Rupaliparda.com
Dinabandhu | Rupaliparda.com

|| অসমীয়া চিনেমা : দীনবন্ধু ||– উৎপল মেনা

মিড শ্বট৷ …কেমেৰা স্থিৰ৷ ফ্ৰেমত দীনবন্ধু দাস আৰু বিপুল৷ ছবিখনৰ এই ছিকুৱেন্সটোতেই প্ৰকাশ পাইছে দীনবন্ধুৰ উপলব্ধি৷ দীনবন্ধুৱে বিপুলৰ সন্মুখতে উন্মুক্ত কৰি দিছে মনৰ মাজত হাহাকাৰ লগাই থকা উপলব্ধিখিনি : তুমিতো দেখিয়েই আছা ৰাণীক মই কেনেকৈ উলিয়াই দিলোঁ৷ কিন্তু এইক, বাণীক মই কেনেকৈ গতাওঁ? এতিয়াও মই ভাবো জানা, ৰাণীৰ দৰে তাইৰো কপালৰ সোঁমাজত এটা ৰঙা ফোঁট থাকিব৷ ডিঙি, হাত, কাণ সকলোতে সোণৰ অলংকাৰৰ মাজৰ পৰা বাখৰবোৰে তিৰবিৰাই থাকিব৷ এসময়ত তাই মোক সেৱা কৰিবলৈ আহি মোৰ ভৰিতে বাগৰি পৰিব আৰু মই তাইৰ বিয়া বুলি লোৱা নতুন পাঞ্জাৱী চোলাটোৰ আস্তিনত চকুপানী মচিম৷ জানা বিপুল৷ মোৰ নিজৰ বিয়াৰ বেণ্ডপাৰ্টীৰ সুৰটোৰ কথা মনত পৰিলে আজি এনেকুৱা লাগে যেন মোৰ জীৱনটোৰ ছালখন চেলাই তাৰে মানুহবোৰে এটা ঢোল সাজিলে আৰু অতি নিষ্ঠুৰ হাতেৰে দিনে-নিশাই ঢোলটো বজাই থাকিল৷ …মোৰ আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱে কাগজেৰে মেৰিয়াই ১৫ খন শৰাই মোক উপহাৰ দিছিল৷ কিন্তু সেই শৰাইৰে মই দুৰ্ভাগ্যৰ বাহিৰে একোকে আদৰিব নোৱাৰিলোঁ৷ …থিয়েটাৰ৷ গান-বাজনা, ঢোল-দগৰ, ৰসগোল্লা, মিঠাইৰ থিয়েটাৰ বিপুল৷ …এনেকুৱা এখন থিয়েটাৰ আকৌ নাপাতিলে নহয়নে? বিপুলৰ সৈতে দীনবন্ধুৰ সৰু জীয়ৰী বাণীৰ মনৰ মিল হৈছে৷ ডাঙৰ জীয়ৰী ৰাণীৰ দৰে বাণীক এঘৰলৈ উলিয়াই দিয়া, ধাৰ কৰি হ’লেও নিজৰ বিয়াখন ধুমধামেৰে পতা দীনবন্ধুৰ বাণীক যৌতুক হিচাপে দিবলৈ একোৱেই নাই– ‘‘আজি আৰু তাইৰ যৌতুকত দিবলৈ মোৰ আশীৰ্বাদৰ বাহিৰে একো নাই৷ কিন্তু মোৰ আশীৰ্বাদৰো কোনো মূল্য নাই৷ মূল্য আছে তোমালোকে ইটোৱে সিটোক দিয়া আশীৰ্বাদ৷’’ বাণীক পলুৱাই নিবলৈ দীনবন্ধুৱে বিপুলক উপদেশ দিয়ে– ‘‘এদিন তাইক ফুৰিবলৈ যোৱাৰ দৰে, ফাংচনলৈ যোৱাৰ দৰে ওলাই আহিবলৈ ক’বা৷ তাৰ পিছত সুন্দৰ দীঘলীয়া বাটেদি দুয়ো গৈ থাকিবা৷ হুলস্থূল কৰি বাটটোৰ শান্তি নষ্ট নকৰিবা৷ …মোক জীৱনৰ একমাত্ৰ আৰু শেষ ফাঁকিটো দিবলৈ সুবিধা দিয়া৷ মই যেন তোমালোকৰ বিয়াখন পাতিবলৈ সুবিধাই নাপালোঁ৷ মোক তেনে এটা অৱস্থাত এৰি থৈ যোৱা৷’’ হৃদয়স্পৰ্শী সংলাপ, সুপৰিকল্পিত ‘ট্ৰিটমেণ্ট’ৰ এই ছবিখনত দীনবন্ধুৰ সুখ-দুখ দেখুওৱা হৈছে বাণীৰ দৃষ্টিৰে৷ নিজৰ মনত হাহাকাৰ লগাই থকা অৱস্থাটোৰে দীনবন্ধুৱে যৌতুক নামৰ এটা গল্প লিখিছিল৷ গল্পটো কপি কৰাৰ দায়িত্ব দিছিল বাণীক৷ মাজে মাজে ব্যৱহাৰ কৰা অপূৰ্ব ‘ফ্লেছবেক’ৰ সহায়ত ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে৷ ছবিখনৰ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই মসৃণ গতিত কাহিনীভাগ আগবঢ়াই নিছে৷ ছবিখনৰ নাম ‘দীনবন্ধু’৷ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ নাটক ‘দীনবন্ধু’ৰ চিত্ৰৰূপ৷ নাটকখনৰ কাহিনীভাগ লৈছিল নিজৰে গল্প ‘যৌতুক’ৰ পৰা৷ গল্পৰ পৰা নাটক, নাটকৰ পৰা ছবিৰ ৰূপ পাওঁতে কাহিনীভাগৰ কিছু পৰিৱৰ্তন হৈছে, বিন্যাস হৈছে৷ কিন্তু এই পৰিৱৰ্তন বা বিন্যাসে বিষয়বস্তুৰ সৌন্দৰ্য হ্ৰাস কৰা নাই৷ গল্পটোৰ সৌন্দৰ্য ধৰি ৰাখিছে ড॰ শইকীয়াৰ হৃদয়স্পৰ্শী সংলাপে৷ ‘চিনে পণ্ডিত’সকলৰ মতে সংলাপ ছবিৰ প্ৰধান অলংকাৰ৷’ –সন্দেহ নাই সংলাপৰ সুদক্ষ ‘সোণাৰি’ ড॰ শইকীয়াই পৰিচালক মুনিন বৰুৱাক নিখুঁত অলংকাৰ দি থৈ গৈছে৷ দ্বিতীয়বাৰৰ বাবে ছবিখনৰ দৰ্শক হৈ অনুভৱ কৰিছোঁ ‘ট্ৰিটমেণ্ট’ আৰু অভিনয়ত ৰৈ যোৱা বহুকেইটা খুঁত সংলাপে ঢাকি ৰাখিছে৷ প্ৰখ্যাত ৰুছ পৰিচালক আইজেনষ্টাইনে ছবিৰ কাহিনীৰ প্ৰসংগত কৈছিল– ‘‘কাহিনী হৈছে চিনেমাৰ শৰীৰ৷ শৰীৰটোক প্ৰাণ দিয়ে পৰিচালকে৷ কেমেৰাৰ ভাষা, শ্বট নিৰ্বাচন, শ্বটৰ গাণিতিক প্ৰয়োগত পৰিচালকৰ কিমান দক্ষ তাৰ ওপৰতহে নিৰ্ভৰ কৰে চিনেমাৰ সৌন্দৰ্য৷’’ গতিকে ক’ব পাৰি কাহিনীতকৈ গুৰুত্বপূৰ্ণ পৰিচালকৰ কাম৷ ‘দীনবন্ধু’ৰ পৰিচালক মুনিন বৰুৱাৰ কামত দক্ষ পৰিচালকৰ উপস্থিতি স্পষ্ট৷ ‘ক্ল’জ-আপে’ ছবিখনৰ গতিত আউল লগোৱা নাই, শ্বটৰ গাণিতিক ব্যৱহাৰত ভুল হোৱা নাই৷ কেমেৰাৰ ভাষাও অৰ্থৱহভাৱে ব্যৱহাৰ কৰিছে৷ এটা উদাহৰণ– ‘ফ্ৰেম’ত দীনবন্ধু আৰু বাণী৷ দীনবন্ধু : এসময়ত ভাবিছিলোঁ জিদ, অহংকাৰ, দম্ভ এইবোৰ নিজৰ সম্পত্তি; এইবোৰ নাথাকিলে মানুহ দুৰ্বল হয়৷ কিন্তু মোৰ নিচিনা মানুহৰ গাত এইবোৰ বস্তুৱে শোভা নাপায়৷ …বাণীৰ মৰমৰ সন্মান ৰাখিবলৈ মই বলিয়া হৈ গৈছিলোঁ৷ …এতিয়া মই ইমান খালী হৈ গ’লো, তোক মই পঠিয়াও কেনেকৈ? দীনবন্ধুক চিন্তাৰ পৰা মুক্ত কৰি দিয়াৰ কথা বাণীয়ে চিন্তা কৰে৷ …লং শ্বট৷ ফ্ৰেমত বাণী, বাণীৰ প্ৰেমিক বিপুল, এটা ৰেল লাইনত৷ বাণী : আমাৰ বিয়াখনৰ বাবে টকা গোটাইছিলা নেকি? …এইখিনি গোটাবলৈ তুমি ছাগে বহুত চখ বাদ দিছা, বিয়াৰ পিছত সেইবোৰ উভতি অহাৰ বাট থাকিবনে? দেউতাই কৈছে তেওঁৰতো চখ বাদ দিওঁতেই গ’ল৷ এতিয়া বোলে এতিয়া এটাহে চখ আছেগৈ৷ আমাৰ বিয়াখন নেদেখাৰ চখ৷ বিপুল : তোমাৰ কইনাৰ সাজ পিন্ধি উৰুলিৰ মাত, বেণ্ডপাৰ্টীৰ মাত শুনাৰ চখ আছে নেকি? বাণী : নাই৷ বিপুল : তেনেহ’লে সেয়ে হওক৷ আমি আৰু এখন থিয়েটাৰ নাপাতো দিয়া৷ দেখা যায়– ‘নাপাতো দিয়া’ বুলি কৈয়েই ৰেল লাইনটোৰ পৰা বিপুল ওলাই আহে৷ পিছে পিছে বাণী৷ কেমেৰাৰ ভাষাৰেই পৰিচালকে বুজাই দিলে যে বিবাহ নামৰ ট্ৰেকটোৰ পৰা সিহঁতে ফালৰি কাটিলে৷ নিঃসন্দেহে এটা বুদ্ধিদীপ্ত শ্বট৷ কিন্তু শ্বটটোৱে পূৰ্ণতা নাপালে৷ পূৰ্ণতা পালেহেঁতেন যদিহে ৰেললাইনৰ ওপৰত বিপুল-বাণীক আৰু দুবাৰমান (উল্লিখিত ছিকুৱেন্সটোৰ পূৰ্বে) ধৰি ৰাখিলেহেঁতেন৷ ছবিখনত দীনবন্ধু দাস নামৰ কেৰাণীজন, ৰাণী-বাণী নামৰ গাভৰু দুগৰাকীৰ পিতৃজনৰ সুখ-দুখো পৰ্দাত প্ৰতিফলিত কেইটামান ক্ল’জ শ্বটৰ সহায়ত৷ কেমেৰাৰ ভাষাৰ অপূৰ্ব প্ৰয়োগ হৈছে দীনবন্ধুৰ ডাঙৰ জীয়ৰী ৰাণীৰ বিয়াত যৌতুক দিবলৈ সাজু হোৱাৰ পাছৰ কেইটামান ছিকুৱেন্সতো৷ পৰিচালকে কেমেৰাৰ ভাষাৰে সময়ৰ গতিও বুজাইছে৷ সময় আগবঢ়াই নিছে প্ৰকৃতিৰ ওপৰত কেমেৰা পেন কৰি৷ ইয়াৰে ক্ল’জ শ্বটকেইটাৰ সৌন্দৰ্য বঢ়াইছে দীনবন্ধুৰ চৰিত্ৰত অভিনয় কৰা তপন দাসৰ মাৰ্জিত অভিনয়ে৷ অভিনেতাগৰাকীক তিনিটা ‘গেট-আপ’ত দেখা গৈছে৷ ‘গেট-আপ’ তিনিটাত অভিনয়ৰ ভিন্নতা স্পষ্ট৷ ‘চিনে পণ্ডিত’সকলৰ মতে, সংলাপৰ লগতে ছবিৰ সৌন্দৰ্য বঢ়োৱা অলংকাৰ হৈছে অভিনয় আৰু সংগীত৷ তপন দাসৰ লগতে ‘দীনবন্ধু’ৰ সৌন্দৰ্য বঢ়াইছে বাণীৰ চৰিত্ৰত অভিনয় কৰা নিশিতা গোস্বামীৰ মুক্ত অভিনয়ে৷ অৰুণ নাথ, প্ৰস্তুতি পৰাশৰ, ভাস্কৰ বৰা, গায়ত্ৰী মহন্তৰ অভিনয় স্বাভাৱিক৷ ড॰ ভবেন্দ্ৰনাথ শইকীয়াই সংলাপৰ লগতে গীতি-সাহিত্যও ৰচনা কৰি থৈ গৈছে৷ জুবিন গাৰ্গে সুৰেৰে সজোৱা ‘ক’ৰ এজাক সপোন যেন বৰষুণ, ধূলিৰ ওৰণি ঠেলি ভাঁহি আহে, কোমল মাটিৰ গুণ গুণ…’ গীতটোৱে দীনবন্ধুৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে ছবিখনক দৰ্শকৰ ওচৰলৈ চপাই নিয়াতো সহায় কৰিছে৷ আৱহ সংগীতে পৰিৱেশ সৃষ্টিত বিশেষ সহায় কৰিব পৰা নাই৷ অনুভৱ হয় সংগীত পৰিচালক জুবিন গাৰ্গে ছবিখনৰ কেমেৰাৰ ভাষা অধ্যয়ন কৰা নাই৷ আৱহ সংগীতৰ দৈন্য ৰূপটোৰ বাবে অৱশ্যেই দোষাৰোপ কৰিব লাগিব ছবিখনৰ পৰিচালকক৷ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পৰিচালক মুনিন বৰুৱাই আৱহ সংগীতৰ নামত সময় খৰচ কৰিছিলনে? (প্ৰসংগক্ৰমে সাংবাদিকে সুদক্ষ ছবি পৰিচালক প্ৰকাশ ঝাক সুধিছিল– ‘‘ছবি এখনৰ কোনটো দিশত আপুনি বেছি সময় খৰচ কৰে?’’ পৰিচালকগৰাকীৰ স্পষ্ট উত্তৰ– ‘‘আৱহ সংগীতত৷’’) মই ভাবোঁ আৱহ সংগীতে কেমেৰাৰ ভাষাত প্ৰাণ দিয়ে৷ শেষত এজনক প্ৰশংসা নকৰিলে এই আলোচনা আধৰুৱা হৈ ৰ’ব– চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাক৷ ছবিৰ পৰিচালকে ছিকুৱেন্সৰ চিন্তা-চৰ্চাহে কৰে৷ ছিকুৱেন্স নিৰ্মাণ কৰে চিত্ৰগ্ৰহণকাৰীয়ে৷ ছবি পৰিচালকৰ মাধ্যম৷ পৰিচালকৰ চিন্তাশক্তিৰ ওপৰতে নিৰ্ভৰ কৰে ছবিৰ স্তৰ, গভীৰতা৷ কিন্তু পৰিচালকৰ পক্ষে চিন্তাক কাৰ্যত পৰিণত কৰা সম্ভৱ নহয়, যদিহে প্ৰতিটো পদক্ষেপতে প্ৰযোজকৰ সমৰ্থন নাথাকে৷ যদিহে পৰিচালক-প্ৰযোজকে আঁকি দিয়া বৃত্তৰ ভিতৰত থাকি কাম কৰিবলৈ বাধ্য হয়৷ ‘ছিৰিয়াছ’ ছবিৰ (যিবোৰ ছবিত পৰিচালকৰ চিন্তাই গুৰুত্ব পায়৷ পৰিচালকে দৰ্শকৰ চিন্তাৰ সৈতে ‘কম্প্ৰ’মাইজ’ নকৰে৷ এই ব্যাখ্যা – ছবিৰ আলোচক সবিতা গেহলটৰ] ক্ষেত্ৰত পৰিচালকসকলে সততে প্ৰযোজকৰ সমৰ্থন নাপাই বৃত্তৰ ভিতৰত থাকি কাম কৰিব লগা হয়৷ ‘ছবিৰ বিষয়’ শীৰ্ষক ৰচনা এখনত প্ৰখ্যাত ছবি পৰিচালক বুদ্ধদেৱ দাশগুপ্তই লিখিছে– ‘‘এজন সচেতন পৰিচালকৰ ডাঙৰ সমস্যাটো হ’ল টকা৷’’ আমি ভাবোঁ প্ৰযোজক কৃষ্ণ ৰয়ে ‘দীনবন্ধু’ৰ পৰিচালকক টকাৰ সমস্যাটো অনুভৱ কৰিবলৈ দিয়া নাই৷ আমি জনাত আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক ছবিখন প্ৰযোজনা কৰিবলৈ তাগিদা দিছে ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ সৈতে থকা সম্পৰ্ক আৰু শ্ৰদ্ধাই৷ কেৱল সম্পৰ্ক আৰু শ্ৰদ্ধাৰ বাবেই ব্যৱসায়িক অংকৰ পৰা আঁতৰত থাকি ছবিখন নিৰ্মাণৰ দায়িত্ব লোৱাৰ বাবে কৃষ্ণ ৰয়ক ধন্যবাদ নজনামনে? ধন্যবাদ কৃষ্ণ ৰয়।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform