Rupaliparda.com
একেখন হিন্দী ধাৰাবাহিকত দুই বান্ধৱী সুৰভী দাস-সুকন্যা বৰুৱা, উৎসাহিত অনুৰাগীঃ 1

একেখন হিন্দী ধাৰাবাহিকত দুই বান্ধৱী সুৰভী দাস-সুকন্যা বৰুৱা, উৎসাহিত অনুৰাগীঃ

অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাই ৰখা প্ৰায় প্ৰত্যেকগৰাকী অসম সন্তানৰ প্ৰকল্প সমূহ আমাৰ বাবে ভাললগা, কাৰণ ই আমাক প্ৰতিটো সময়ত গৌৰৱান্বিত কৰি তোলে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুগৰাকী অসম কন্যাই উজ্বলাইছে অসমৰেই নাম। কালাৰ্চ টিভি যোগে সম্প্ৰচাৰিত ‘Nima Denzongpa’ নামে ধাৰাবাহিকখনত পূৰ্বে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰি আহিছিল অসমীয়া অভিনেত্ৰী সুৰভী দাসে, বৰ্তমান এই একেখন ধাৰাবাহিকতে দেখিবলৈ পোৱা গৈছে সুকন্যা বৰুৱাক। দুয়োগৰাকী অভিনেত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গতি কৰাৰ কথাই প্ৰত্যেককে উৎসাহিত কৰাৰ সমান্তৰালকৈ একেখন ধাৰাবাহিকতে উক্ত দুয়োগৰাকী অভিনেত্ৰীক উপভোগ কৰাৰ সুবিধা লাভ কৰি আনন্দিত তেওঁলোকৰ অনুৰাগী। সুৰভী দাসৰ কন্যাৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে সুকন্যাক। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত ইটোৰ পিছত সিটো প্ৰকল্পৰ সৈতে জনসাধাৰণৰ কাষ চপা উক্ত দুয়োগৰাকী অভিনেত্ৰীৰ অনুৰাগীৰ শাৰী দীঘলীয়া হোৱাৰ লগতে কোনগৰাকী কিমান বেছি অনুৰাগী সেয়া হয়টো হিচাপ লগোৱাটো অসুবিধা। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত সংযোজিত গীত তথা চুটি ছবিসমূহৰ অধিকাংশতেই সুৰভী দাস তথা সুকন্যা বৰুৱাক দেখিবলৈ পোৱা গৈছিল।


মায়ানগৰীলৈ এসোপা মান সপোন বুকুত কঢ়িয়াই লৈ ঢাপলি মেলা এই দুয়োগৰাকী অভিনেত্ৰীলৈ জনাইছোঁ ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা। তেওঁলোকৰ ধাৰাবাহিকখনে আৰু অধিক সফলতাত চুমুক দিয়ক, তাৰেই আশা কৰিছোঁ। আশা তথা ইচ্ছাবোৰ সফলকাম হওঁক তেখেতসকলৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform