ৰহা (Raha,) লৈ নহয়, ৰোহা (Roha) লৈ গৈছিলো। মহাৰাষ্ট্রৰ ৰায়গড় জিলাৰ এখন চহৰ ৰোহা। মুম্বাইৰ পৰা ১২০ কিলোমিটাৰ দক্ষিণ-পূৱত চহৰ খন। এই চহৰ খনতে কোঙ্কন ৰেলেৱে আৰম্ভ, চেণ্ট্ৰেল ৰেলেৱেৰ শেষ সীমা। চহৰ খন কুণ্ডলিকা (Kundalika) নদীৰ পাৰত, কলাছগিৰি (Kalasgiri) পাহাৰৰ মাজত। মুম্বাইৰ পৰা ৰেলেৰে ৩ ঘণ্টা ৩৪ মিনিটৰ বাট। আমি ৰেলেৰে গৈ নিৰ্দিষ্ট সময়ত ৰোহা পাইছিলো ১৯৯৫ চনৰ মাৰ্চ মাহৰ এটা দিনত। আমি বাট বিচাৰিছিলো।
মই এজনক কৈছিলো– ‘মুম্বাইৰ পৰা আহিছো।’
মাৰাঠি ভাষাত মোক কৈছিল–‘তুমি মাৰাঠি নাজানা!’
মই কৈছিলো–‘নজানো। মই অসমৰ। মই অসমীয়া।’
এইবাৰ হিন্দী ভাষাত কৈছিল–‘অসমীয়া! তেনেহ’লে দিল হুম হুম গোৱা’।
–অদ্ভুত কথা! মই অপ্ৰস্তুত হৈছিলো।
‘মই গীত গোৱা মনুহ নহয়।’
‘ময়ো জানো তুমি গায়ক নহয়। ময়ো নহয়।’বুলি দিল হুম হুম গালে, ‘সুৰ’ত থাকি। আৰু ক’লে ‘তুমি অসমীয়া নহয়। হ’লে ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰিলা হয়, গৌৰৱ কৰিবলৈ ভূপেন হাজৰিকাৰ গীত শিকিলা হয়!’
— সেই দিনা ‘অসমীয়া হব নোৱাৰা’ৰ লাজে আজিও মাজে মাজে লাজ দিয়ে। আৰু এবাৰ, ৰোহাৰ বিশাল ঘাট্নে নামৰ সেই সংগীত ৰসিক গৰাকীয়ে আৰু এবাৰ লাজ দিলে যোৱা ২০ ছেপ্তেম্বৰ, ২০২১ত।
প্ৰথমবাৰ লগ পোৱাৰ পিছত বিশাল ঘাট্নেৰ সৈতে আমাৰ বন্ধুত্ব ক্ৰমে ওচৰ হৈছিল। মাৰাঠি কাকত-আলোচনীৰ ‘সংগীত বিশ্লেষক’ বিশালে ‘ভূপেন হাজৰিকা’ কেন্দ্ৰীক কেইবাটাও লেখা লিখিছে। যোৱা ২০ ছেপ্তেম্বৰত কথা প্ৰসংগত ক’লো– ভূপেনদাৰ এটা গীত ‘ৰবীন্দ্ৰ সংগীত’ৰ মাজত সমোৱা হৈছে। এই প্ৰসঙ্গত চৰ্চা অনুভৱ কৰিছো। মোৰ কথাই বিশালক হহুৱালে। ক’লে–‘নতুন নহয়। এই প্ৰসঙ্গত মই লিখিছো, এবছৰ মানেই হ’ল। আৰু এটা গীত নহয়, কেইবাটাও।’ আৰু কিছু সময় পিছতে এটা ‘লিংক’ দিলে। হয়, এটা নহয়, ৪৫টা। গীত ৪৫টাৰ মাজত আছে– ‘মই এটি যাযাবৰ…, ‘মানুহে মানুহৰ বাবে…’, ‘দোলা হে দোলা…’, ‘ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…’, ‘এটি কোলি দুটি পাত…’, ‘এটুকুৰা আলসুৱা মেঘ ভাহি যায়…’, ‘আমি একেখন নাৱৰে যাত্ৰী…’, ‘কি যে তোমাৰ সংগ প্ৰিয়া…’, ‘ সহস্ৰ জনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম…’, ‘তুমি নতুন পুৰুষ…’, ‘আকাশী গংগা বিচৰা নাই …’ আদি সেউজ সুৰেৰে বন্ধা, ভূপেনদাৰ কথাৰ স্পৰ্শ থকা বাংলা গীত, ভূপেনদাৰ কণ্ঠত।
কথাটো এনেদৰে কব পাৰি বকলাত “ৰবীন্দ্ৰ সংগীত”, ভিতৰত ভূপেন হাজৰিকাৰ গীত। Description ত ভূপেন হাজৰিকাৰ আৰু শিৱদাস বেনাৰ্জীৰ গীত বুলি উল্লেখ কৰিছে।
বকলাত ৰবীন্দ্ৰ সংগীত কিয়?
–“বিজ্ঞাপন কৌশল”?(যদি “বিজ্ঞাপন কৌশল”– ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি এনে বিজ্ঞাপন কৌশল প্ৰয়োগ কৰিব কিয়?)
–ভুল, ইচ্ছাকৃত ভুল?(ইচ্ছাকৃত ভুলেৰে “ভূপেন্দ্ৰ সংগীত”ক অপ্ৰাংগীক কৰিব খোজা নাইতো!)
–আৰু এক ষড়যন্ত্ৰৰ আৰম্ভনী? (এয়া নহব বুলি কব নোৱাৰি– সময়ত এই গীত বোৰ শিৱদাস বেনাৰ্জীৰ নামত ৰৈ যাব বাংলা সংগীতৰ ক্ষেত্ৰ খনত।)
‘কাৰণ’, ‘কাৰণ বিশ্লেষণ’ অপ্ৰাসংগীক। সত্য কথা– “ভূপেন্দ্ৰ সংগীত”ৰ ক্ষতি হৈছে। আজিৰ তাৰিখতে এই ক্ষতিৰ বিৰূদ্ধে প্ৰতিবাদ নকৰিলে আৰু ক্ষতি নহব বুলি ভবাৰ যুক্তি নাই। ইতিমধ্যে ‘জোনাকৰে ৰাতি অসমীৰে মাটি /জিলিকি জিলিকি পৰে/ মলয়াৰে এছাটি দুহাতে সাবটি…’ৰ সুৰ হেমন্ত কুমাৰৰ হৈ যোৱাৰ দৰে আৰু নহব বুলি ভবাৰ যুক্তি নাই।
‘জোনাকৰে ৰাতি …’ৰ ৰচনা কাল ১৯৫৬।
ডঃ ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা ‘এৰা বাটৰ সুৰ’ত (সংগীত, কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভূপেন হাজৰিকাৰ) ব্যৱহাৰ হৈছে। ‘এৰা বাটৰ সুৰ’ চিত্ৰগৃহলৈ আহিছিল ১৯৫৬ চনত। চিত্ৰগৃহলৈ অহাৰ পিছতে অসমৰ লগতে কলকাতাৰ (কলিকতা) সংবাদ মাধ্যমতো চৰ্চ হৈছিল ‘এৰা বাটৰ সুৰ’, ‘জোনাকৰে ৰাতি…’। ‘জোনাকৰে ৰাতি…’ৰ সুৰেৰেই নিৰ্মাণ কৰা হিন্দী গীত এটা ব্যৱহাৰ কৰিছিল পৰিচালক লেখৰাজ ভকৰীয়ে (Lekhraj Bhakri) ১৯৫৮ চনত চিত্ৰঘৃহলৈ অহা ‘চাহাৰা’ (Sahara) চিনেমা খনত। চিনেমা খনৰ সংগীত হেমন্ত কুমাৰৰ। ‘জোনাকৰে ৰাতি…’ৰ গায়িকা লতা মংগেশকাৰৰ কণ্ঠতে ৰেকৰ্ডিং হৈছিল হিন্দী গীতটো। ‘কিংষ্টাৰ’ নামৰ সাপ্তাহিক কাকত খনে হেমন্ত কুমাৰৰ ‘টপ-টেন’ হিন্দী গীতৰ তালিকাত ‘জোনাকৰে ৰাতি…’ৰ সুৰেৰে নিৰ্মাণ কৰা গীতটোও ৰাখিছে। গতিকে ব্যখ্যাৰ প্ৰয়োজন নাই হেমন্ত কুমাৰৰ ‘সুৰ’ বুলিহে অসমৰ বাহিৰৰ সংগীত ৰসিকে মনত ৰাখিব, চৰ্চা কৰিব ‘জোনাকৰে ৰাতি…’ৰ সুৰ।
কথা প্ৰসংগত অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কৈছিল–‘সেই সময়ত মই মোম্বাইত (মুম্বাই) আছিলো। ভূপেনদাই চিনেমাৰ পাৰ্টি এটালৈ মোকো লৈ গৈছিল। সেই পাৰ্টিতে লতা মংগেশকাৰে ভূপেনদাক অনুৰোধৰ সুৰত কৈছিল–‘মই জোনাকৰে ৰাতি আৰু এবাৰ গাব বিছাৰো, হিন্দীত। আপুনি যদি অনুমতি দিয়ে!’ সেই দিনায়ে গীতৰ সুৰটো ব্যৱহাৰ কৰাৰ অনুমতি দিছিল হেমন্ত কুমাৰক।…’ –ধৰি ললো অনুমতি দিছিল! কিন্তু ‘সুৰকাৰ ভূপেন হাজৰিকা’ৰ সৃষ্টিৰ স্বীকৃতি?
Add comment