষা (শব্দ)। এনে ধৰণৰ আৰু কেইবাটাও মেডহীন, ভাল লগা, ৰূপালী গল্পটোক গতি দিয়া সংলাপ ব্যৱহাৰ হৈছে। চিনেমা খনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া, অধিৰাজ কাশ্যপৰ। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। প্ৰথম কথা– হিমাংশু বিশেষ বৃত্তত বন্দী পৰিচালক নহয়। গল্প কোৱাৰ শৈলী, বিষয় বস্তু, কাহিনীত “নতুন চিনে-চিন্তা” স্পষ্ট।শেহতীয়া এই চিনে-চিন্তাৰ নায়ক বিশ্ববিদ্যালয়য এজন ছাত্ৰ। ছাত্ৰ জনৰ স্বাভাৱিকতে এটা নাম আছে; বিশ্ববিদ্যালয়ত “বিখ্যাত” হনুমান (চৰিত্ৰটো নিৰ্মাণ কৰিছে সিদ্ধাৰ্থ বড়োক লৈ) নামেৰে। ভাওনাত কেইবাবাৰো হনুমানৰ ভাও লোৱা বাবে এই নাম। বিশ্ববিদ্যালয়ৰ আন এগৰাকী ছাত্ৰ– জে কে। জে কেৰ চলনাত পৰি হনুমান ৰূপান্তৰ হয় হনুমেনলৈ। হনুমানৰ পৰা হনুমেনলৈ ৰূপান্তৰৰ “নাটক” প্ৰথম অৱস্থাত বাস্তৱ যেন লগা নাছিল, কাহিনীৰ গতিত “নাটকীয় ছিকুৱেন্স”টো বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ পাহৰা নাই চিত্ৰনাট্যকাৰ, পৰিচালকে। পৰিচালকে “সমাজৰ ছবি” পৰ্দালৈ আনিছে মূল বিন্দুৰ গতিত নিৰ্মাণ হোৱা কাহিনীৰ মাজেৰে।
–কাহিনীৰ গতিত স্পষ্ট হয় “জয় হনুমেন”ক বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা লৈ যোৱা হয় ৰাজনৈতিক চিনেমালৈ।
–হয়, political drama cinema “জয় হনুমেন”। ৰাজনৈতিক “বিশেষ চকী”ৰ বাবে নেতা এগৰাকী যি কোনো পৰ্যায়লৈ যাব পাৰে! “সন্ত্ৰাসবাদী”ৰ জন্ম দিব পাৰে, “সন্ত্ৰাসবাদী”ক হত্যা কৰাব পাৰে, ৰাজনৈতিক উত্তৰণৰ বাবে “সন্ত্ৰাসবাদী”ক ব্যৱহাৰ কৰিব পাৰে! ৰাজনৈতিক কেৰিয়াৰৰ বাবে ধৰ্ষণকাৰীক সুৰক্ষা দিব পাৰে, এনকাউন্টাৰ কৰাব পাৰে, নিৰিহক ধৰ্ষণকাৰী সজোৱাব পাৰে! শব্দহীন পাপ কৰিব নোৱাৰে “হনুমান”, জে কে (চৰিত্ৰটো নিৰ্মাণ কৰিছে জয় কাশ্যপক লৈ।), ৰিয়াই (চৰিত্ৰটো নিৰ্মাণ কৰিছে অমৃতা গগৈক লৈ)। দেখা ভুলৰ বিৰূদ্ধে বিদ্ৰোহ কৰে, সফল হয়। কাহিনীৰ শেষ বিন্দুত দেখা যায়– বিপদত পৰে (ৰাৱনৰ হাতত!) হনুমেন। হনুমেনক সহায় কৰিবলৈ ৰাম নাহিল। আহিল সাধাৰণ জনতা। কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰে আগবঢ়াই নিয়া চিনেমা খনৰ গতি, শব্দ, চৰিত্ৰ নিৰ্মাণ পৰিপাটি। –চৰিত্ৰ কম ফুটেজত বিন্যাস কৰিছে, কাহিনীৰ অংগ কৰিছে; কিন্তু কেইবাটাও “চৰিত্ৰ”ই দৰ্শকক চুব পৰা নাই জড় অভিনয় (inert acting) -ৰ বাবে। মূল চৰিত্ৰত সিদ্ধাৰ্থ বড়োক নিৰ্বাচন পৰিচালকৰ শুদ্ধ সিদ্ধান্ত আছিল বুলি পৰিচালকে আমাক পতিয়ন নিয়াব পৰা নাই। এই “ভুল সিদ্ধান্ত” চিনেমা খনৰ নেতিবাচক দিশ। “অভিনয় শক্তি”ৰে ৰূপালী গল্পটোৰ “নায়ক”হৈ থাকিল জয় কাশ্যপ।
–হয়, সাহিত্যৰ ভাষাৰে, কেমেৰাৰ পৰিচালকে স্পষ্ট কৰিছে “নায়ক”ৰ মনৰ শক্তি; কিন্তু তেনে “ইমেজে”ৰে “নায়ক”ক বান্ধিব পৰা নাই। আমাৰ ধাৰণাত পৰিচালকে “নায়ক” নিৰ্বাচনৰ লগতে ভুল কৰিলে চিনেমা খনৰ নাম নিৰ্বাচনত। (প্ৰচাৰ ধৰ্মী চৰ্চা– superman, spider-man -তকৈ শক্তিশালী হনুমেন! এই “প্ৰচাৰ” মনত ৰাখি ক’ব লাগিব– চৰিত্ৰটো নিৰ্মাণত ব্যৰ্থ পৰিচালক। এই প্ৰচাৰে “দৰ্শক”ক চিনেমা খন চোৱাৰ পূৰ্বে এটা ইমেজ নিৰ্মাণৰ বাট দিছিল। দৰ্শকে “ইমেজ”ৰ হনুমেনক নাপালে। আৰু কাহিনী? “…-man image”ৰ পালে জানো, দৰ্শক, কাল্পনিক কমিক চৰিত্ৰ দুটাৰ দৰে! “প্ৰচাৰ” দিয়া “ইমেজ”ৰ বিপৰীতে “জয় হনুমেন” এখন (realistic political cinema) বাস্তৱিক ৰাজনৈতিক চিনেমা, ভাল চিনেমা।)
Add comment