আব্দুল মজিদ । প্ৰথম দৃষ্টিত অসমীয়া চিনেমাৰ — খলনায়ক । আমি যি সময়ত চিনেমা চাবলৈ আৰম্ভ কৰিছিলো , সেই সময়ত অভিনেতা গৰাকীক দেখিছিলো ‘ বেয়া মানুহ’ৰ চৰিত্ৰত । সংলাপ কোৱাৰ বিশেষ কৌশল , চেহেৰা – দেহৰ আচৰণৰে ( অভিনয় ) খলনায়কৰ বিশেষ ইমেজ নিৰ্মাণ কৰি লৈছিল । নিৰ্মাণ কৰি লোৱা বুলি কোৱাৰ কাৰণ — একে ইমেজতে ভিন্ন পৰিচালকৰ চিনেমাত , ভিন্ন চৰিতত্ৰত দেখা গৈছিল । এনেদৰেও কব পাৰি — কোনো পৰিচালকে নিৰ্মাণ কৰা এই বিশেষ ইমেজত একাংশ পৰিচালকে আব্দুল মজিদক পচন্দ কৰিছিল । আৰু যেতিয়া ‘ অসমীয়া চিনেমা ‘ জানিবলৈ চেষ্টা কৰিছিলো , তেতিয়া অনুভৱ কৰিছিলো আব্দুল মজিদ চিনেমাৰ নায়ক বা খলনায়ক নাছিল । ( ১৯৮৩ -৮৪ সময় চোৱাত আব্দুল মজিদৰ সৈতে প্ৰথমবাৰ মুখা – মুখী হৈছিলো। সোণাপুৰত । ‘ আজিৰ মানুহ ‘ নামৰ টিভি ধাৰাবাহিক এখনৰ লোকেশ্বনত । ধাৰাবাহিক খনৰ পৰিচালক অধৰ দাসৰ আমন্ত্ৰন জনোৱাত গৈছিলো।কথা প্ৰসংগত যেতিয়া ‘ অসমীয়া চিনেমাৰ শ্ৰেষ্ঠ খলনায়ক ‘ বুলি কৈছিলো অভিনেতা গৰাকী অসন্তুষ্ট হৈছিল । কৈছিল — ‘ মই অভিনেতা । পৰিচালকে চৰিত্ৰটো যেনেদৰে বুজায় , তেনেদৰে অভিনয় কৰিবলৈ চেষ্টা কৰো । তুমিনো মোক ক’ত খলনায়ক দেখিলা ! ‘ ) ভাল অভিনেতা আছিল । কেইবাখনো চিনেমাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ দৰে আন কেইবাখনো চিনেমাত দৰ্শকক হহুৱাইছে , সহজ – সৰল মানুহৰ , দাম্ভিক মানুহৰ , অভিজাত ভদ্ৰলোকৰ চৰত্ৰতো অভিনয় কৰিছে । সফল অভিনয় ।’ ধৰিলোৱা মই পুলিচৰ চৰিত্ৰত অভিনয় কৰিছো । যদি মোক সচা পুলিচ যেন লাগিছে — সেয়াই সফল অভিনয় । আৰু আমি যে তুমি কোৱাৰ দৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰো , তেনে চৰিত্ৰৰ সফলতা – বিফলতা নিৰ্ভৰ কৰে দৰ্শকৰ ধাৰণাৰ ওপৰত । আমি যেনেদৰে অভিনয় কৰিছো , তেনে ধাৰণা যদি সৰহ সংখ্যক দৰ্শকে কৰে , তেনেহলে সফল।’ — কথা প্ৰসংগত আব্দুল মজিদে কৈছিল ।
— নাটকৰ মানুহ আব্দুল মজিদে অভিনয় কৰা প্ৰথম খন চিনেমা ‘ ৰঙা পুলিচ ‘ । ‘ৰঙা পুলিচ ‘ৰ শিপা একে নামৰ এখন নাটক । ৰমেশ শৰ্মাৰ নাটক । ‘ ১৯৫৩ চনৰ কথা । সেই সময়ত আমি নাটক কৰো । ইখনৰ পিছত সিখন । যোৰহাটত । সেই সময়তে এটা সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠে । নাম ৰাখো ‘মিলিত শিল্পী সমাজ’। নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰে গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিলো মই । ‘মিলিত শিল্পী সমাজে’ ৰে নাটক ‘ৰঙা পুলিচ’ । নাটক খন চাবলৈ নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা গৈছিল । নাটক শেষ হোৱাৰ পিছত আড্ডা । আমি ক’লো — আমিয়ো চিনেমা কৰিম। চৈয়দ আব্দুল মালিকৰ ‘মাটিৰ চাকি’ৰ কাহিনীৰে চিনেমা কৰিম । নিপ বৰুৱাই ক’লে — আপোনালোকে ‘ ৰঙা পুলিচ’ খনেই চিনেমা কৰক । নিপ বৰুৱাই কোৱাৰ দৰে আমি আগবাঢ়িলো । ১৯৫৭ চনত ‘মিলিত শিল্পী চিনে প্ৰডাক্চনচ্’ নামেৰে কোম্পানী এটা ৰেজিষ্ট্ৰেচন কৰো । আমি ‘মিলিত শিল্পী সমাজে’ সমজুৱা ভাবে কলো টকা সংগ্ৰহ আমি কৰিম । নিৰ্মাণৰ বাবে নিপ বৰুৱাক দায়িত্ব দিব লাগে । অভিনয়ৰ দায়িত্ব মই নিজে লোৱা নাছিলো । নিপ বৰুৱাই কৈছিল — ‘এই চৰিত্ৰটোত তুমি অভিনয় কৰিবা।’ কৰিলো । তেনেদৰেই চিনেমাৰ মাজত সোমালো।’ — আব্দুল মজিদে কৈছিল , সেই প্ৰথম সাক্ষাতত । অভিনেতা গৰাকীয়ে অভিনয় কৰা চিনেমাৰ তালিকাত আছে — সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, পূজা , বোৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন আদি ।
আব্দুল মজিদৰ দ্বিতীয় পৰিচয় — নাট্যকাৰ । আমাৰ ধাৰণাত ‘ পৰিচাল আব্দুল মজিদ’ৰ আঁৰতে থাকিল দ্বিতীয় পৰিচয় । নাটকৰ দক্ষ পৰিচালক গৰিকীয়ে ‘ মৰম তৃষ্ণা’ (১৯৬৮) ৰে চিনেমা পৰিচালনাত হাত দিছিল । চিনেমা খনত ব্যৱহাৰ কৰা , খগেন মহন্তই গোৱা ‘ দিগদাৰী দিগদাৰী মহা দিগদাৰী, গাড়ীত চাকৰি কৰা মহা দিগদাৰী … ‘ গীতটো বেচ জনপ্ৰিয় হৈছিল । চিনেমা খনৰ তিনিটা গীতত পাৰবীন চুলতানাই আৰু এটা গীতত শ্যামল মিত্ৰই কণ্ঠদান কৰাটো আছিল সেই সময়ৰ চৰ্চিত বিষয় । সংগীত পৰিচালনা কৰিছিল বিবেকানন্দ ভট্টাচাৰ্যই। কিন্তু সংগীতৰ দৰে চৰ্চালৈ নাহিল চিনেমা খনৰ কাহিনী , পৰিচালনা শৈলী ইত্যাদি । ‘ মোৰ প্ৰথম পৰিচালনা দৰ্শকে ভাল নাপালে । সেই সময়ত ভূপেনদাই মোক দেখিলেই মাতিছিল — ‘কিহে ফ্লপ মাষ্টাৰ?’ সেয়া আছিল মৰমৰ মাত । দ্বিতীয় চিনেমা খনৰ সংগীতৰ কাম ভূপেনদাই কৰিছিল । … ‘ — আব্দুল মজিদে কৈছিল । ( কেইমাহ মান ‘ আজিৰ অসম ‘ৰ সম্পাদনা বিভাগত কাম কৰিছিলো । কাকত খনত প্ৰকাশ পোৱা ‘ সাত নম্বৰৰ সন্ধানত ‘ কেন্দ্ৰীক খবৰ এটা পৰিচালক গৰাকীয়ে সহজ ভাবে লব পৰা নাছিল । আৰু মোক খং কৰিছিল । খং কৰাৰ পিছ দিনা পুণৰ পৰিচালক গৰাকীয়ে ফোন কৰি মোৰ সৈতে ৩০ মিনিট মান সময় কথা পাতিছিল । সেই দিন কথা প্ৰসংগত এনেদৰে কৈছিল।) দ্বিতীয় পৰিচালনাৰ নাম — ‘ চামেলী মেমচা’ব ‘ ( ১৯৭৫ ) । চিনেমা খন দৰ্শকে ভাল পাইছিল । শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ড° ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল । (২০১৩ চনত গোৱাত অনুষ্ঠিত ৪৪তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ “Focus: North East” শাখাতো চিনেমা খন প্ৰদৰ্শিত হৈছিল।) ‘ ভূপেনদাই চিনেমা খনৰ সফলতাৰ খবৰ শুনাৰ পিছত মোক কৈছিল , বিফলতাৰ পিছত সফলতা আহিবয়ে ! সফলতাৰ আশাৰে বিফলতা সদায় মনত ৰাখিব লাগে । সেই দিনা মই বুজিছিলো — ফ্লপ মাষ্টাৰ বুলি ভূপেনদাই মোক মোৰ বিফলতা মনত পেলাই দিছিল। ‘ — আব্দুল মজিদে কৈছিল।
আব্দুল মজিদে পৰিচালনা কৰা আন ৫ খন চিনেমা — বনহংস ( ১৯৭৭/ নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ) , বনজুই (১৯৭৮ ) , পোনাকণ (১৯৮১ ) , উত্তৰ কাল (১৯৯০) আৰু সাত নম্বৰৰ সন্ধানত (২০১৬ / জেহিৰুল হুছেইনৰ একে নামৰ চুটি গল্পৰ আধাৰত ) ।
সংযোজন : আব্দুল মজিদৰ জন্ম ১৯৩১ চনৰ ১৬ নবেম্বৰত , যোৰহাটৰ পুৰণি বালিবাটত । শিক্ষা যোৰহাট মোক্তাৱ স্কুল , যোৰহাট বেজবৰুৱা হাইস্কুল , যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুল আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত । কৰ্ম স্থান : বিদ্যুৎ পৰিষদ । কায়িক মৃত্যু ২৪ ছেপ্টেম্বৰ , ২০১৭ ত ।
পৰিচালনা কৰা ধাৰাবাহিক আৰু তথ্যচিত্ৰ :
“নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোণ” (২টা খণ্ড), “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম-ৰহিম”, “ৰোমন্থন” ইত্যাদি ।
Add comment